ETV Bharat / state

ভুল চিকিৎসাৰ অভিযোগত উত্তপ্ত নগাঁৱৰ জি ডি নাৰ্চিং হ’ম

author img

By

Published : Dec 16, 2021, 4:11 PM IST

বিতৰ্কত নগাঁৱৰ জি ডি নাৰ্চিং হ’ম(GD Nursing Home & Research Centre) । ভুল চিকিৎসাৰ অভিযোগত ৰোগীৰ মৃত্যুৰ অভিযোগ । প্ৰসূতিৰ মৃত্যুক কেন্দ্ৰ কৰি উত্তপ্ত নগাঁৱৰ জি ডি নাৰ্ছিং হ’ম এণ্ড ৰিচার্জ চেণ্টাৰ।

gd-nursing-home-nagaon-in-controversy-after-a-pregnant-patients-death
ভুল চিকিৎসাৰ অভিযোগত উত্তপ্ত নগাঁৱৰ জি ডি নাৰ্ছিং হোম

নগাঁও, 16 ডিচেম্বৰ : নগাঁৱৰ একাংশ ব্যক্তিগত চিকিৎসালয়ৰ মইমতালিয়ে ৰোগী তথা ৰোগীৰ পৰিয়ালক অতিষ্ঠ কৰাৰ বাতৰি বাৰম্বাৰ প্ৰকাশ হৈ থকাৰ সময়তে পুনৰ এবাৰ বিতৰ্কত সাঙোৰ খাই পৰিছে নগাঁৱৰ জি ডি হাস্পতাল এণ্ড ৰিচার্জ চেণ্টাৰ(Private nursing home of Nagaon in controversy) । অভিযোগ অনুসৰি, নগাঁৱৰ ধিং বিলতীয়া গাঁৱৰ আছমিনা খান নামৰ মহিলাগৰাকীক সন্তান প্ৰসৱৰ বাবে চিকিৎসকৰ পৰামৰ্শ মতে ভৰ্তি কৰা হয় নগাঁৱৰ জি ডি নাৰ্ছিং হ’ম এণ্ড ৰিচার্জ চেণ্টাৰত ।

বুধবাৰে নিশা নাৰ্ছিং হোমখনত ভৰ্তি কৰা মহিলাগৰাকীৰ পুৱাই মৃত্যু হয় । মহিলাগৰাকীৰ মৃত্যুক কেন্দ্ৰ কৰিয়েই উত্তাল হৈ পৰে জি ডি নাৰ্ছিং হ’ম । চিকিৎসকৰ ভুল চিকিৎসাৰ বলি হৈ মহিলাগৰাকীৰ মৃত্যু হোৱাৰ অভিযোগ উত্থাপন কৰি মৃত্যু হোৱা মহিলাগৰাকীৰ পৰিয়ালৰ লোকে সৃষ্টি কৰে উত্তপ্ত পৰিস্থিতিৰ(Woman dies of wrong treatment in Nagaon) ।

চিকিৎসালয়খনৰ পৰিস্থিতি অধিক উত্তপ্ত হৈ পৰাত অৰ্ধসামৰিক বাহিনীৰ দল লগত লৈ উপস্থিত হয় আৰক্ষী ।

পৰৱৰ্তী সময়ত আৰক্ষীৰ উপস্থিতিতহে পৰিস্থিতি নিয়ন্ত্ৰণ হয় । ইপিনে, নিহত মহিলাগৰাকীৰ পৰিয়ালৰ লোকে উত্থাপন কৰা অভিযোগ খণ্ডন কৰে নাৰ্ছিং হ’মখনত কৰ্মৰত অভিযুক্ত চিকিৎসকগৰাকীয়ে । মহিলাগৰাকী কোনো ভুল চিকিৎসাৰ বলি হৈ মৃত্যু হোৱা নাই বুলি সংবাদ মাধ্যমৰ সন্মুখত মন্তব্য কৰে অভিযুক্ত চিকিৎসক মেৰাজুল হাজৰিকাই ।

উল্লেখযোগ্য যে, নগাঁৱৰ এইখন জি ডি নাৰ্ছিং হ’মৰ লগতে আন কেইবাখনো নাৰ্ছিং হ’মৰ বিৰুদ্ধে পূৰ্বে বহুবাৰ উত্থাপন হৈছিল ভুল চিকিৎসা প্ৰদানৰ অভিযোগ । নগাঁৱৰ একাংশ নাৰ্ছিং হ’মৰ বিৰুদ্ধে ৰোগীৰ জীৱনক লৈ হেতালী খেলাৰ অভিযোগ উত্থাপন হৈ অহাৰ পিছত চৰকাৰৰ সংশ্লিষ্ট কৰ্তৃপক্ষই কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উঠিছে ।

লগতে পঢ়ক : Firing at Nagaon: দুৰ্বৃত্তৰ বাহনলৈ লক্ষ্য কৰি আৰক্ষীৰ গুলিচালনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.