ETV Bharat / state

দক্ষিণ গুৱাহাটী-পশ্চিম পানী যোগান প্ৰকল্প; ৩০ মাহৰ কাম ১৫ বছৰেই নহ'ল সম্পূৰ্ণ - CAG report on water supply project

author img

By ETV Bharat Assamese Team

Published : 3 hours ago

CAG report : ব্যৰ্থতাৰ অভিলেখ ! ১৫ বছৰতো সম্পূৰ্ণ নোহোৱা এটা অভিলাষী প্ৰকল্প । খোৱাপানীৰ বাবে বছৰৰ পাছত বছৰ ধৰি আশাত বন্দী লাখ লাখ নাগৰিক । কোটি কোটি টকাৰ অপচয় । কেগৰ প্ৰতিবেদনত উন্মোচিত অনিয়ম । অনুসন্ধান নকৰাকৈয়ে ঠিকাদাৰক আদায় অতিৰিক্ত ধন । সৱিশেষ এই প্ৰতিবেদনত-

CAG report
দক্ষিণ গুৱাহাটী-পশ্চিম পানী যোগান প্ৰকল্প (ETV Bharat Assam)

গুৱাহাটী, ২০ ছেপ্টেম্বৰ : চৰকাৰী প্ৰকল্প এটাৰ কাম লেহেমীয়া হৈ কিমান দিনলৈ চলি থাকিব পাৰে ? এই প্ৰশ্নটো উত্থাপন হোৱাৰ আঁৰত কাৰণ নথকা নহয় । এটা প্ৰকল্প নিৰ্ধাৰিত সময়তকৈ এবছৰ-দুবছৰ নাইবা তিনি-চাৰি বছৰ পলম হ'ব পাৰে । কিন্তু নহয় । আমি ক'ব বিচৰা প্ৰকল্পটোৰ কাম ১৫ বছৰ ধৰি সম্পূৰ্ণ হোৱা নাই । এক কথাত এয়া এক অভিলেখ ।

  • অভিলাষী প্ৰকল্পতেই অভিলেখ

এই অভিলেখ সৃষ্টি হৈছে গুৱাহাটীৰ এটা অভিলাষী প্ৰকল্পত । যিটো প্ৰকল্পৰ প্ৰথম অৱস্থাত নিৰ্ধাৰিত সময় আছিল ৩০ মাহ । প্ৰকল্পটো হৈছে "দক্ষিণ গুৱাহাটী-পশ্চিম পানী যোগান প্ৰকল্প" । এই প্ৰকল্পটোৰ ক্ষেত্রত হোৱা দুৰ্নীতি-অনিয়ম আৰু চৰকাৰী ব্যৰ্থতাৰ স্বৰূপটো উদঙাই দিছে ভাৰতৰ নিয়ন্ত্ৰক আৰু মহাহিচাপ পৰীক্ষকৰ (কেগ) প্ৰতিবেদনে ।

দক্ষিণ গুৱাহাটী-পশ্চিম পানী যোগান প্ৰকল্পটোত পদে পদে সংঘটিত হোৱা অনিয়মৰ তথ্য পোহৰলৈ আহিছে কেগৰ প্ৰতিবেদনত । গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণৰ (জি এম ডি এ) দ্বাৰা ৰূপায়ণ হৈ থকা এই বৃহৎ প্ৰকল্পটো কাৰ্যকৰী হোৱাৰ সময়সীমা বৃদ্ধি কৰি কৰি এইবাৰ ২০২৫ চনলৈ ধাৰ্য কৰা হৈছে ।

  • কি আছিল আঁচনিখনৰ লক্ষ্য, কি কয় কেগে :

জি এম ডি এই সদৰী কৰা অনুসৰি প্ৰকল্পটোৰ পৰা দক্ষিণ-পশ্চিম গুৱাহাটীৰ ৫.৮৩ লাখ লোকে ২৪ ঘণ্টাই পানী লাভ কৰিবলৈ সক্ষম হ'ব । কিন্তু ইয়াৰ বিপৰীতে কেগে কৰা মন্তব্য অনুসৰি যি ধৰণে প্ৰকল্পটো ৰূপায়ণ কৰি থকা হৈছে তাৰ পৰা দক্ষিণ-পশ্চিম গুৱাহাটীৰ লক্ষ্য নিৰ্ধাৰিত লোক তথা সকলো পৰিয়ালক ২৪ ঘণ্টাই পানী যোগান ধৰাটো সম্ভৱ নহ'ব ।

  • কেতিয়াৰ পৰা চলি আছে প্ৰকল্পটোৰ কাম :

২০০৯ চনৰ মাৰ্চত কাম আৰম্ভ কৰা প্ৰকল্পটো প্ৰথমতে ২০১১ চনৰ ছেপ্টেম্বৰত সম্পূৰ্ণ হোৱাৰ কথা আছিল । তাৰ পাছত নতুন সময়সীমা ক্ৰমে ২০১৬, ২০১৭, ২০১৮, ২০১৯ আৰু ২০২০ চন ধাৰ্য কৰা হৈছিল । এইবাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে ২০২৫ চন ।

  • কেগৰ প্ৰতিবেদনত ব্যাপক অনিয়মৰ তথ্য :

বিস্তৃত প্রকল্প প্রতিবেদনৰ পৰা আৰম্ভ কৰি পানী পৰিবাহী নল সংস্থাপনলৈকে সকলোতে প্ৰকল্পটোত অনিয়ম সংঘটিত হৈছে । কেলেংকাৰী সংঘটিত কৰিবলৈ ঠিকাদাৰকো যেন প্রকাৰান্তৰে সেউজ সংকেত দিয়া হৈছে । ঠিকাদাৰৰ প্ৰতি বিভাগৰ বিশেষ দৰদৰ কথা কেগৰ প্ৰতিবেদনত উল্লেখ কৰা হৈছে ।

কেগৰ প্ৰতিবেদন মতে, প্রকল্প নিৰ্মাণৰ কাম আৰম্ভ কৰাৰ পূৰ্বে ভূমি অধিগ্রহণ, আন বিভাগৰ অনুমতি আদায় আদিকে ধৰি আগতীয়াকৈ যিবোৰ কাৰ্য সম্পূৰ্ণ কৰিব লাগে সেইবোৰ নকৰাকৈয়ে কাম আৰম্ভ কৰা হৈছিল ।

ফলস্বৰূপে আৰম্ভণিৰে পৰা প্ৰকল্পটোৰ অগ্ৰগতিত বাধাৰ সৃষ্টি হয় । প্রকল্প ৰূপায়ণৰ চুক্তিৰ সাধাৰণ চৰ্ত হিচাপে ঠিকাদাৰ যদি কাম কৰাত ব্যৰ্থ হয় অথবা অৱহেলা কৰে, তেন্তে জি এম ডি এ কর্তৃপক্ষই কোনো প্ৰশ্নৰ অৱতাৰণা নকৰাকৈ আমানত জমা ধন সম্পূৰ্ণৰূপে জব্দ কৰিব পাৰে ।

  • ঠিকাদাৰৰ প্ৰতি দৰদ কিয় ?

এই প্ৰকল্পটো ৰূপায়ণত ঠিকাদাৰে ১৩ বাৰ সময় বৃদ্ধিৰ অনুমতি বিচাৰিছিল । নিৰ্ধাৰিত তাৰিখৰ ভিতৰত কাম সম্পূৰ্ণ কৰাত ব্যৰ্থ হোৱাৰ বাবে কোনো ধৰণৰ জৰিমনা আৰোপ নকৰাকৈ ঠিকাদাৰক জি এম ডি এই অতিৰিক্ত সময়ৰ অনুমতি প্ৰদান কৰি আহিছে । প্ৰতিবাৰেই ঠিকাদাৰে যি কাৰণ দৰ্শাই সময় বৃদ্ধিৰ অনুমতি বিচাৰে, সিমান বাৰেই কাম সম্পূৰ্ণ নকৰাৰ বাবে কোনো পদক্ষেপ নোলোৱাকৈ ঠিকাদাৰক বাৰে বাৰে সময় বৃদ্ধিৰ অনুমতি দি অহা বুলি কেগৰ প্ৰতিবেদনত উল্লেখ কৰা হৈছে ।

কামৰ লেহেমীয়া গতিৰ কথা উল্লেখ কৰি প্ৰতিবেদনত কোৱা হৈছে যে ২০১৯ চনৰ জানুৱাৰীলৈ ৩৭২.৮০ কিলোমিটাৰ নল বহুৱাব লাগিছিল । তাৰ বিপৰীতে ঠিকাদাৰে সংস্থাপন কৰা নলৰ দৈর্ঘ্য আছিল ৮.৪৭ কিলোমিটাৰ । কামৰ গতি অতি লেহেমীয়া হোৱাৰ এয়া এক স্পষ্ট প্রমাণ ।

প্ৰতিবেদনত উল্লেখ কৰা আন এক তথ্য অনুসৰি মূল জলাশয়, ৱাটাৰ পাম্প হাউছ, জংছন, বুষ্টাৰ পাম্পিং ষ্টেছন আদি স্থাপন সন্দৰ্ভত ৩.৩৩ কোটি টকা ব্যয় কৰা দেখুওৱা হৈছে । কিন্তু এই ব্যয় যথেষ্ট সন্দেহজনক বুলি প্ৰতিবেদনত মন্তব্য কৰা হৈছে ।

  • কাৰ্যকৰীকৰণ পৰীক্ষা নকৰাকৈয়ে পৰিশোধ ৪.০৯ কোটি

অনিয়মৰ আন এক তথ্য অনুসৰি ‘এডপ্টিং ট্রেন্সলেছ টেকন'লজি ডিভাইছ'ৰ জৰিয়তে ঠিকাদাৰী প্ৰতিষ্ঠান মেছাৰ্ছ জি ই চি পি এলে বিভিন্ন জোখৰ ব্যাসৰ মুঠ ১,৫২৪.২৭ মিটাৰ দৈৰ্ঘৰ নল সংস্থাপন কৰিব লাগিছিল যদিও বাস্তৱত ১,১৭৯.৪১ মিটাৰহে কৰিছিল । অনিয়মৰ অন্য এক তথ্য হিচাপে উল্লেখ কৰা হৈছে যে ‘ৰানিং একাউণ্ট বিল' পৰীক্ষা কৰাত দেখা যায় যে কামৰ প্ৰকৃত কাৰ্যকৰীকৰণ পৰীক্ষা নকৰাকৈয়ে ঠিকাদাৰক এবাৰ অতিৰিক্তভাৱে পৰিশোধ কৰা হয় ৪.০৯ কোটি টকা । ইয়াৰে এটা অংশৰ টকা পৰৱৰ্তী সময়ত ঠিকাদাৰৰ পৰা উদ্ধাৰ কৰা হয় যদিও এটা অংশ উদ্ধাৰ নহ'ল ।

কামাখ্যা বিতৰণ মণ্ডলত পানী যোগানৰ বাবে সংস্থাপন কৰিবলগীয়া নলৰ মুঠ দৈৰ্ঘৰ পৰিমাণ হ'ল ৪৬৭.৩২ কিলোমিটাৰ । ইয়াৰ বিপৰীতে কম পৰিমাণতহে নল সংস্থাপন কৰা হয় । আৰম্ভণিৰ পৰা নানান খেলিমেলিৰে চলি থকা প্ৰকল্পটোৰ কাম বিভিন্ন সময়ত একাংশ প্রতিষ্ঠানে এৰি দি আহিছে । ফলত জি এম ডি এ নতুনকৈ নিবিদা আহ্বান কৰিবলগীয়া হয় । ইয়াৰ ফলতো প্ৰকল্পটোৰ ৰূপায়ণ লেহেমীয়া হৈছে ।

ইপিনে,অনিয়মৰ ক্ষেত্ৰত উল্লেখ কৰা আন এক তথ্য অনুসৰি স্থাপন কৰা ২৩,১৭২.২৭ মিটাৰ নলৰ ভিতৰত মাত্ৰ ১৬,৯৪৯.৫৪ মিটাৰৰহে হাইড্ৰ' টেষ্টিং কৰা হৈছে । অথচ কাম সম্পূর্ণ নকৰাকৈ মেছাৰ্ছ জি ই চি পি এলে কাম সম্পূৰ্ণ কৰাৰ ভুৱা তথ্য দাখিল কৰিছিল । অথচ তেনে তথ্য দাখিলৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ কৰা নহ'ল ।

  • উলংঘা হৈছে নিবিদাৰ নিয়ম

নল সংস্থাপনতো আন এক অনুসন্ধান কেগৰ প্ৰতিবেদনত ধৰা পৰিছে । নিবিদা চুক্তি অনুসৰি পানী পৰিবাহী নলবোৰৰ ওপৰত কমেও এক মিটাৰ আৱৰণ থাকিব লাগে । কিন্তু কামাখ্যা বিতৰণ সংমণ্ডল, জালুকবাৰী বিতৰণ সংমণ্ডল আৰু গণেশপাৰা বিতৰণ সংমণ্ডলৰ অধীনৰ নমুনা ভিত্তিত ১০টা স্থানত পৰীক্ষা কৰাত নিবিদাৰ সেই নিয়ম উলংঘা হোৱাটো স্পষ্ট হয় । মাত্র ছয় ছেণ্টিমিটাৰ আৱৰণ ৰাখিয়েই নলসমূহ স্থাপন কৰা হৈছে । ইয়াৰ ফলত নলবোৰ ক্ষতিগ্ৰস্ত হোৱাৰ সম্ভাৱনা অধিক ।

ইপিনে মূল বিতৰণ নলৰ সংযোগসমূহ ত্রুটিপূর্ণ বুলি প্ৰতিবেদনত মন্তব্য কৰা হৈছে । এই সন্দৰ্ভত উল্লেখ কৰা হৈছে ত্রুটিপূৰ্ণ সংযোগ আৰু হাইড্ৰ' টেষ্টিং নকৰাৰ বাবে বাহিৰৰ দূষিত পানী নলত সোমোৱাৰ সম্ভাৱনা আছে । তদুপৰি ত্রুটিপূর্ণ সংযোগৰ ফলতে পানী এৰি দিয়াৰ সময়ত সেই সংযোগবোৰে চাপ সহ্য কৰিব নোৱাৰিবও পাৰে বুলি আশংকা ব্যক্ত কৰা হৈছে ।

কামাখ্যা বিতৰণ সংমণ্ডলৰ অধীনৰ বিভিন্ন স্থানত নিবিদাৰ চুক্তি উলংঘা কৰি ডিআই পাইপৰ সলনি জিআই পাইপো স্থাপন কৰা হৈছিল । ঠিকাদাৰে এই পাইপ তথা নল কৰ পৰা সংগ্ৰহ কৰিছিল সেই বিষয়ে প্রশ্ন কৰা হৈছিল যদিও অৱগত কৰাৰ পৰা বিৰত থাকে । এনেবোৰ নানান বিসংগতি আৰু অনিয়ম ধৰা পৰিছে কেগৰ প্ৰতিবেদনত । তেনেস্থলত কেতিয়া সম্পূৰ্ণ হৈ উঠিব প্ৰকল্পটো আৰু কেতিয়া মহানগৰীৰ বাসিন্দাই লাভ কৰি খোৱাপানী সেয়া এতিয়াও স্পষ্ট নহয় ।

লগতে পঢ়ক:অসাৰ প্ৰতিশ্ৰুতি: দুৰ্নীতিৰ গ্ৰাসত গুৱাহাটী পানী যোগান প্ৰকল্প ! পুঁজি নাই চৰকাৰৰ - Guwahati Water Supply Project

মহানগৰবাসীক স্বাধীনতা দিৱসৰ উপহাৰ গুৱাহাটী পৌৰ নিগমৰ - Guwahati Municipal Corporation

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.