নগাঁও,1 এপ্ৰিল: বিধানসভা নিৰ্বাচনত ভোটদানৰ পৰা বিৰত থাকিল প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ লগতে মহন্তৰ পৰিয়াল । লোকসভা নিৰ্বাচনত "কা" ৰ বিৰোধিতাৰে ভোট বৰ্জন কৰে মহন্ত পৰিয়ালে ।
উল্লেখ্য যে, এইবাৰৰ বিধানসভা নিৰ্বাচনত অগপ দলৰ প্ৰাৰ্থিত্ব লাভৰ পৰা বঞ্চিত হৈছিল প্ৰফুল্ল কুমাৰ মহন্ত । একেৰাহে ৬ বাৰকৈ প্ৰতিনিধিত্ব কৰা বঢ়মপুৰ সমষ্টিৰ পৰা মহন্তক বঞ্চিত কৰি মিত্ৰজোঁটে প্ৰাৰ্থিত্ব প্ৰদান কৰিছিল বিজেপি নেতা জিতু গোস্বামীক ।
তদুপৰি দীৰ্ঘদিন ধৰি অসুস্থ হৈ আছে প্ৰফুল্ল কুমাৰ মহন্ত । এইবাৰ কি কাৰণত ভোটদানৰ পৰা বিৰত আছে সেয়া এই মুহুৰ্তলৈকে জানিব পৰা হোৱা নাই ।
লগতে পঢ়ক: বিপদত হিমন্ত: হিমন্তলৈ নিৰ্বাচন আয়োগৰ জাননী