ETV Bharat / state

ৰাইজৰ নেতা : এইবাৰৰ সমষ্টি বঢ়মপুৰ ! প্ৰতিবেদন- 1

পাঁচ বছৰ দহ বছৰ নহয়,  ত্ৰিশ বছৰে বঢ়মপুৰ সমষ্টিক প্ৰতিনিধিত্ব কৰি আহিছে অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা অগপৰ প্ৰতিষ্ঠাপক সভাপতি প্ৰফুল্ল কুমাৰ মহন্তই  ৷ এই সমষ্টিৰ পৰাই দুবাৰকৈ মুখ্যমন্ত্ৰীও হৈছে প্ৰফুল্ল মহন্ত ৷ কিন্তু ত্ৰিশ বছৰে সমষ্টিটোৰ কিমান উন্নয়ন সাধিলে মহন্তই, উপযুক্ত সা-সুবিধা লাভ কৰিছে নে সমষ্টিবাসীয়ে ৷ এই বিষয়ে সমষ্টিটোৰ ৰাইজৰ পৰা পোৱা গ'ল মিশ্ৰিত মন্তব্য ৷

আমাৰ নেতা : এইবাৰৰ সমষ্টি বঢ়মপুৰ !
author img

By

Published : Sep 16, 2019, 7:17 PM IST

Updated : Sep 17, 2019, 11:56 AM IST

নগাঁও, চেপ্টেম্বৰ 16 : অসম বিধানসভাৰ অন্যতম সমষ্টি হৈছে 87 নং বঢ়মপুৰ সমষ্টি ৷ বিগত 30 বছৰে 6 টাকৈ কাৰ্যকাল প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই এই সমষ্টিটো প্ৰতিনিধিত্ব কৰি আহিছে ৷ বৰ্তমানলৈকে কোনো বিৰোধী নেতাই বঢ়মপুৰত পৰাভূত কৰিব পৰা নাই মহন্তক ৷ কিয় বঢ়মপুৰত বাৰে বাৰে জয়ী হয় মহন্ত, কি আছে মহন্তৰ জনপ্ৰিয়তাৰ আঁৰত, যুৱ প্ৰজন্মৰ পৰা বৃদ্ধলৈ কি কয় মহন্তৰ সমষ্টিবাসীয়ে ! এই সন্দৰ্ভত ই টি ভি ভাৰত অসমৰ এক চৰজমিন প্ৰতিবেদন ৷

ৰাইজৰ নেতা : এইবাৰৰ সমষ্টি বঢ়মপুৰ ! প্ৰতিবেদন- 1

পাঁচ বছৰ দহ বছৰ নহয়, ত্ৰিশ বছৰে বঢ়মপুৰ সমষ্টিক প্ৰতিনিধিত্ব কৰি আহিছে অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা অগপৰ প্ৰতিষ্ঠাপক সভাপতি প্ৰফুল্ল কুমাৰ মহন্তই ৷ এই সমষ্টিৰ পৰাই দুবাৰকৈ মুখ্যমন্ত্ৰীও হৈছে প্ৰফুল্ল মহন্ত ৷ কিন্তু ত্ৰিশ বছৰে সমষ্টিটোৰ কিমান উন্নয়ন সাধিলে মহন্তই, উপযুক্ত সা-সুবিধা লাভ কৰিছে নে সমষ্টিবাসীয়ে ৷ এই বিষয়ে সমষ্টিটোৰ ৰাইজৰ পৰা পোৱা গ'ল মিশ্ৰিত মন্তব্য ৷ বিগত ত্ৰিশ বছৰত সমষ্টিটোৰ বঢ়মপুৰ, ননৈ, কামপুৰ,চাপানালা, পুৰণিগুদাম, পাঠৰী আদি অঞ্চলত বহুকেইটা ভৱন নিৰ্মাণ কৰিছে বিধায়কগৰাকীয়ে ৷ তাৰোপৰি বিভিন্ন অঞ্চলৰ বাট-পথ উন্নয়নৰ বাবেও ব্যৱস্থা গ্ৰহণ কৰিছে প্ৰফুল্ল কুমাৰ মহন্তই ৷ কিন্তু পৰিতাপৰ কথা যে, উপযুক্ত যত্নৰ অভাৱত এতিয়া পৰিত্যক্ত হৈ ৰৈছে একাংশ ভৱন ৷ এইয়া ১৯৪২ চনৰ স্বাধীনতা সংগ্ৰামৰ চাৰিগৰাকী শ্বহীদৰ স্মৃতিত বঢ়মপুৰত প্ৰতিষ্ঠা কৰা শ্বহীদ ভৱন ৷ কিন্তু বৰ্তমান এই ভৱনটিৰ অৱস্থা পুতৌ লগা ৷ অৱহেলাৰ বাবে শ্বহীদ ভৱনটো পৰিণত হৈছে গৰুৰ গোহালিলৈ ৷

আনহাতে অসমৰ অন্যতম পৰ্যটনস্থলী চাপানালাৰ চম্পাৱতী জলপ্ৰপাতলৈ যোৱা পথৰো দুৰৱস্থা ৷ পুৰণিগুদামৰ 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা চম্পাৱতীলৈ এই পথেৰেই অজস্ৰ লোক আহে জলপ্ৰপাতটোলৈ ৷ কিন্তু 10 কিলোমিটাৰ দৈৰ্ঘৰ এই পথচোৱাই বিগত বহু বছৰ ধৰি জলা-কলা খুৱাই আহিছে ৰাইজক ৷ দুই এবাৰ পথটো অস্থায়ীভাৱে মেৰামতি কৰিয়েই গড়কাপ্তানি বিভাগে দায়িত্ব সামৰাৰ পাচত পথটোলৈ পিঠি দিলে মহন্তইও ৷ যাৰ বাবে এতিয়া এনে দৰেই যাতায়ত কৰিব লগীয়া হৈছে স্থানীয় লোকৰ লগতে পৰ্যটক আৰু বনভোজকাৰীসকলে ৷

ত্ৰিশ বছৰে সমষ্টিটো প্ৰতিনিধিত্ব কৰা প্ৰফুল্ল কুমাৰ মহন্তক প্ৰতিহত কৰিব পৰাকৈ শক্তিশালী নেতা বঢ়মপুৰত আজিলৈকে প্ৰক্ষেপ কৰিব পৰা নাই বিৰোধী দলে ৷ এই ক্ষেত্ৰত একাংশ যুৱ প্ৰজন্মই ক্ষোভ ব্যক্ত কৰি কয় যে, আন কোনো জন প্ৰতিনিধি জয়ী হোৱা হ'লে অধিক উন্নতীৰ মুখ দেখিলে হেতেন বঢ়মপুৰবাসীৰ ৷

Intro:Body:

PRAFULLA MAHANTA PKG 1

Conclusion:
Last Updated : Sep 17, 2019, 11:56 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.