নগাওঁ,17 ডিচেম্বৰঃ গাওঁ আৱৰ্ত ভৱনত আয়োজন কৰা সংবাদ মেলত সাংসদ প্ৰদ্যুত বৰদলৈয়ে মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে কেবাটাও বিস্ফোৰক মন্তব্য কৰে মঙলবাৰে ৷ অসমবাসীৰ আন্দোলনক হিমন্ত বিশ্ব শৰ্মাই সাম্প্ৰদায়িক ৰূপ দিয়াৰ চেষ্টা কৰাৰো অভিযোগ প্ৰদ্যুত বৰদলৈৰ। এসময়ত হিমন্ত বিশ্ব শৰ্মাই হাতত পিষ্টল,বোমা লৈ সন্ত্ৰাস সৃষ্টি কৰিছিল । এটা বিশেষ সম্প্ৰদায় আৰু কংগ্ৰেছক টাৰ্গেট কৰি আন্দোলন নিঃশেষ কৰিব বিচাৰিছে হিমন্তই । বৰ্তমান অসমত বহু গুপ্তঘাটক ঘূৰি ফুৰা বুলিও মন্তব্য কৰে সাংসদজনে।
সম্প্ৰতি কংগ্ৰেছৰ তৃণমূল কৰ্মীৰ মাজত আতংকৰ সৃষ্টি কৰিছে বিজেপিয়ে । তেওঁৰ অভিযোগ, আন্দোলনৰ সময়ত চৰকাৰে গুৱাহাটী মহানগৰীৰ ষ্ট্ৰীট লাইট ৰহস্যজনকভাৱে বন্ধ কৰিছিল ৷
আৰু পঢ়ক জামিয়া মিলিয়া বিশ্ববিদ্যালয়ৰ চৌহদত অব্যাহত প্ৰতিবাদ