ETV Bharat / state

সুৰেশ বৰাৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাইছে প্ৰদ্যুত বৰদলৈয়ে - assam politics

বঢ়মপুৰ সমষ্টিত সুৰেশ বৰাৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায় ১০নং লোকসভা সমষ্টিৰ প্ৰাৰ্থী প্ৰদ্যুত বৰদলৈয়ে ৷ ‘কা’ আইনৰ বিৰোধিতা কৰাৰ বাবেই বিজেপিয়ে বস্তাৰ গেলা আলুৰ দৰে প্ৰফুল্ল কুমাৰ মহন্তক দলিয়াই পেলাইছে বুলি মন্তব্য কৰে সাংসদ গৰাকীয়ে ।

সুৰেশ বৰা হৈ নিৰ্বাচনী প্ৰচাৰ চলাই প্ৰাৰ্থী প্ৰদ্যুত বৰদলৈয়ে

author img

By

Published : Mar 22, 2021, 11:48 AM IST

বঢ়মপুৰ, 22মাৰ্চ: যিমানেই নিৰ্বাচনৰ দিন চমু চাপিছে সিমানেই নিৰ্বাচনৰ প্ৰচাৰ তুংগত উঠিছে । এফালে যদি মহাজোঁটৰ নিৰ্বাচনী ইস্তাহাৰৰ পাঁচটা গেৰাণ্টি আনফালে মিত্ৰজোঁটৰ প্ৰতিশ্ৰুতিৰ বন্যা । দেওবাৰে বঢ়মপুৰ সমষ্টিৰ দেৱনাৰীকলি, কামপুৰ, তেতেলীসৰা, নামবৰকে ধৰি কেইবাটাও পঞ্চায়তত কংগ্ৰেছৰ প্ৰাৰ্থী সুৰেশ বৰা হৈ নিৰ্বাচনী প্ৰচাৰ চলায় ১০নং লোকসভা সমষ্টিৰ প্ৰাৰ্থী প্ৰদ্যুত বৰদলৈয়ে ।

সুৰেশ বৰা হৈ নিৰ্বাচনী প্ৰচাৰ চলাই প্ৰাৰ্থী প্ৰদ্যুত বৰদলৈয়ে

নিৰ্ধাৰিত সময়ৰ বিপৰীতে কেইবাঘণ্টা পলমকৈ অনুষ্ঠিত হোৱা সভাখনত বিজেপিক ক্ষুৰধাৰ সমালোচনা কৰি পৰোক্ষভাৱে পলায়নকাৰী, তথা ঋণৰ নামত বেংকৰ ধন আত্মসাৎ কৰা জিতু গোস্বামীক অসম নীৰৱ মোদী আখ্যা দিয়ে সাংসদ গৰাকীয়ে । কংগ্ৰেছৰ নিৰ্বাচনী ইস্তাহাৰৰ উল্লেখিত পাঁচটা গেৰাণ্টিক দোহাৰি দি বঢ়মপুৰ সমষ্টিৰ বিধায়ক তথা প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তকো তীব্ৰ সমালোচনা কৰে প্ৰদ্যুত বৰদলৈয়ে । আনকি নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতা কৰাৰ বাবেই বিজেপিয়ে বস্তাৰ গেলা আলুৰ দৰে প্ৰফুল্ল কুমাৰ মহন্তক দলিয়াই পেলোৱা বুলি মন্তব্য কৰে সাংসদ গৰাকীয়ে ।

এনেদৰেই এতিয়া কথাৰ কটা-কটিৰ মাজেৰে ৰাজনৈতিক নেতা কৰ্মী সকলে চলাইছে নিৰ্বাচনীৰ প্ৰচাৰ ৷ ৰাইজৰ মন জয় কৰিবলৈ যৎপৰোনাস্তি চেষ্টা অব্যাহত ৰাখিছে ৰাজনৈতিক নেতা সকলে ৷

লগতে পঢ়ক: আজি চিলাপথাৰত ভূৱন পেগুৰ হৈ প্ৰচাৰ চলাব অমিত শ্বাহে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.