ETV Bharat / state

স্বাস্থ্যমন্ত্ৰীৰ গৃহ জিলাতে চিকিৎসা খণ্ডৰ তথৈবচ অৱস্থা

author img

By

Published : Jul 15, 2021, 9:53 PM IST

ৰাজ্যত বৰ্তমানেও অনিয়ন্ত্ৰিত অৱস্থাত আছে ক'ভিডৰ ভয়াৱহ সংক্ৰমণ ৷ ক'ভিড পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে ৰাজ্য চৰকাৰ তথা স্বাস্থ্য বিভাগ তৎপৰ হৈ থকাৰ মাজতে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ গৃহ জিলা নগাঁৱৰ একাংশ চৰকাৰী চিকিৎসালয় তথা স্বাস্থ্য কেন্দ্ৰত দেখা পোৱা গৈছে তথৈবচ অৱস্থা ৷

poor-condition-of-medical-facilities-at-health-ministers-home-district
স্বাস্থ্য মন্ত্ৰীৰ গৃহ জিলাতে চিকিৎসা খণ্ডৰ তথৈবচ অৱস্থা

চামগুৰি,15 জুলাই : সমগ্ৰ দেশৰ লগতে অসমতো অব্যাহত আছে ক'ভিডৰ সংহাৰী ৰূপ ৷ ক'ভিড পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে ৰাজ্য চৰকাৰ তথা স্বাস্থ্য বিভাগ তৎপৰ হৈ থকাৰ মাজতে স্বাস্থ্যমন্ত্ৰীৰ গৃহ জিলা নগাঁৱতে একাংশ চৰকাৰী চিকিৎসালয় তথা স্বাস্থ্য কেন্দ্ৰত দেখা পোৱা গৈছে তথৈবচ অৱস্থা ৷ য'ত নাই কোনো স্থায়ী চিকিৎসক, নাই চিকিৎসা প্ৰদানৰ সু-ব্যৱস্থা, নাই স্বাস্থ্যকৰ্মীৰ বাবে সুবিধাজনক আবাসিক গৃহ ৷ যাৰ ফল নিতৌ যাতনা ভোগ কৰিব লগীয়া হৈছে জিলা খনৰ এটি বৃহত্তৰ অঞ্চলৰ নিঃসহায় ৰোগীসকলে ৷

মূলতঃ নগাঁও জিলাৰ বঢ়মপুৰ সমষ্টিৰ অন্তৰ্গত বামুনী সামূহিক স্বাস্থ্য কেন্দ্ৰত বিৰাজ কৰিছে চূড়ান্ত অচলাৱস্থাই ৷ 2001 চনতে প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই মুকলি কৰা 30 খন বিচনাযুক্ত স্বাস্থ্য কেন্দ্ৰটোত বৰ্তমান নাই কোনো ধৰণৰ জৰুৰীকালীন চিকিৎসা সেৱা, নাই এখনো এম্বুলেঞ্চ ৷ আনকি আজিকোপতি ব্যৱহাৰ নহ'ল এক্সৰে’ মেচিন ৷ বিকল হৈ পৰি আছে অত্যাধুনিক চকু পৰীক্ষা যন্ত্ৰ,উন্মুক্ত হৈ পৰি আছে প্ৰসূতি অস্ত্ৰোপ্ৰচাৰ কক্ষ ৷

স্বাস্থ্যমন্ত্ৰীৰ গৃহ জিলাতে চিকিৎসা খণ্ডৰ তথৈবচ অৱস্থা

ইফালে স্বাস্থ্য কেন্দ্ৰটোত চাৰিজনকৈ স্থায়ী চিকিৎসক থকাৰ পিছতো স্থানীয় ৰোগী সকলৰ কথা তিলমানো চিন্তা নকৰি স্বাস্থ্য বিভাগে চিকিৎসক কেইজনক জিলাখনৰ আন আন ঠাইত ক'ভিড ডিউটিত নিয়োজিত কৰাত এতিয়া চৰম অসন্তুষ্টি প্ৰকাশ কৰিছে একাংশ স্থানীয় লোকে ৷ কিয়নো ইয়াৰ বাবে বৃহত্তৰ অঞ্চলটোৰ ৰোগী সকলে এটা সাধাৰণ ৰোগৰ চিকিৎসা কৰিবলৈ এতিয়া প্ৰায় 20 কিলমিটাৰ নিলগৰ নগাঁও অসামৰিক চিকিৎসালয়লৈ যাব লগীয়াত পৰিছে ৷

উল্লেখ্য যে, স্বাস্থ্য কেন্দ্ৰটোত এফালে যদি চিকিৎসক তথা চিকিৎসা সাধনৰ অভাৱ আনফালে আকৌ চিকিৎসক তথা স্বাস্থ্যকৰ্মী সকলৰ বাবে নিৰ্মাণ কৰা আবাসিক গৃহ কেইটাও ব্যৱহাৰৰ অভাৱত এতিয়া হাবি-জংঘলে আবৰি ধৰিছে ৷ উপায়ন্তৰ হৈ ক্ষুদ্ধ স্থানীয় ৰাইজে শীঘ্ৰে স্বাস্থ্য কেন্দ্ৰটোত পৰ্যাপ্ত চিকিৎসা সেৱাৰ ব্যৱস্থা কৰাৰ লগতে আবাসিক গৃহ কেইটাত মানুহ থাকিব পৰাকৈ উপযুক্ত ভাৱে মেৰামতি কৰি স্থায়ী চিকিৎসক নিয়োগ কৰিবৰ বাবে সজোৰে দাবী উত্থাপন কৰিছে ৷ ইফালে সংবাদ মাধ্যমক বিভাগীয় মন্ত্ৰী কেশৱ মহন্তৰ নিজৰেই গৃহ জিলাৰ অন্তৰ্গত স্বাস্থ্য কেন্দ্ৰটোৰ দুৰৱস্থাৰ বিষয়টো দৃষ্টিগোচৰ কৰি অতি সোনকালেই বিহিত ব্যৱস্থা গ্ৰহণৰ জৰিয়তে বৃহত্তৰ বঢ়মপুৰ তথা বামুনী অঞ্চলৰ ৰাইজক সকাহ দিবৰ বাবে আহ্বান জনাই ভুক্তভোগী সকলে ৷

লগতে পঢ়কঃ ৰাজ্যত অনিয়ন্ত্রিত হৈ আছে ক'ভিডৰ সংক্ৰমণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.