ETV Bharat / state

আছুৰ ‘কা’ বিৰোধী জোৰ সমদলত বাধা আৰক্ষীৰ

author img

By

Published : Jan 22, 2021, 7:29 PM IST

নগাঁৱত আছুৰ জোৰ সমদলত আৰক্ষীৰ বাধা । আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত খণ্ডযুদ্ধ । কোনো কাৰণতে ‘কা’ মানি নোলোৱাৰ হুংকাৰ আছুৰ ৷

police try to stop aasu protest
আছুৰ ‘কা’ বিৰোধী জোৰ সমদলত বাধা আৰক্ষীৰ

নগাঁও,22 জানুৱাৰী : নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে সদৌ অসম ছাত্ৰ সন্থাকে ধৰি বিভিন্ন দল-সংগঠনে আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰাৰ সময়তে নগাঁৱত জিলা প্ৰশাসনে জোৰ সমদলত ১৪৪ ধাৰা জাৰি কৰিছে ৷ কিন্তু শুকুৰবাৰে ‘কা’ বিৰোধী কাৰ্যসূচী গ্ৰহণ কৰে নগাঁও জিলা ছাত্ৰ সন্থাই ৷

জিলা ছাত্ৰ সন্থাৰ মুখ্য কাৰ্যালয়ৰ পৰা জোৰ সমদল উলিওৱাৰ সময়তে বাধা প্ৰদান কৰে নগাঁও আৰক্ষীয়ে । অৰ্ধসামৰিক বাহিনীসহ আৰক্ষীৰ এটা বৃহৎ দল উপস্থিত হৈ ছাত্ৰ সন্থাৰ জোৰ সমদলত বাধা প্ৰদান কৰে । ইয়াৰ ফলস্বৰূপে আৰক্ষী আৰু ছাত্ৰ সন্থাৰ কৰ্মীৰ মাজত তীব্ৰ খণ্ডযুদ্ধৰ সৃষ্টি হয় ।

আছুৰ ‘কা’ বিৰোধী জোৰ সমদলত বাধা আৰক্ষীৰ

চৰকাৰৰ বিৰুদ্ধে বিভিন্ন শ্ল’গানেৰে প্ৰতিবাদস্থলী উত্তাল কৰি তোলে আছুৱে ৷ আন্দোলনত বাধা প্ৰদান কৰিলেও কোনো কাৰণতে ‘কা’ মানি লোৱা নহ’ব বুলি হুংকাৰ দিয়ে নগাঁও জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক অমৰজ্যোতি ফুকনে ।

লগতে পঢ়ক : নিৰ্বাচনৰ দিন ওচৰ চপাৰ লগে লগে নামৰূপ সাৰ কাৰখানালৈ মনত পৰিল চৰকাৰৰ !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.