নগাঁও, 19 ফেব্ৰুৱাৰী: এইবাৰ নগাঁও আৰক্ষীৰ অভিযান চলিল এগৰাকী দুৰ্নীতিগ্ৰস্ত বিষয়াৰ বিশাল অট্টালিকাত (Police raid building of corrupt GST inspector) । মৰিগাঁৱত GST ৰ পৰিদৰ্শক শোণিত বৰঠাকুৰক শনিবাৰে মুখ্যমন্ত্ৰীৰ দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাই গ্ৰেপ্তাৰ কৰাৰ পিছত বিয়লি শোণিত বৰঠাকুৰৰ নগাঁৱস্থিত বাসগৃহত চলে আৰক্ষীৰ অভিযান (Arrested GST inspector Sonit Borthakur)৷
GST ৰ পৰিদৰ্শক শোণিত বৰঠাকুৰে নিজকে GST ৰ অধীক্ষক বুলি পৰিচয় দি এখন ব্যক্তিগত চিকিৎসালয়ৰ পৰা উৎকোচ বিচৰাৰ অভিযোগ উত্থাপন হৈছিল । উৎকোচ বিচৰাৰ অভিযোগত শনিবাৰে মুখ্যমন্ত্ৰীৰ দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাই গ্ৰেপ্তাৰ কৰাৰ পিছত শনিবাৰে বিয়লি বিষয়াগৰাকীৰ নগাঁৱৰ বৈদ্যটুপত থকা বাসগৃহত অভিযান চলায় নগাঁও আৰক্ষীৰ এটা দলে । বিষয়াগৰাকীৰ বিশাল অট্টালিকাত অভিযান চলাই বহু আপত্তিজনক নথি পত্ৰ জব্দ কৰিবলৈ সক্ষম হয় নগাঁও আৰক্ষীৰ দলটো ।
দীর্ঘসময় চলোৱা অভিযানত নগাঁও আৰক্ষীৰ দলটোৱে বহু চৰকাৰী ছীল মোহৰো জব্দ কৰিবলৈ সক্ষম হয় । অভিযানকাৰী দলটোৱে কি কি সামগ্ৰী জব্দ কৰিলে এই সন্দৰ্ভত কোনো তথ্য সংবাদ মাধ্যমৰ সন্মুখত অৱগত কৰা নাই ।
ইপিনে মুখ্যমন্ত্ৰীৰ দায়িত্ব লোৱাৰ পিছৰ পৰাই দুৰ্নীতি আৰু অপৰাধমুক্ত ৰাজ্য গঢ়াৰ লক্ষ্যৰে কঠোৰ হৈ আছে ড৹ হিমন্ত বিশ্ব শৰ্মা । দুৰ্নীতিৰ বিৰুদ্ধে একপ্ৰকাৰ জেহাদ ঘোষণা কৰা মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনৰ নিৰ্দেশত দুৰ্নীতিৰ বিৰুদ্ধে চলিয়েই আছে অভিযান । এই অভিযানৰ অংশ হিচাপেই শনিবাৰে মুখ্যমন্ত্ৰীৰ দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাৰ জালত পৰে মৰিগাঁৱৰ দুৰ্নীতিগ্ৰস্ত GST ৰ পৰিদৰ্শক শোণিত বৰঠাকুৰ ।
লগতে পঢ়ক: আৰক্ষীৰ চকুত ধূলি দি চিকিৎসাধীন অৱস্থাৰ পৰাই পলাল গুলীবিদ্ধ সুমন