ৰূপহীহাট, ৮ মাৰ্চ: সমাগত অসম বিধানসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত ৰাজ্যত নিৰ্বাচনী আচৰণ বিধি জাৰি থকাৰ সময়তে নগাঁও জিলাৰ ৰূপহীহাটৰ জুৰীয়াত বৃহৎ পৰিমাণৰ নগদ ধন জব্দ কৰা হৈছে ৷ জুৰীয়াত নিৰ্বাচন আয়োগৰ ফ্লায়িং স্কোৱাড আৰু আৰক্ষীৰ নিশ্ছিদ্ৰ তালাচীত নগদ এক লাখ উনত্ৰিশ হাজাৰ নশ টকা জব্দ কৰা হয় ।
প্ৰাপ্ত তথ্য অনুসৰি, নগাবন্ধা তিনি আলিত গুলজাৰ হুছেইন আৰু আবুল কালাম নামৰ দুজন লোকৰ পৰা জব্দ এই বৃহৎ পৰিমাণৰ নগদ ধনখিনি । লোক দুজনে উক্ত ধনখিনি হোণ্ডা ইয়ন বাহনেৰে জুৰীয়া অভিমুখে আহি থকা অৱস্থাত ফ্লায়িং স্কোৱাড আৰু আৰক্ষী অভিযানৰ মুখামুখি হয় । পাচত আৰক্ষীয়ে তালাচী চলাই নগদ ধনখিনি জব্দ কৰিছে বুলি জানিব পৰা গৈছে । আৰক্ষীয়ে এই সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে ৷ তদন্তৰ শেষতহে ধনখিনি বৈধ নে অবৈধ সেই কথা জানিব পৰা যাব ৷