ETV Bharat / state

নগাঁৱত প্লাষ্টিক বেগ বৰ্জন দিৱসক অমান্য

author img

By

Published : Jul 3, 2020, 10:08 PM IST

আজি প্লাষ্টিক বেগ বৰ্জন দিৱস ৷ কিন্তু নগাঁৱৰ বজাৰত দেখা গৈছে প্লাষ্টিক বেগৰ অবাধ ব্যৱহাৰ ৷ পান্থতৰু সংৰক্ষণী অসম নামৰ সংগঠনৰ সহযোগত নগাঁৱত প্লাষ্টিকৰ বিৰুদ্ধে জনসাধাৰণক সজাগ কৰাৰ চেষ্টা কৰা হৈছে যদিও এই কাৰ্য ফলপ্ৰসূ হোৱা দেখা নগ’ল ৷

নগাঁৱত প্লাষ্টিক বেগ বৰ্জন দিৱসক অমান্য
নগাঁৱত প্লাষ্টিক বেগ বৰ্জন দিৱসক অমান্য

নগাঁও, 3 জুলাই : প্লাষ্টিক বেগ বৰ্জন দিৱসৰ দিনাই নগাঁৱত দেখা গৈছে প্লাষ্টিকৰ অবাধ ব্যৱহাৰ । যেন ধোঁৱাচাঙত উঠিছে প্লাষ্টিক নিষিদ্ধকৰণ আইন । নগাঁৱৰ বজাৰত দেখিবলৈ পোৱা গৈছে প্ৰচুৰ পৰিমাণে প্লাষ্টিকৰ ব্যৱহাৰৰ দৃশ্য ৷

উল্লেখ্য যে, 2007-08 চনত অসমত পোনপ্ৰথমবাৰৰ বাবে প্লাষ্টিক বেগ নিষিদ্ধৰ ঘোষণা কৰা হৈছিল ৷ এখন প্লাষ্টিকমুক্ত অসম গঢ়াৰ সপোন ৰচিছিল সেই সময়ৰ বন তথা পৰিবেশ মন্ত্ৰী ৰকিবুল হুছেইনে । প্লাষ্টিক ব্যৱহাৰ নকৰিবলৈ কঠোৰ নিৰ্দেশনা জাৰি কৰিছিল মন্ত্ৰী ৰকিবুল হুছেইনে ।

নগাঁৱত প্লাষ্টিক বেগ বৰ্জন দিৱসক অমান্য

কিন্তু সেয়া বাস্তৱত সম্ভৱ হোৱা দেখা নগ’ল ৷ ইফালে চৰকাৰ সলনি হোৱাৰ পিছত বিজেপি নেতৃত্বাধীন চৰকাৰেও প্লাষ্টিক মুক্ত দেশ গঢ়াৰ সপোন দেখিছিল ৷ সেই হেতুকে সমগ্ৰ দেশতে নিষিদ্ধৰ ঘোষণা কৰা হ’ল পৰিৱেশ প্ৰদূষিত কৰা একক ব্যৱহার্য প্লাষ্টিক ।

শুকুৰবাৰে পান্থতৰু সংৰক্ষণী অসম নামৰ সংগঠনৰ সহযোগত নগাঁৱত প্লাষ্টিকৰ বিৰুদ্ধে জনসাধাৰণক সজাগ কৰাৰ চেষ্টা কৰা হয় । কিন্তু একাংশ দায়িত্বহীন লোকৰ বাবে সেয়া যেন ফলপ্ৰসূ হোৱা দেখা নগ’ল ।

লগতে পঢ়ক : ৰকিবুল হুছেইনো হ'ব লাগিব নেকি হোম কোৱাৰেণ্টাইন !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.