ETV Bharat / state

ৰেকিবুদ্দিনৰ সৈতে চাইকেল যাত্ৰা, প্ৰথমবাৰলৈ মুখ খুলিলে পীযুষ হাজৰিকাই - ৰেকিবুদ্দিন আহমেদ

এখন ফটোক লৈ এতিয়া ৰাজ্যৰ ৰাজনীতিত ধুমুহা । বিধায়ক ৰেকিবুদ্দিন আৰু মন্ত্ৰী পীযুষ হাজৰিকাৰ চাইকেল যাত্ৰাকলৈ অৱশেষত মুখ খুলিলে পীযুষ হাজৰিকাই ।

pijyush hazarika reaction
ৰেকিবুদ্দিনৰ সৈতে চাইকেল যাত্ৰা
author img

By

Published : Jul 3, 2021, 9:06 PM IST

নগাঁও,৩ জুলাই : শুকুৰবাৰে নিশা ছয়গাঁও সমষ্টিৰ (Chaygaon Constituency) কংগ্ৰেছ বিধায়ক ৰেকিবুদ্দিন আহমেদে (Rekibuddin Ahmed) ছ'চিয়েল মিডিয়াত (Social Media) আপলোড কৰিছিল মন্ত্ৰী পীযুষ হাজৰিকাৰ (Piyush Hazarika) সৈতে তোলা এখন বিশেষ ফটো । পূৰ্বৰ সতীৰ্থ যদিও বৰ্তমানৰ শাসক বিৰোধীৰ দুই বিধায়কে একেলগে চাইকেল চলাই যোৱা ফটোখন ছ'চিয়েল মিডিয়াত আপলোড হোৱাৰ লগে লগে বিভিন্ন মহলত চৰ্চা আৰম্ভ হৈছে । ছ'চিয়েল মিডিয়াৰ লগতে ৰাজ্যৰ ৰাজনৈতিক মহলতো চৰ্চা লাভ কৰা ফটোখনক লৈ ই টিভি ভাৰতৰ ডিজিটেল পেজত বাতৰি প্ৰকাশ হোৱাৰ পিছতেই বিষয়টোক লৈ মুখ খুলিছে ৰেকিবুদ্দিনৰ একালৰ ঘনিষ্ঠ তথা মন্ত্ৰী পীযুষ হাজৰিকাই (Pijush Hazarika)।

শনিবাৰে নগাঁৱত উপস্থিত হৈ নগাঁও জিলাৰ অভিভাৱক মন্ত্ৰী (Guardian minister) তথা জলসম্পদ, জনসংযোগ আদি কেইবাটাও বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকাই ৰেকিবুদ্দিন আহমেদৰ সৈতে চাইকেল চলোৱা ফটো সন্দৰ্ভত মন্তব্য কৰি কয়, 'ৰেকিবুদ্দিনৰ সৈতে চাইকেল চলোৱা কোনো ডাঙৰ কথা নহয় আৰু বিধায়ক আবাস চৌহদত মই প্ৰায়েই চাইকেল চলাও । সুস্বাস্থ্যৰ বাবে চাইকেল চলাও । সুবিধা পালে খোজও কাঢ়ো মাজে সময়ে । বিধায়ক আবাসত সকলো একেলগেই থাকো ।'

কোনোবা কংগ্ৰেছ (Congress) অথবা এ আই ইউ ডি এফৰ (AIUDF) হ'লেই তেওঁৰ ওচৰলৈ নাহিব বুলি একো কথা নাই । সেয়ে ৰেকিবুদ্দিনৰ সৈতে চাইকেল চলোৱা একো ডাঙৰ কথা নহয় বুলি উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে ৰেকিবুদ্দিন আহমেদে তেওঁৰ সৈতে একেলগে চাইকেল চলাইছে বুলি বিজেপিত যোগদান কৰাৰ কোনো কথা নাই ।

কংগ্ৰেছৰ কোন কোন বিধায়কে বিজেপিত যোগদান কৰিব বুলি সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত পীযুষ হাজৰিকাই কয় যে কোন কোন বিধায়কে যোগদান কৰিব এই সন্দৰ্ভত তেওঁ জ্ঞাত নহয় । উল্লেখ্য যে, কিছুদিন পূৰ্বে কংগ্ৰেছ দলৰ লগতে বিধায়ক পদ পৰ্যন্ত এৰি বিজেপিত যোগদান কৰিছিল মৰিয়নী সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুর্মীয়ে (Rupjyoti Kurmi) । কেৱল এয়াই নহয় বিধানসভা নিৰ্বাচনত কংগ্ৰেছে মুখ থেকেচা খোৱাৰ পিছত দলটোৰ বহু নেতাই ইতিমধ্যে দলত্যাগ কৰি যোগদান কৰিছে বিজেপি দলত । ইজনৰ পিছত সিজন নেতাই কংগ্ৰেছ ত্যাগ কৰি বিজেপিত যোগদান অব্যাহত থকাৰ বাবেই ৰেকিবুদ্দিন আৰু পীযুষ হাজৰিকাই একেলগে চাইকেল চলোৱা ফটোক লৈ আৰম্ভ হৈছে চৰ্চা ।

অৱশ্যে পীযুষ হাজৰিকা (Pijush Hazarika)ৰ সৈতে চাইকেল চলোৱা প্ৰসংগত এই পৰ্যন্ত কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই বিধায়ক ৰেকিবুদ্দিন আহমেদে । বিষয়টোক লৈ এতিয়াও কিন্তু অব্যাহত আছে ব্যাপক চৰ্চা । উদ্দেশ্য যিয়েই নহওঁক বহুদিনৰ অন্তত দুই পুৰণি বন্ধুয়ে চ'চিয়েল মিডিয়াত বিশেষ চৰ্চা লাভ কৰিলে ।

লগতে পঢ়ক :অসম চাহ পৰিষদৰ নতুন তত্বাৱধায়ক হিচাপে নিযুক্তি পোনাকণ বৰুৱা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.