ETV Bharat / state

নগাঁৱত চৰকাৰৰ বিৰুদ্ধে সৰৱ গাহৰি পালক - ছোৱাইন ফিভাৰ

নগাঁৱতো ছোৱাইন ফিভাৰত আক্ৰান্ত হৈ বহু গাহৰি মৃত্যু মুখত পৰিছে ৷ হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে গাহৰি পালক সকলৰ মাজত ৷ পশু পালন বিভাগটোৱে উপযুক্ত কোনো ধৰণৰ ব্যৱস্থা নোলোৱাৰ অভিযোগ তুলিছে নগাঁও জিলাৰ গাহৰি পালক সকলে ৷

ETV BHARAT
নগাঁৱত চৰকাৰৰ বিৰুদ্ধে সৰৱ গাহৰি পালক
author img

By

Published : Apr 27, 2020, 3:56 PM IST

নগাঁও, 27 এপ্ৰিলঃ নগাঁৱত পশু পালন বিভাগৰ বিৰুদ্ধে সৰৱ গাহৰি পালক ৷ গাহৰি ফিভাৰৰ বিৰুদ্ধে চৰকাৰৰ পশু পালন বিভাগে কোনো গুৰুত্ব নোলোৱাৰ অভিযোগ একাংশ গাহৰি পালকে ৷

নগাঁৱত চৰকাৰৰ বিৰুদ্ধে সৰৱ গাহৰি পালক

শেহতীয়াকৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে নগাঁৱতো ছোৱাইন ফিভাৰত আক্ৰান্ত হৈ বহু গাহৰি মৃত্যু মুখত পৰিছে ৷ হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে গাহৰি পালক সকলৰ মাজত ৷ কিন্তু চৰকাৰৰ পশু পালন বিভাগটোৱে উপযুক্ত কোনো ধৰণৰ ব্যৱস্থা নোলোৱাৰ অভিযোগ তুলিছে নগাঁও জিলাৰ একাংশ গাহৰি পালকে ৷ তাৰোপৰি,গাহৰিৰ ছোৱাইন ফিভাৰৰ বাবে উপযুক্ত দৰৱ অসমত পোৱা নাযায় বুলি অভিযোগ কৰে স্থানীয় গাহৰি পালকে ৷ তদুপৰি গাহৰি পালকে গাহৰি ফাৰ্ম খুলিবলৈ উন্নত জাতৰ পোৱালীৰ বাবে হাহাকাৰ কৰিব লগীয়া হয় ৷

আনহাতে,অন্যদেশৰ পৰা গাহৰি পোৱালী অৰ্ডাৰ দি আনিব লগীয়া হোৱা বুলি চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ পৰে গাহৰি পালকসকল ৷ পশুপালন বিভাগৰ হেমাহিৰ বাবেই ৰাজ্যত গাহৰিৰ মাজত ছোৱাইন ফিভাৰ বিয়পি পৰাৰ অভিযোগ উত্থাপন হৈছে । এই ৰোগ সংক্ৰমণৰ আশংকা কৰাৰ সময়তেই পশুপালন বিভাগে যি ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল যদিও বিভাগটোৱে কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ নগাঁৱৰ এগৰাকী যুৱ গাহৰি পালকৰ । অতিশীঘ্ৰে বিহিত ব্যৱস্থা লবলৈ চৰকাৰৰ লগতে বিভাগীয় কৰ্তৃপক্ষক আহ্বান জনায় যুৱ গাহৰি পালকজনে ৷

লগতে পঢ়ক- আজি অন্ত পৰিব হাগ্ৰামা মহিলাৰীৰ শাসন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.