বঢ়মপুৰ, 28 জানুৱাৰীঃ নগাঁও জিলাৰ কামপুৰৰ চৰাইহাগীত সোমবাৰে সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ ৷ ঘটনা সন্দৰ্ভত পোৱা তথ্য অনুসৰি, চৰাইহাগী অঞ্চলত সোমবাৰে নিশা এজন লোকৰ ঘৰৰ বেৰ কাটি সোমাবলৈ লোৱাৰ অভিযোগত ৰাইজৰ হাতত প্ৰহৃত হয় এজন যুৱক । ৰাইজে হাতে-লোটে ধৰি উত্তম-মধ্যম দি আৰক্ষীক গতাই দিয়ে কামপুৰ পাৰলিগুৰিৰ প্ৰৱীন মণ্ডল নামৰ যুৱকজনক ৷
লগতে পঢ়কঃ শ্বাৰ্জীল ইমামৰ মন্তব্যক সমৰ্থন কৰা হীৰেণ গোহাঁইক লৈ সৰৱ বিজেপি সংখ্যালঘু মৰ্চাৰ নেতা মমিনুল আৱাল
উক্ত ঘটনা সন্দৰ্ভত, গৃহস্থৰ ভাষ্য অনুসৰি, যুৱকজনে চুৰি কৰাৰ মানসেৰে বেৰ কাটি বাসগৃহটোত প্ৰৱেশৰ চেষ্টা কৰিছিল ৷ আনহাতে ৰাইজৰ সমগ্ৰ অভিযোগক নাকচ কৰি প্ৰৱীন মণ্ডলে কয় যে, উক্ত ঘৰখনৰ মহিলাগৰাকীক পইছা দি সহায় কৰিবলৈহে গৈছিল প্ৰৱীন ৷ ইতিমধ্যে, ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত আৰম্ভ ৷ আৰক্ষীৰ তদন্তৰ পাচত হে সমগ্ৰ তথ্য পোহৰলৈ আহিব।