নগাঁও, 5 এপ্ৰিলঃ কলিয়াবৰ সমষ্টিৰ জনসাধাৰণে দেখা নাই গৌৰৱ গগৈৰ চেহেৰা ৷ পাঁচটা বছৰে সমষ্টিত পদাৰ্পণ নকৰিলে কংগ্ৰেছৰ সাংসদগৰাকীয়ে ৷
2014ৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে কলিয়াবৰ সমষ্টিলৈ বাৰম্বাৰ ধাপলি মেলিছিল গৌৱৰ গগৈয়ে ৷ ভোটাৰক আকৃষ্ট কৰাৰ উদ্দেশ্যে মথাউৰিয়ে-মথাউৰিয়ে চাইকেল চলাই পৰিস্থিতিৰ বুজ লৈছিল কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীয়ে ৷ নাঙল, যুঁৱলী লৈ খেতিতো ধৰিছিল গগৈয়ে ৷ ইয়াৰ পিচতে অৱশেষত কলিয়াবৰ সমষ্টিৰ পৰা বিজয়ী হৈ সাংসদৰূপে দিল্লীৰ দুৱাৰ দেখিছিল গৌৰৱে ৷ কিন্তু সাংসদ হৈয়েই গৌৰৱ গগৈয়ে পাহৰিলে কলিয়াবৰ সমষ্টিবাসীক ৷ বিগত পাঁচটা বছৰে দিল্লীৰ আসন এৰি ঘুণাক্ষৰেও গৌৱৰে ঘূৰি নাচালে সমষ্টিবাসীক ৷
উন্নয়নৰ ভুৱা প্ৰতিশ্ৰুতিৰে সাংসদ নিৰ্বাচিত হোৱাৰ পাচতেই উন্নয়নৰ প্ৰতিশ্ৰুতি পাহৰিলে গৌৰৱ গগৈয়ে ৷ ৰকিবুল হুছেইন সহিতে 2014ত গৌৰৱে চাইকেল চলাই প্ৰচাৰ চলোৱা চামগুৰি অঞ্চলৰ ভুৰবন্ধাৰ সমীপৰ কেইবাখনো গাঁও জাহ গ'ল বানত ৷ কিন্তু পাঁচটা বছৰত কলিয়াবৰত সম্পন্ন নহ'ল বানপ্ৰতিৰোধৰ কোনোধৰণৰ ব্যৱস্থা ৷ সেয়ে এইবাৰ ভুৰবন্ধাবাসীয়ে লৈছে গৌৰৱ গগৈক বিদায় দিয়াৰ পণ ৷ 2019ত কোনোপধ্যেই গৌৰৱক কলিয়াবৰৰ সাংসদ ৰূপে নিবিচাৰে জনসাধাৰণে ৷