ETV Bharat / state

আহাৰৰ পথাৰত সোণগুটি বুটলিলে বটদ্ৰৱাৰ কৃষকে - EtvBharatAssam

আঘোণ নহয় আহাৰৰ পথাৰে আনিছে আশাৰ বতৰা ৷ নগাঁও জিলাৰ পশ্চিমাঞ্চলৰ এইসকল কৃষক এতিয়া ব্যস্ত হৈ পৰিছে সোণগুটি চপোৱাত ৷

আহাৰৰ পথাৰত সোনগুটি বুটটিলে বটদ্ৰৱাৰ কৃষকে
author img

By

Published : Jun 18, 2019, 9:03 PM IST

বটদ্ৰৱা, 18 জুনঃ আহাৰ মাহৰ এখন সোণোৱালী পথাৰ ৷ চালে চকুৰোৱা এই পথাৰত এতিয়া ঠন ধৰি উঠিছে কৃষকৰ বুকুৰ সপোন ৷ কিয়নো এয়া বতৰ হৈছে সোণগুটি চপোৱাৰ ৷

গীতে মাতে হাতত টঙাল আৰু কান্ধত বিৰিয়া লৈ পথাৰত নামিছে এইসকল কৃষক ৷ চাওঁক ইটিভি ভাৰত অসমৰ এই প্ৰতিবেদন..........

আহাৰৰ পথাৰত সোনগুটি বুটটিলে বটদ্ৰৱাৰ কৃষকে

বটদ্ৰৱা, 18 জুনঃ আহাৰ মাহৰ এখন সোণোৱালী পথাৰ ৷ চালে চকুৰোৱা এই পথাৰত এতিয়া ঠন ধৰি উঠিছে কৃষকৰ বুকুৰ সপোন ৷ কিয়নো এয়া বতৰ হৈছে সোণগুটি চপোৱাৰ ৷

গীতে মাতে হাতত টঙাল আৰু কান্ধত বিৰিয়া লৈ পথাৰত নামিছে এইসকল কৃষক ৷ চাওঁক ইটিভি ভাৰত অসমৰ এই প্ৰতিবেদন..........

আহাৰৰ পথাৰত সোনগুটি বুটটিলে বটদ্ৰৱাৰ কৃষকে
Intro:আবতৰীয়া পথাৰত সোণগুটি চপোৱাত ব্যস্ত জীয়ৰী বোৱাৰী।ধান কটাৰ মাজতে ভুজ ভাত খাই আনন্দ স্ফূর্তি কৰিলে দাৱনী সকলে।Body:এতিয়া আহাৰ মাহ । প্ৰতিজন কৃষকৰ বাবে আহাৰ মাহটো হৈছে পৰিছে যেন আশা আৰু হেপাহৰ মাহ ।আঘোণৰ পথাৰ নহয় আহাৰ মাহত লখিমী চপাই নিজ নিজ গৃহলৈ নিবলৈ বৰ্তমান ব্যস্ত হৈ পৰিছে নগাঁৱৰ পশ্চিমাঞ্চলৰ কৃষক সকল। কিয়নো নগাঁৱৰ পশ্চিমাঞ্চলত এতিয়া বড়ো ধানে সোণোৱালী হৈ পৰিছে । এই আশাৰ বতৰা বুকুতলৈ এতিয়া ব্যস্ত এজাক জীয়ৰী, বোৱাৰী সোণগুটি চপোৱাৰ । পকা ধানৰ মাজে মাজে সৰু সৰু আলি। এই সৰু সৰু আলিৰে হাতত ৰূপালী কাচি লৈ জীয়ৰী-বোৱাৰীৰ শাৰী। সকলো ব্যস্ত সপোনৰ সোণগুটি চপোৱাত।ইফালে তাৰ মাজতেই কোনোবাই কোনোবাই আকৌ ৰসাল কথা কৈ হাঁহিৰ মাজেৰে দেহৰ ভাগৰ উৰুৱাইছে। বোকাত কঠীয়া গুজি থৈ যোৱা আপোন পথাৰখনত ৰং-ৰহইচ কৰি সোণগুটি চপোৱা দাৱনী সকলে ধান কটাৰ মাজতে পথাৰৰ আলিত বহি ভুজ ভাত খাই আনন্দত আত্মহাৰা হৈ পৰিছে ।আনহাতে , দাৱনীয়ে দাই যোৱা মুঠিবোৰ ডাঙৰি বান্ধিবলৈ হাতত তঙাল আৰু কান্ধত বিৰিয়া লৈ আহিছে ডেকা আৰু আদহীয়া পুৰুষসকল। তেওঁলোকৰ মুখতো লখিমী চপোৱাৰ আনন্দ বিৰাজমান । মুঠৰ ওপৰত পথাৰখনে যেন প্ৰাণ পাই উঠিছে। হয়, তেনে এক দৃশ্য দেখা গল নগাৱঁৰ পশ্চিমাঞ্চলত । চলিত বৰ্ষত বৰষুণ হোৱাৰ বাবেই বড়ো ধানৰ খেতি যথেষ্ট ভাল হৈছে । বৰ্তমান এই সমূহ ধান কটাত ব্যস্ত কৃষক ৰাইজ । এনেদৰেই সোনালী ধান চপাই সন্তোষ লাভ কৰিছে গঞা ৰাইজে ।__________________________________বটদ্ৰৱাৰ পৰা প্ৰাঞ্জল বৰা ই টি ভি ভাৰত ।Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.