ETV Bharat / state

চৰকাৰী গাওঁবুঢ়া অবিহনে চলিছে ধিঙৰ লহকৰ ঘাট গাঁও

চৰকাৰী গাঁওবুঢ়া অবিহনে চলিছে নগাঁৱৰ ধিং ৰাজহ চক্ৰৰ অন্তৰ্গত বৃহত্তৰ লহকৰ ঘাট গাঁও ৷ ব্যাপক সমস্যাৰ সন্মুখীন হ’বলগাত পৰিছে ৰাইজ ৷ পুনৰ চৰকাৰী গাঁওবুঢ়াৰ নিযুক্তিৰ বাবে উপায়ুক্তক অনুৰোধ গাঁৱবাসীৰ ৷

চৰকাৰী গাওঁবুঢ়া নোহোৱাত সমস্যাত গঞা ৰাইজ

author img

By

Published : Jun 19, 2021, 3:45 PM IST

চামগুৰি, 19 জুন : চৰকাৰী গাওঁবুঢ়া অবিহনে চলিছে এটা অঞ্চল । ব্যাপক সমস্যাৰ সন্মুখীন গাঁৱবাসী । নগাঁৱৰ ধিং ৰাজহ চক্ৰৰ অধীনষ্ঠ বৃহত্তৰ লহকৰ ঘাট গাঁৱত দীৰ্ঘদিন ধৰি চৰকাৰী গাঁওবুঢ়া নথকাত ব্যাপক সমস্যাৰ সন্মুখীন হ’বলগাত পৰিছে গাঁৱবাসী । চৰকাৰী গাঁওবুঢ়াৰ প্ৰমাণ পত্ৰ কিম্বা এটা চহীৰ বাবে হাবাথুৰি খাবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে অঞ্চলটোত ।

কিয়নো বিগত সময়চোৱাত গাঁৱখনত ডিম্বেশ্বৰ শইকীয়া নামৰ এজন চৰকাৰী গাঁওবুঢ়া আছিল ৷ এবছৰমান পূৰ্বে লহকৰ গাঁৱত সংঘটিত হৈছিল এক অপ্ৰীতিকৰ ঘটনা । উক্ত ঘটনাৰ কোনো ধৰণৰ তথ্য নোহোৱাকৈ একাংশ লোকে চৰকাৰী গাঁওবুঢ়া ডিম্বেশ্বৰ শইকীয়াৰ বিৰুদ্ধে আনিছিল অভিযোগ ।

চৰকাৰী গাওঁবুঢ়া নোহোৱাত সমস্যাত গঞা ৰাইজ

এই অভিযোগৰ ভিত্তিত ধিং ৰাজহ চক্ৰৰ চক্ৰ বিষয়াই ডিম্বেশ্বৰক গাঁওবুঢ়া পদবীৰ পৰা নিলম্বিত কৰিছিল । তেতিয়াৰ পৰা চৰকাৰী গাঁওবুঢ়া অবিহনে ব্যাপক সমস্যাৰ মাজেৰে চলি আহিছে অঞ্চলবাসী । এই সন্দৰ্ভত ইতিমধ্যে ডিম্বেশ্বৰ শইকীয়া আৰু অঞ্চলটোৰ শতাধিক ৰাইজৰ স্বাক্ষৰ সম্বলিত এক আবেদন দাখিল কৰা হৈছে জিলা উপায়ুক্ত আৰু ধিং চক্ৰ বিষয়াৰ ওচৰত । ধিং সমষ্টিৰ বিধায়ক আমিনুল ইছলাম আৰু লহকৰ ঘাট গাঁও পঞ্চায়তৰ সভাপতিসহ অঞ্চলবাসীয়ে গাওঁবুঢ়াগৰাকীৰ নিলম্বন প্ৰত্যাহাৰ কৰি পুনৰ চৰকাৰী গাঁওবুঢ়াৰ পদত নিযুক্তি দি অঞ্চলটোৰ ৰাইজক উপকৃত কৰিবলৈ জিলা উপায়ুক্তক অনুৰোধ জনাইছে ।

লগতে চাওকঃ ৰাজ্যত হ্ৰাস পাইছে ক’ভিড আক্ৰান্তৰ সংখ্যা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.