ৰূপহীহাট, ১১ ফেব্ৰুৱাৰী: চৰকাৰৰ উন্নয়নৰ ফোপোলা স্বৰূপ উদঙাইছে নগাঁৱৰ জুৰীয়াৰ কলনীজলাহত থকা এখন পানী যোগান আঁচনিয়ে । চৰকাৰে ৰাইজৰ সুবিধাৰ্থে পানী আঁচনিৰ ব্যৱস্থা কৰিছিল যদিও বিভাগীয় কৰ্তৃপক্ষৰ অৱহেলাত এতিয়া জৰাজীৰ্ণ ৰূপ লৈছে ।
স্থানীয় ৰাইজে অভিযোগ উত্থাপন কৰা মতে, ৰূপহীহাট সমষ্টিৰ জুৰীয়া গাঁও পঞ্চায়তৰ কলনীজলাহত থকা পানী যোগান আঁচনিখন প্ৰায় সাত বছৰ ধৰি বিকল হৈ আছে । ফলত এটুপি বিশুদ্ধ খোৱাপানীৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে অঞ্চলবাসীয়ে । বিশেষকৈ দৰিদ্ৰ পৰিয়ালৰ লোকসকলে লেতেৰা পানী সেৱন কৰি নানা ধৰণৰ ৰোগত আক্ৰান্ত হ'বলগীয়া হৈছে ।
জুৰীয়া কলনীজলাহত থকা পানী যোগান আঁচনিখনত কৰ্মৰত কৰ্মচাৰীজনে এই বিষয়ে বিভাগীয় কৰ্তৃপক্ষক অৱগত কৰিছিল যদিও এই ক্ষেত্ৰত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই বিভাগীয় কৰ্তৃপক্ষই । এই দুৰ্দশাৰ কথা চিন্তা কৰি জনসাধাৰণক এটুপি বিশুদ্ধ খোৱাপানী যোগানৰ ব্যৱস্থা কৰি দিবলৈ চৰকাৰে অনুৰোধ জনাইছে স্থানীয় ৰাইজে ।