ETV Bharat / state

কলিয়াবৰত বিধস্ত ৰাজপথ,  ৰাইজৰ হাৰাশাস্তি

author img

By

Published : May 5, 2019, 12:35 PM IST

কলিয়াবৰত ৰাষ্ট্ৰীয় ঘাইপথৰ দুৰৱস্থাত অতিষ্ঠ ৰাইজ ৷ বিধ্বস্ত পথৰেই দৈনিক অহা-যোৱা শ শ যানবাহনৰ ৷ ৰাইজৰ দুৰ্দশাক আওকাণ "চিমপেলক্স" নামৰ নিৰ্মাণকাৰী প্ৰতিষ্ঠানৰ ৷

ৰাষ্ট্ৰীয় ঘাইপথৰ দুৰৱস্থা

নগাঁও, 5 মে' : নগাঁৱৰ কলিয়াবৰত চাৰিলেনযুক্ত পথৰ নিৰ্মাণ কাৰ্য চলি থকাৰ সময়তে নিৰ্মাণ কাৰ্যত হোৱা গাফিলতিয়ে চকু কঁপালত তুলিছে ৰাইজৰ ৷ চিমপেলক্স নামৰ ঠিকাদাৰ প্ৰতিষ্ঠানটোৰ দ্বাৰা নিৰ্মিয়মান অৱস্থাত থকা কলিয়াবৰ তিনিআলিৰ হাতীগাঁৱৰ পৰা চামগুৰিৰ গটঙালৈকে থকা অতি ব্যস্ত পথচোৱাৰ দুৰৱস্থাৰ বাবে হাৰাশাস্তি ভুগিছে ৰাইজে ৷ 37নং ৰাষ্ট্ৰীয় ঘাইপথটোৰ দুয়োকাষে চাৰিলেনযুক্ত পথৰ সমান্তৰালকৈ উপপথ নিৰ্মাণৰ কাম একেলগে হাতত লোৱাত এতিয়া যাতায়তৰ ক্ষেত্ৰত যথেষ্ট অসুবিধাৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে । সৰ্বসাধাৰণ ৰাইজৰ অভিযোগ, সাতত্ৰিশ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ যিকোনো একাষে যদি নিয়াৰিকৈ কাম সম্পূৰ্ণ কৰিলেহেঁতেন তেতিয়া স্থানীয় ৰাইজৰ কোনো ধৰণৰ অসুবিধা নহলেহেঁতেন । কিন্তু তাকে নকৰি "চিমপেলক্স" নামৰ নিৰ্মাণকাৰী প্ৰতিষ্ঠানটোৰ একাংশ কৰ্মচাৰীয়ে নিজৰ মইমতালিৰে পথৰ দুয়ো দিশে এক্সেভেটৰৰে মাটি খান্দি পথ নিৰ্মাণ কৰাত যথেষ্ট সমস্যাৰ সৃষ্টি হৈছে পথচাৰীৰ মাজত ।

ৰাষ্ট্ৰীয় ঘাইপথৰ দুৰৱস্থা

আনহাতে পথটোৰ বিপৰীত দিশত এচপৰাও মাটি নেপেলাই সম্পূৰ্ণ 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা বহু দকৈ এটি উপপথ ব্যৱহাৰৰ বাবে ৰাখিছে যদিও পথটোত যিকোনো মূহুৰ্ততে দুৰ্ঘটনা সংঘটিত হোৱাৰ আশংকা ঘনীভূত হৈছে ।ইপিনে ৰাইজৰ দুৰ্দশাক আওকাণ কৰি কেৱল সম্পূৰ্ণ নিজস্ব মইমতালিৰে লেহেমীয়া গতিত পথচোৱা নিৰ্মাণৰ কাম চলাই গৈছে "চিমপেলক্স" নামৰ প্ৰতিষ্ঠানটোৱে ৷

Intro:চাৰি লেনযুক্ত ৰাষ্ট্ৰীয় পথৰ দিবা-নিশাৰ জলচ্ছবি,
উজনি, নামনি আৰু উত্তৰ পাৰ সংযোগী কলিয়াবৰ তিনিআলিত ৰাষ্ট্ৰীয় পথৰ দুৰ্গতি,
কলিয়াবৰত চাৰিলেন যুক্ত পথ নিৰ্মাণত ভয়ংকৰ গাফিলতি "চিমপেলক্স" নামৰ ঠিকাদাৰী প্ৰতিষ্ঠান, নিমাত বিভাগ, চৰকাৰBody:বৰ্তমান নগাঁও জিলাৰ কলিয়াবৰত চাৰিলেন যুক্ত পথৰ নিৰ্মাণ কাৰ্য চলি থকাৰ সময়তে নিৰ্মাণ কাৰ্য‍্যত হোৱা গাফিলতিয়ে ৰাইজৰ চকু কপালত তুলিছে।
চিমপেলক্স নামৰ ঠিকাদাৰ প্ৰতিষ্ঠানটোৱে কলিয়াবৰ তিনিআলিৰ হাতীগাঁৱৰ পৰা চামগুৰিৰ গটঙা লৈকে পথ নিৰ্মাণৰ ঠিকা পোৱাৰ পিছত কলিয়াবৰৰ হাতীগাঁৱৰ পৰা কাম আৰম্ভ কৰি বৰালিগাঁও পাওঁতেই এতিয়া প্ৰতিষ্ঠানটোৰ কামৰ নমুনা ওলাই পৰিছে।
সাতত্ৰিশ নম্বৰ ৰাষ্ট্রীয় ঘাইপথৰ দুয়োকাষে সমান্তৰাল ভাবে দকৈ চাৰিলেন যুক্ত পথৰ লগতে উপপথ নিৰ্মাণৰ কাম হাতত লোৱাত এতিয়া ৰাইজৰ যাতায়তৰ ক্ষেত্ৰত যথেষ্ট অসুবিধাৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে।
সৰ্বসাধাৰণ ৰাইজৰ অভিযোগ যদিহে সাতত্ৰিশ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ যিকোনো একাষে যদি নিয়াৰিকৈ কাম সম্পূৰ্ণ কৰিলেহেঁতেন তেতিয়া স্থানীয় ৰাইজৰ কোনো ধৰণৰ অসুবিধা নহলেহেঁতেন। কিন্তু তাকে নকৰি এতিয়া "চিমপেলক্স" নামৰ নিৰ্মাণ প্ৰতিষ্ঠানটোৰ একাংশ কৰ্মচাৰীয়ে নিজৰ মইমতালিৰে পথৰ দুয়ো দিশে ফৰ্কলেণ্ড, এক্সেভেটৰ আদিৰে খান্দি পথৰ একাষে মাটি পেলাই কাম আৰম্ভ কৰিছে যদিও সেইয়া অতি লেহেমীয়া গতিতহে চলিছে।
আনহাতে তাৰ বিপৰীত দিশত এচপৰাও মাটি নেপেলাই সম্পূৰ্ণ সাতত্ৰিশ নম্বৰ ৰাষ্ট্রীয় ঘাইপথৰ পৰা বহু দকৈ এটি উপপথ হিচাপে ব্যৱহাৰৰ বাবে ৰাখিছে ফলত প্ৰতিটো ক্ষণতে দুৰ্ঘটনাৰ আশংকা ঘনীভূত হৈছে।
কিয়নো এই উপপথটো ৰাষ্ট্ৰীয় ঘাইপথৰ একে লগতে আৰু চালকে যদিহে যান-বাহনসমূহে অতি নিয়ন্ত্ৰণভাবে নচলায় বা কোনো কাৰণত ৰাষ্ট্ৰীয় ঘাইপথটোৰ পৰা অলপ কাষলৈ চপাবলৈ বিচাৰে তেন্তে যান বাহনসমূহ পথৰ দাঁতিত বাগৰি পৰাটো নিশ্চিত।
ইফালে যিটো উপপথ হিচাপে ৰাইজৰ যাতায়তৰ সুবিধা কৰি দিছে বাবে সেই পথটো বিপজ্জনক হৈ পৰিছে। কিয়নো উক্ত পথটোত এতিয়া যথেষ্ট প্রকাণ্ড গাঁতৰ সৃষ্টি হৈছে যাৰ বাবে সাধাৰণ এখন বাইক অথবা চাইকেলো নিব পৰা অৱস্থাত নাই একপ্ৰকাৰ অতি শোচনীয় এটা পথ বুলিও কব পাৰি।
কৈ শেষ কৰিব নোৱাৰা এই উপপথ ছোৱাত ৰঙা আলটিয়া মাটি পেলাই দিয়াত এতিয়া পথাচাৰীৰ লগতে যান-বাহনসমূহৰ যাতায়তত গভীৰ সমস‍্যাৰ সৃষ্টি হৈছে।
এতিয়া গুৰুত্বপূৰ্ণ কথাটো হল যে এই বিপদ সংকুল পথটোৰ কাষৰীয়া লোকসকলৰ ঘৰত কোনো জৰুৰীকালীন সমস‍্যাৰ সৃষ্টি হ'লে এম্বুলেন্স অথবা আন কোনো যান-বাহন সোমাবলগীয়া হয়, বৰ্তমান সময়ত তাৰ কোনো উপায় নাই। কৃত্ৰিম বানত পৰিছে পথৰ কাষৰ বহু গৃহ।
আনহাতে কলিয়াবৰ তিনিআলিত ছাৰ্ভিছ ৰোড্ আৰু নলাৰ ব‍্যৱস্থা নথকাত স্থানীয় ৰাইজে চাৰিলেনযুক্ত পথ নিৰ্মানৰ কাম বন্ধ ৰখাত এই পথছোৱাৰ অৱস্থাও শোচনীয়। কলিয়াবৰ মহকুমাধিপতি কাৰ্য‍্যালয়, ভাৰতীয় ষ্টেত বেংকৰ কলিয়াবৰ শাখালৈ দৈনিক আহিবলগীয়া বিষয়া-কৰ্মচাৰী আৰু সাধাৰণ ৰাইজৰ দুৰ্ভোগ হৈছে। উল্লেখযোগ‍্য যে কলিয়াবৰ তিনিআলি উজনি, নামনি আৰু ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰলৈ যাবলৈ অসমৰ বিভিন্ন প্ৰান্তৰ শ-শ যাত্ৰীৰ সুবিধাজনক স্থান। কিন্তু পথৰ দুৰৱস্থাই সকলোকে বিপদত পেলাইছে।
গতিকে ৰাইজৰ এনেবোৰ কথাক কোনো ভ্ৰুক্ষেপ নকৰি নিজৰ মইমতালিত চাৰিলেন যুক্ত পথ নিৰ্মাণ কৰা এই চিমপেলক্স নামৰ প্ৰতিষ্ঠানটো আৰু NHIDCLৰ উৰ্দ্ধতম বিষয়া অথবা অসম চৰকাৰৰ বিভাগীয় কৰ্তৃপক্ষৰ মুখ‍্যমন্ত্ৰীৰ সকিয়নীৰ পিচত গা লৰিবনে?Conclusion:visuals/bite
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.