ETV Bharat / state

কলিয়াবৰৰ পঞ্চায়তত ব‍্যাপক দুৰ্নীতি - Panchayat Scam at Kaliabor

কলিয়াবৰৰ বৰঘূলী গাঁও পঞ্চায়তৰ অন্তৰ্গত চুলুঙৰ ২ নং ভূৰবন্ধাত ব‍্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ ৷ ২০১৮-১৯ বৰ্ষতে চতুৰ্দশ বিত্তীয় আয়োগৰ আৱন্টিত পুঁজিৰে নিৰ্মাণ কৰিবলগীয়া দলং দুবছৰে সম্পূৰ্ণ নোহোৱাত ক্ষোভিত হৈ পৰে স্থানীয় লোক ৷ পঞ্চায়তৰ সভাপতি আৰু সচিবৰ সৈতে মিতিৰালি কৰি ঠিকাদাৰে নিম্নমানৰ সামগ্ৰী ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন কৰি স্থানীয় ৰাইজে বন্ধ কৰি দিয়ে নিৰ্মাণকাৰ্য ৷

কলিয়াবৰৰ পঞ্চায়তত ব‍্যাপক দুৰ্নীতি
কলিয়াবৰৰ পঞ্চায়তত ব‍্যাপক দুৰ্নীতি
author img

By

Published : Jan 24, 2021, 10:59 AM IST

কলিয়াবৰ, 24 জানুৱাৰী : নগাঁও জিলাৰ কলিয়াবৰত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগত ব্যাপক দুৰ্নীতি ৷ একাংশ পঞ্চায়ত প্ৰতিনিধিৰ বাবে সোণৰ কণী পৰা হাঁহলৈ পৰিণত হৈছে গ্ৰামোন্নয়ন বিভাগ । ২০১৮-১৯ বৰ্ষতে চতুৰ্দশ বিত্তীয় আয়োগৰ দ্বাৰা আৱন্টিত পুঁজিৰে নিৰ্মাণ কৰিবলগীয়া দলং দুবছৰে অসম্পূৰ্ণ হৈ ৰ'ল ৷ বৰঘূলী গাঁও পঞ্চায়তৰ অন্তৰ্গত চুলুঙৰ ২ নং ভূৰবন্ধাত ২০১৮-১৯ বৰ্ষতে চতুৰ্দশ বিত্তীয় আয়োগৰ ১৯ লাখ টকা ব্যয়ৰে নিৰ্মাণ কৰা ফুটব্ৰীজখনৰ খুটাকেইটা নিৰ্মাণ কৰিয়েই কাম সামৰে ৷

কলিয়াবৰৰ পঞ্চায়তত ব‍্যাপক দুৰ্নীতি

শেহতীয়াভাৱে, পুনৰ অসম্পূৰ্ণ হৈ থকা কাম সম্পূৰ্ণ কৰিবলৈ তৎপৰ হৈছে পঞ্চায়তটোৰ প্ৰতিনিধি সকল ৷ যাৰ বাবে ক্ষোভিত হৈ পৰে স্থানীয় লোক সকল ৷ শনিবাৰে অঞ্চলটোৰ ৰাইজে বন্ধ কৰি দিয়ে নিৰ্মাণকাৰ্য ৷ বৰঘূলী পঞ্চায়তৰ সভাপতি শ্বোৰহাবউদ্দিন আৰু সচিবৰ সৈতে মিতিৰালি কৰি ঠিকাদাৰে নিম্নমানৰ সামগ্ৰী ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ৷ পশ্চিম কলিয়াবৰ উন্নয়ন খণ্ডৰ একাংশ বিষয়া তথা পঞ্চায়তৰ সচিবৰে গোপন বুজা-বুজি কৰি বিভিন্ন আঁচনি ৰূপায়ণৰ নামত বৰঘূলীৰ পঞ্চায়ত প্ৰতিনিধিয়ে লুন্ঠনৰাজ চলোৱাৰ অভিযোগ স্থানীয় লোকৰ ।

কলিয়াবৰৰ পঞ্চায়তত ব‍্যাপক দুৰ্নীতি
কলিয়াবৰৰ পঞ্চায়তত ব‍্যাপক দুৰ্নীতি

লগতে পঢ়ক: আমছুৰ নতুন সভাপতিৰ মতে সত্যৰঞ্জন বৰা মুছলমান বিদ্বেষী নহয় !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.