ETV Bharat / state

গুটখা হ'ব পাৰে নেকি গণ সংক্ৰমণৰ কাৰক ? - ক'ভিড-১৯

স্বাস্থ্য মন্ত্ৰণালয়ে এই সন্দৰ্ভত ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদৰ এক গোহাৰিৰ প্ৰসংগও উল্লেখ কৰিছিল। উক্ত গোহাৰিত কোৱা হৈছিল যে ধোঁৱাবিহীন ধঁপাতজাতীয় সামগ্ৰী,পাণ মছলা আৰু চুপাৰি খোৱাৰ ফলত মুখত থুৰ সৃষ্টি হয় ফলত পিকোৱাৰ প্ৰৱণতা বৃদ্ধি পায়। ৰাজহুৱা স্থানত পিকোৱাটোৱে ক’ভিড-১৯ ভাইৰাছৰ সংক্ৰমণ বৃদ্ধিত অৰিহণা যোগায় । সেয়ে ক’ভিড-১৯ মহামাৰীৰ বৰ্ধিত বিপদৰ প্ৰতি লক্ষ্য ৰাখি এই নিৰ্দেশনা জাৰি কৰা হৈছিল যদিও একাংশ ব্যৱসায়ীৰ চাহিদা লাভৰ মানসিকতাই ক্ৰমাৎ বিপদ চলাইছে ৰাজ্যবাসীলৈ ৷

Pan gutkha tobacco spit products are the cause of Covid 19  infection
নগাঁও
author img

By

Published : Jul 17, 2020, 7:18 PM IST

নগাঁও, 17 জুলাইঃ কৰ'ণাৰ ক্ষেত্ৰত অধিক ভয়াৱহ দিশে আগবাঢ়িছে নেকি ৰাজ্য ? কেৱল সামাজিক দুৰত্ব আৰু মাস্ক ব্যৱহাৰেৰে কৰ'ণাক বাধা প্ৰদানৰ চেষ্টা কিমান যুক্তি সম্পন্ন ? দিনে দিনে অধিক গণ সংক্ৰমণৰ কাৰণ কি ? ই টিভি ভাৰতৰ এক প্ৰতিবেদনত পোহৰলৈ আহিছে কৰ'ণা সংক্ৰান্তত কিছু তথ্য ৷

কিছু দায়িত্বশীল হওঁক ....

গুটখা-চূপাৰী সেৱন কৰি য'তে-ততে পিকোৱাৰ ফলত বৰ্তমান এই পৰিণতিত নগাঁও জিলাৰ ভোগেশ্বৰী ফুকননী হাস্পতালৰ চৌহদ ৷ কেৱল হাস্পতাল চৌহদ বুলিয়ে নহয় সমগ্ৰ জিলাখনৰ ৰাষ্ট্ৰীয় ঘাইপথকে সাঙুৰি সমস্ত সৰু-বৰ পথটো আপুনি দেখিবলৈ পাব একেটা দৃশ্য ৷

ক'ভিড-১৯ৰ যুঁজখনত অধিক সচেতনতা প্ৰদানৰ উদ্দেশ্যে সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ বাবে এক নিৰ্দেশনা জাৰি কৰিছিল কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে । ৰাজহুৱা স্থানত পিকোৱা,ধূমপান কৰা ব্যক্তিৰ বিৰুদ্ধে ভাৰতীয় দণ্ড বিধিৰ অধীনত ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশনা জাৰি কৰা হৈছিল ৷ কিন্তু এপ্ৰিল মাহতে জাৰি কৰা এই নিৰ্দেশনালৈ কোনো কাণ-সাৰ নাই একাংশৰ ৷

লগতে পঢ়কঃ শোকাকুল পৰিৱেশৰ মাজেৰে আদ্যশ্ৰাদ্ধ সম্পন্ন ঋষভ দত্তৰ

স্বাস্থ্য মন্ত্ৰণালয়ে এই সন্দৰ্ভত ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদৰ এক গোহাৰিৰ প্ৰসংগও উল্লেখ কৰিছিল । উক্ত গোহাৰিত কোৱা হৈছিল যে ধোঁৱাবিহীন ধঁপাতজাতীয় সামগ্ৰী,পাণ মছলা আৰু চুপাৰি খোৱাৰ ফলত মুখত থূৰ সৃষ্টি হয় ফলত পিকোৱাৰ প্ৰৱণতা বৃদ্ধি পায়। ৰাজহুৱা স্থানত পিকোৱাটোৱে ক'ভিড-১৯ ভাইৰাছৰ সংক্ৰমণ বৃদ্ধিত অৰিহণা যোগায় । সেয়ে ক'ভিড-১৯ মহামাৰীৰ বৰ্ধিত বিপদৰ প্ৰতি লক্ষ্য ৰাখি এই নিৰ্দেশনা জাৰি কৰা হৈছিল যদিও একাংশ ব্যৱসায়ীৰ চাহিদা লাভৰ মানসিকতাই ক্ৰমাৎ বিপদ চলাইছে ৰাজ্যবাসীলৈ ৷

উক্ত বিষয়টোক লৈ প্ৰয়োজনীয় প্ৰতিৰোধমূলক ব্যৱস্থা গ্ৰহণৰ বাবে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ মুখ্য সচিব সকললৈ পত্ৰ প্ৰেৰণ কৰিছে মন্ত্ৰণালয়ে ৷ ইয়াৰোপৰি, উল্লেখ্য যে,এই ক্ষেত্ৰত ভাৰতীয় দণ্ড বিধিৰ লগতে বিভিন্ন আইনৰ অধীনত ব্যৱস্থা লোৱাৰ ক্ষমতা আছে বাবে ৰাজ্য চৰকাৰসমূহৰ। কিন্তু অসম ৰাজ্যত কেন্দ্ৰৰ সকলো নিৰ্দেশনা ধোৱা চাঙত তুলিছে জিলা প্ৰশাসন তথা ৰাইজে ৷

এয়া কেৱল ৰাজ্যখনৰ এখন জিলাৰ তথ্য ৷ কিন্তু বৰ্তমানে ৰাজ্যখনৰ অন্তৰ্গত কেবাখনো জিলাৰ প্ৰায় একে পৰিস্থিতি ৷ দেশখনক এই মহামাৰীৰ প্ৰকোপৰ পৰা ৰক্ষা কৰিবলৈ কেৱল দৰকাৰ আপুনি কিছু দায়িত্বশীল হোৱাৰ ৷ কাৰণ বিগত কেবামাহে প্ৰতিজন দায়িত্বশীল ক'ভিড যুজাঁৰোৱে আপোনাৰ সু-স্বাস্থ্যৰ বাবে জীৱনক তুচ্ছ কৰি সন্মুখৰ পৰা যুঁজি আহিছে ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.