নগাঁও, 28 অক্টোবৰ: নগাঁৱৰ ডিমৰুগুৰিস্থিত লক্ষ্মী চাৰ্ভিচ ষ্টেশ্যন পেট্ৰ'ল পাম্পত উত্তপ্ত পৰিস্থিতি ৷ পেট্ৰ'ল পাম্পটোৰ মদনলাল নামৰ মেনেজাৰ গৰাকীয়ে হীৰক বৰা নামৰ স্থানীয় কৰ্মচাৰীগৰাকীক অকাৰণতে প্ৰহাৰ কৰাক কেন্দ্ৰ কৰি সৃষ্টি উত্তপ্ত পৰিস্থিতিৰ ৷ স্থানীয় ৰাইজ ওলাই আহি পাম্পটোৰ মেনেজাৰ তথা অনা অসমীয়া ব্যৱসায়ী অভিযুক্ত মদনলালক আঁঠু কাঢ়িবলৈ বাধ্য কৰায় ৷
অভিযোগ অনুসৰি পাম্পটোত তেল দিয়া কামত নিয়োজিত হৈ থকাৰ সময়তে, মেনেজাৰ মদনলালে প্ৰহাৰ কৰিছিল হীৰক বৰা নামৰ স্থানীয় কৰ্মচাৰী গৰাকীক ৷ কৰ্মচাৰী গৰাকীক বিনা কাৰণতে প্ৰহাৰ কৰাক লৈ উত্তেজিত হৈ পৰে স্থানীয় একাংশ লোক ৷ পৰৱৰ্তী সময়ত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে ৷
লগতে পঢ়ক: অসম শক্তি বিতৰণ কোম্পানী লিমিটেডৰ প্ৰতিবাদ