ETV Bharat / state

ৰাইজৰ দল আৰু এ জে পিক একত্ৰিত হ'বলৈ আহ্বান শিল্পী মানস ৰবীনৰ

ৰাইজৰ দলৰ প্ৰথমখন ৰাজ্যিক অভিৱৰ্তনত অংশগ্ৰহণ শিল্পী মানস ৰবীনৰ । ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদক একত্ৰিত হ'বলৈ আহ্বান জনালে শিল্পীগৰাকীয়ে । ই টি ভি ভাৰতৰে হোৱা সাক্ষাৎকাৰত 'কা' আন্দোলন, ৰাজনৈতিক দলৰ ভৱিষ্যত সন্দৰ্ভতো মতামত আগবঢ়ালে শিল্পী মানস ৰবীনে ।

author img

By

Published : Jan 8, 2021, 8:20 PM IST

ৰাইজৰ দল আৰু এ জে পিক একত্ৰিত হ'বলৈ আহ্বান শিল্পী মানস ৰবীনৰ
ৰাইজৰ দল আৰু এ জে পিক একত্ৰিত হ'বলৈ আহ্বান শিল্পী মানস ৰবীনৰ

নগাঁও, ৮ জানুৱাৰী: নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনৰ পিছতে জন্ম লাভ কৰা ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদৰ লক্ষ্য একেই বুলি কৈ দুয়োটা দলকে একত্ৰিত হোৱাৰ বাবে আহ্বান জনালে শিল্পী মানস ৰবীনে । ভাগ ভাগ হৈ থাকিলে দুয়োটা দলৰে শক্তি কমি আহিব আৰু সেয়ে ৰাইজৰ স্বাৰ্থত দুয়োটা দলকে একলগে আগবাঢ়ি যাবলৈ পৰামৰ্শ দিলে শিল্পীগৰাকীয়ে । মৰাণত অনুষ্ঠিত হোৱা ৰাইজৰ দলৰ প্ৰথমখন ৰাজ্যিক অভিৱৰ্তনত অংশগ্ৰহণ কৰি মানস ৰবীনে কয় যে, নিজৰ নীতি-আদৰ্শৰে মিলা মানুহৰ লগত তেওঁ থাকে ।

কিন্তু এতিয়া সক্ৰিয় ভাৱে দলীয় ৰাজনীতিত ভৰি থোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰা নাই । 'কা' আন্দোলন সময়ত ৰাজ্যৰ দল সংগঠনৰ সৈতে প্ৰতিবাদত নামিছিল যদিও এতিয়া ৰাজনৈতিক দলত অংশগ্ৰহণ কৰাৰ কোনো পৰিকল্পনা নাই । কেৱল দুয়োটা দললৈ শুভেচ্ছা আছে বুলি মন্তব্য কৰে শিল্পীগৰাকীয়ে । জাতীয় সংগঠনৰ অংশ হিচাপে আঞ্চলিক ৰাজনৈতিক দল গঠন হোৱাৰ পিছত 'কা' আন্দোলন স্থগিত হ'ব নেকি বুলি সোধা প্ৰশ্নত তেওঁ কয় যে, জাতিৰ হৈ সংগঠনে আন্দোলন কৰিলে তেওঁ সদায় লগত থাকিব আৰু ৰাইজেও ৰাজনৈতিক দলৰ কথাত বিশ্বাস কৰি জাতিধ্বংসী আইনক সমৰ্থন জনোৱাৰ পৰা বিৰত থাকিব লাগিব ।

শিল্পী সূৰ্য্য দাসৰ বিজেপিত যোগদান সন্দৰ্ভত তেওঁ কয় যে, বিজেপিত যোগদান কৰাৰ অৰ্থ নাগৰিকত্ব সংশোধনী আইন সমৰ্থন কৰা নুবুজায় । কৃষক নেতা অখিল গগৈক কাৰাৰুদ্ধ কৰি ৰখা কাৰ্যকো ধিক্কাৰ দিয়ে ।

লগতে পঢ়ক:মৰিশালিত পৰিণত ঐতিহাসিক শিলঘাটৰ এটা চৰকাৰী কাৰ্যালয়

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.