নগাঁও, 30 নৱেম্বৰ : নগাঁও জিলাত শোকাৱহ পথ দুৰ্ঘটনা সংঘটিত হৈছে ৷ এক শোকাৱহ পথ দুৰ্ঘটনাই মুহূৰ্ততে থান-বান কৰিলে এটা পৰিয়ালৰ সপোন। বৃহস্পতিবাৰে নগাঁও জিলাত প্ৰদান কৰা হ'ব বাণীকান্ত কাকতি বঁটাৰ স্কুটীসমূহ । কিন্তু এই স্কুটী লাভৰ সপোন পূৰণ নহ’ল নগাঁৱৰ জুৰীয়াৰ এগৰাকী মেধাৱী ছাত্ৰীৰ। ছাত্ৰীগৰাকীৰ নাম মুৰ্শ্বিদা ফেৰদৌছ।
স্কুটী প্ৰদানৰ এটা দিন পূৰ্বে অৰ্থাৎ বুধবাৰে পিতৃৰ সৈতে নগাঁৱলৈ আহিছিল মুৰ্শ্বিদা ৷ স্কুটীৰ ডীলাৰত বুধবাৰে স্কুটীৰ বাবে প্ৰয়োজনীয় সকলো নথি জমা দিবলৈ গৈ থকাৰ সময়তে এক ভয়ংকৰ পথ দুৰ্ঘটনাত পতিত হয় মুৰ্শ্বিদা আৰু পিতৃয়ে যাত্ৰা কৰা বাইকখন । এখন তীব্ৰবেগী ট্ৰেভেলাৰ আৰু এখন টেম্প’ৰ মাজত সংঘৰ্ষৰ ফলতেই দুর্ঘটনাটো সংঘটিত হয়।
নগাঁও চহৰৰ বেবেজীয়াৰ সমীপত ট্ৰেভেলাৰ আৰু টেম্প’ৰ মাজত হোৱা সংঘৰ্ষৰ মাজত দুয়োখন বাহনৰ চেঁপাত পৰি গুৰুতৰভাৱে আহত হয় টেম্প’খনৰ কেইবাগৰাকী যাত্ৰীৰ লগতে বাইকত অহা পিতৃ-কন্যাও। লগে লগে স্থানীয় লোকে গুৰতৰভাৱে আহত হোৱা হিবজুৰ ৰহমান আৰু মুৰ্শ্বিদাক সংকটজনক অৱস্থাত নগাঁৱৰ এখন ব্যক্তিগত নাৰ্ছিং হোমত ভৰ্তি কৰায় ৷ যদিও পৰৱৰ্তী সময়ত চিকিৎসালয়তে শেষ নিশ্বাস ত্যাগ কৰে মুৰ্শ্বিদাই ৷
অৱসৰপ্ৰাপ্ত সেনা বিষয়া মুৰ্শ্বিদাৰ পিতৃ সম্প্ৰতি চিকিৎসালয়ৰ ICU ত মৃত্যুৰ সৈতে যুঁজি থকা বুলি জানিব পৰা গৈছে। অঞ্চলটোৰ অতি মেধাসম্পন্ন ছাত্ৰী মুৰ্শ্বিদাৰ অকাল মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে লগে জুৰীয়া অঞ্চতেই নহয় সমগ্ৰ নগাঁৱতেই গভীৰ শোকৰ ছাঁ পৰিছে ৷ ইপিনে, দুর্ঘটনাটোৰ ফলত আহত টেম্প’খনৰ যাত্ৰীকো বুধবাৰে বিয়লিয়েই চিকিৎসাৰ ব্যৱস্থা কৰা হয়।
লগতে পঢ়ক: ফাঁচী বজাৰৰ পাইকাৰী বজাৰ স্থানান্তৰক লৈ ব্যৱসায়ীৰ বিৰোধিতা