নগাঁও, 20 জুন : নগাঁৱৰ উৰিয়াগাঁও বাইপাছত মাৰণাস্ত্ৰ দেখুৱাই ধন দাবী কৰি আৰক্ষীৰ জালত পৰিল এজন যুৱক। উৰিয়াগাঁও বাইপাছত বাহনৰ পৰা ধন দাবী কৰা দুজনীয়া যুৱকৰ এটা দলে শুকুৰবাৰে নিশা মাছ কঢ়িওৱা এখন বাহনৰ চালকক পিষ্টল দেখুৱাই দাবী কৰিছিল ধন। AS- 01 LC 6348 নম্বৰৰ মহেন্দ্ৰ পিক আপ গাড়ীখন উৰিয়াগাঁও চ'কত আগভেটি ধৰি চালকক ধন দাবী কৰিছিল দুজনীয়া যুৱকৰ দলটোৱে।
সেই সময়তে ইটাচালি আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া পৰমেন্দৰ সিঙৰ নেতৃত্বত আৰক্ষীৰ এটা দলে টহল দি থকাত ঘটনাটোৰ বিষয়ে অৱগত হৈ খেদি খেদি আটক কৰে ধন দাবী কৰা এজন যুৱকক। আটক কৰা উৰিয়াগাঁৱৰে যুৱক সুভম বণিয়া ওৰফে ভীম পৰা আৰক্ষীৰ দলটোৱে জব্দ কৰে পিষ্টলটো। পলায়ন কৰা আন এজন যুৱকৰ সন্ধানতো আৰক্ষীয়ে অব্যাহত ৰাখিছে অভিযান ।
উল্লেখ্য যে, বিভিন্ন সময়ত নগাঁৱৰ বাইপাছত অপৰাধজনিত ঘটনা সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈ আহিছে ৷ নিশা প্ৰায়েই এইদৰে বাহনত ডকাইতি কৰাৰ লগতে নিষিদ্ধ ড্ৰাগছজাতীয় সামগ্ৰীৰো বেহা চলাই আহিছে দুষ্ট চক্ৰই ৷
লগতে পঢ়ক : নগাঁৱত আন্তঃৰাজ্যিক প্ৰৱঞ্চকৰ ভয়ংকৰ জাল