ETV Bharat / state

বটদ্ৰৱাত আৰক্ষীৰ জালত পত্নী হত্যাকাৰী

দেওবাৰে বটদ্ৰৱা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে পত্নী হত্যাৰ সন্দেহত অভিযুক্ত বটদ্ৰৱাৰ হাইডুবি গাঁৱৰ মনতাজ আলী । চলিত বৰ্ষৰ ২১ মাৰ্চত বটদ্ৰৱাৰ হাইডুবিত মনতাজ আলীৰ পত্নীক হত্যাৰ সন্দেহত গোচৰ ৰুজু কৰা হৈছিল ব্যক্তি গৰাকীৰ বিৰুদ্ধে ।

author img

By

Published : May 10, 2020, 10:23 PM IST

বটদ্ৰৱা
বটদ্ৰৱাত গ্ৰেপ্তাৰ পত্নী হত্যাৰ অভিযুক্ত মনতাজ আলী

বটদ্ৰৱা, ১০ মে': বটদ্ৰৱা আৰক্ষীৰ সাফল্য । বিগত এক মাহ বিশ দিন ধৰি পলাতক হৈ থকা বটদ্ৰৱাৰ হাইডুবি গাঁৱৰ মনতাজ আলীক অৱশেষত বটদ্ৰৱা আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয় । উল্লেখ্য যে, চলিত বৰ্ষৰ ২১ মাৰ্চত বটদ্ৰৱাৰ হাইডুবিত সংঘটিত হৈছিল এক হৃদয়বিদাৰক ঘটনা ।

জায়েদা বেগম নামৰ মহিলাই নিজ স্বামী মনতাজ আলীৰ বিৰুদ্ধে মাদক দ্ৰব্য সেৱন কৰি নিতৌ অত্যাচাৰ কৰাৰ লগতে নিষিদ্ধ ড্ৰাগছ সেৱন কৰি মটৰ চাইকেল বিক্ৰী কৰাৰ অভিযোগ তুলি বটদ্ৰৱা থানাত এজাহাৰ দাখিল কৰিছিল । পৰৱৰ্তী সময়ত মহিলা গৰাকীয়ে চীপ লৈ আত্মহত্যাৰ পথ বাচি লয় । আনহাতে, স্থানীয় ৰাইজে এই ঘটনা হত্যাকাণ্ড বুলি সন্দেহ কৰি তদন্তৰ বাবে দাবী জনাই আৰক্ষীক ।

কিন্তু মহিলা গৰাকীৰ মৃত্যুৰ পাচৰে পৰা পলাতক হৈ আছিল অভিযুক্ত মনতাজ আলী । মমতাজ আলীৰ সন্ধানত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছিল যদিও শনিবাৰে নিশা বটদ্ৰৱা আৰক্ষীয়ে এক গোপন খবৰৰ ভিত্তিত হাইডুবি গাঁৱৰ পৰা মনতাজ আলীক আটক কৰিবলৈ সক্ষম হয় । বটদ্ৰৱা আৰক্ষী থানাত মনতাজ আলীৰ বিৰুদ্ধে ৰুজু হৈ থকা ৫৯/২০ নম্বৰৰ গোচৰৰ ভিত্তিত দেওবাৰে জেল হাজোতলৈ প্ৰেৰণ কৰে ব্য়ক্তিগৰাকীক ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.