নগাঁও,14 জুলাই: গুৱাহাটী মহানগৰীস্থিত কেন্দ্ৰীয় কাৰাগাৰৰ পিছত কৰ’ণা ভাইৰাছৰ আতংকই বিৰাজ কৰিছে নগাঁৱৰ কেন্দ্ৰীয় কাৰাগাৰত ৷ এগৰাকী চিকিৎসকৰ দেহত কৰ’ণা ভাইৰাছৰ উপস্থিতি ধৰা পৰাৰ পিছত স্বাভাৱিকতে এক আতংকই বিৰাজ কৰিছে কাৰাগাৰ চৌহদত ৷ 61 বছৰীয়া আক্ৰান্ত চিকিৎসকগৰাকীয়ে দীৰ্ঘদিনৰ পৰা কৰ্মৰত হৈ আছিল কাৰাগাৰটোত ৷
ইতিপূৰ্বে এগৰাকী কাৰাবন্দীৰ দেহত ধৰা পৰিছিল ভাইৰাছবিধৰ উপস্থিতি ৷ উক্ত আক্ৰান্তৰ সংস্পৰ্শলৈ আহিছিল সম্প্ৰতি Covid 19 ত আক্ৰান্ত চিকিৎসকগৰাকী ৷ যাৰ পৰিপ্ৰেক্ষিতত সমগ্ৰ কাৰাগাৰ চৌহদতে সৃষ্টি হৈছে আতংকৰ ৷ লগতে আশংকা প্ৰকাশ কৰা হৈছে গণ সংক্ৰমণৰ ৷
লগতে চাওকঃ বৰঘূলীত বিধ্বংসী ৰূপ ধাৰণ কৰিছে লুইতৰ বানে