নগাঁও, 24 অক্টোবৰ: নগাঁৱত এগৰাকী চিকিৎসকক প্ৰহাৰ কৰাক কেন্দ্ৰ কৰি সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ। ঘটনাসন্দৰ্ভত নগাঁও আৰক্ষীয়ে এজন ব্যক্তিক গ্ৰেপ্তাৰ কৰি প্ৰেৰণ কৰিছে ন্যায়িক জিম্মালৈ (Doctor brutally beaten in Nagaon) ।
ঘটনা সন্দৰ্ভত জানিব পৰা মতে দেওবাৰে নিশা নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত কৰ্তব্যৰত অৱস্থাত থকা এগৰাকী চিকিৎসকৰ কাষ চাপিছিল ৰিহান নামৰ এগৰাকী ব্যক্তি। ব্যক্তিজনৰ সন্তানৰ চিকিৎসাৰ বাবে অহা ৰিহানক কৰ্তব্যৰত চিকিৎসকে ম'হখুলিস্থিত মাতৃ আৰু শিশু চিকিৎসালয়লৈ যোৱাৰ পৰামৰ্শ প্ৰদান দিছিল।
অনানুষ্ঠানিক সূত্ৰটোৱে জনোৱা মতে চিকিৎসকগৰাকীয়ে ম'হখুলিস্থিত চিকিৎসালয়লৈ যোৱাৰ পৰামৰ্শ দিয়াৰ বাবেই চিকিৎসকক প্ৰহাৰ কৰিবলৈ উদ্যত হয় ৰিহান নামৰ ব্যক্তিজনে।
পৰৱৰ্তী সময়ত নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ চিকিৎসকে নগাঁও সদৰ আৰক্ষী থানাত দাখিল কৰা এজাহাৰৰ ভিত্তিত নগাঁও আৰক্ষীয়ে প্ৰথমে আটক কৰে ৰিহান নামৰ অভিযুক্তটোক (One arrested in Doctor brutally beaten case)।
পৰৱৰ্তী সময়ত ৰিহানক সোধা পোছাৰ অন্তত সোমবাৰে চিকিৎসকক প্ৰহাৰ কৰাৰ অভিযোগত ৰিহানক গ্ৰেপ্তাৰ কৰি ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে আৰক্ষীয়ে।
লগতে পঢ়ক: Assam actor Nipon Goswami: বিশিষ্ট অভিনেতা নিপন গোস্বামী অসুস্থ