বঢ়মপুৰ, 11 আগষ্টঃ কামপুৰত চৰকাৰী বিষয়াক ধন দাবী কৰি আটক হ'ল এজন লোক ৷ আৰক্ষীয়ে আটক কৰা লোকজন হৈছে কামপুৰৰ চাংচকীৰ কুশল মেধি ৷ জানিব পৰা মতে দীৰ্ঘদিন ধৰি কামপুৰ আঞ্চলিক বন বিষয়াৰ লগতে বন কৰ্মীক মেধিয়ে ধাৰাবাহিক ভাৱে ধন দাবী কৰি অহাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে ৷ দাবী কৰা ধন নিদিলে মেধিয়ে ভাবুকি প্ৰদান কৰিছিল বনবিষয়া লগতে বন কৰ্মীক ৷
অৱশেষত কুশল মেধীৰ কাণ্ডত অতিষ্ঠ হৈ বন বিষয়া গৰাকীয়ে কামপুৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰে ৷ এই এজাহাৰৰ ভিত্তিতে কামপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে কুশল মেধিক ৷ ঘটনা সন্দৰ্ভত কামপুৰ আৰক্ষী থানাত IPC ৰ 71/20384/386/353 ধাৰাত গোচৰ ৰুজু কৰি আৰম্ভ কৰিছে তদন্ত ৷ আনহাতে কুশল মেধি এটা ৱেব পৰ্টেলৰ সাংবাদিক বুলি জানিব পৰা গৈছে ৷
লগতে পঢ়কঃ বকোৰ ঔফুলাত বন বিভাগৰ জালত অবৈধ কাঠৰ কুণ্ডা সহ টাটা ডি আই