ETV Bharat / state

Mob torched Batadrava police station : মাষ্টাৰ মাইণ্ড আশ্বিকুল ইছলামক আটক - Special Investigation Team

বটদ্ৰৱা আৰক্ষী থানা জ্বলোৱা ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত পুনৰ আন এজনক আটক কৰিছে নগাঁও আৰক্ষীয়ে । তথ্য অনুসৰি, এই পৰ্যন্ত 22 জনকৈ অভিযুক্তক আটক (22 accused involved in Batadraba police station attack) কৰাৰ লগতে ইয়াৰে 9 জনক গ্ৰেপ্তাৰ কৰিছে নগাঁও আৰক্ষীয়ে ৷

Mob torched Batadrava police station
মাষ্টৰ মাইণ্ড আশ্বিকুল ইছলামক আটক
author img

By

Published : May 29, 2022, 4:23 PM IST

বটদ্ৰৱা, 29 মে’ : এতিয়াও মাৰ যোৱা নাই বটদ্ৰৱা কাণ্ডৰ উত্তেজনা (Batadrava police station incident)৷ এজন এজনকৈ নগাঁও আৰক্ষীৰ জালত পৰিছে বটদ্ৰৱা কাণ্ডৰ লগত জড়িত কেইবাটাও অভিযুক্ত ৷ নগাঁৱৰ বটদ্ৰৱা থানা জ্বলাই দিয়া (Batadrava Police Station Fire Case) ঘটনাৰ জড়িত আন এক মাষ্টাৰ মাইণ্ডক দেওবাৰে আটক কৰে নগাঁও আৰক্ষীয়ে ।

বটদ্ৰৱা কাণ্ডৰ এই মাষ্টাৰ মাইণ্ডটো হৈছে আশ্বিকুল ইছলাম ৷ উক্ত ঘটনা সংঘটিত হোৱাৰ দিনা ৰঙা টি-চাৰ্ট পৰিধান কৰা আশ্বিকুল ইছলামেই থানা জ্বলাই দিয়াৰ বাবে একাংশ ৰাইজক উচটনি দিছিল ৷ যি দৃশ্য বন্দী হৈছিল কেমেৰাত (Batadrava violenece updates)। অৱশ্যে এই ঘটনাৰ পিছৰ পৰাই পলাতক হৈ আছিল মূল অভিযুক্ত আশ্বিকুল ইছলাম ।

ধৃত আশ্বিকুল ইছলামৰ ঘৰ নগাঁও জিলাৰ জুৰীয়া আৰক্ষী থানাৰ অন্তৰ্গত সোনাইবেৰা গাঁৱত বুলি জানিব পৰা গৈছে ।

আনহাতে, নগাঁৱৰ বটদ্ৰৱা কাণ্ডৰ (Batadrava police station attack case) তদন্ত কৰিবলৈ গঠন কৰা হৈছে Special Investigation Team অৰ্থাৎ এছ আই টি (SIT formed for investigation of Batadrava incident)। নগাঁও আৰক্ষীৰ নিৰাপত্তা আৰু চোৰাংচোৱা শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক নিৰুপম হাজৰিকাৰ নেতৃত্বত গঠন কৰা হৈছে এই এছ আই টি । বৃহস্পতিবাৰে নগাঁৱৰ আৰক্ষী অধীক্ষক লীনা দলেয়ে এক সংবাদমেলযোগে এই কথা প্ৰকাশ কৰে ৷

উল্লেখ্য যে, এই পৰ্যন্ত বটদ্ৰৱা আৰক্ষী থানা জ্বলাই দিয়া ঘটনাৰ সৈতে জড়িত 9 জনকৈ লোকক গ্ৰেপ্তাৰ কৰা হৈছে (Seven accused arrested for Batadrava violence)।

লগতে পঢ়ক : বটদ্ৰৱা কাণ্ড সন্দৰ্ভত পুনৰ এজনক গ্ৰেপ্তাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.