নগাঁও, 22 আগষ্ট: কেন্দ্ৰীয় চৰকাৰে প্ৰৱৰ্তন কৰা নতুন পেঞ্চন নীতি (New Pension System) বাতিলৰ দাবীত ৰাজ্যজুৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে এই পেঞ্চন নীতিৰ অধীনস্থ কৰ্মচাৰীসকলে । ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে নগাঁৱতো এন পি এছ কৰ্মচাৰী সন্থাই গ্ৰহণ কৰিছে কৰ্মবিৰতি কাৰ্যসূচী (NPS employees union Work break)। চৰকাৰে প্ৰৱৰ্তন কৰা নতুন পেঞ্চন নীতি বাতিল কৰি পুৰণি পেঞ্চন নীতি বাহাল ৰখাৰ দাবীত কৰ্মচাৰী সন্থাই গ্ৰহণ কৰিছে কৰ্মবিৰতি।
নগাঁও জিলা এন পি এছ কৰ্মচাৰী সন্থাৰ উদ্যোগত সোমবাৰে নগাঁও জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সমীপত ৰূপায়ন কৰে প্ৰতিবাদী কাৰ্যসূচী । নতুন পেঞ্চন নীতিয়ে কৰ্মচাৰীসকলৰ ভৱিষ্যত সুৰক্ষিত কৰিব নোৱাৰে বুলি আশংকা কৰিয়েই নতুন পেঞ্চন নীতি বাতিল কৰিবলৈ দাবী উত্থাপন কৰিছে এন পি এছ কৰ্মচাৰীসকলে (NPS employees union demanding cancellation of new pension policy)।
এন পি এছ কৰ্মচাৰী সন্থাৰ দাবী পূৰণ নকৰিলে কৰ্মচাৰীসকল ৰাজপথলৈ ওলাই অহাৰ হুংকাৰ প্ৰদান কৰে । আনকি অনাগত দিনত প্ৰশাসনিক ব্যৱস্থা স্তব্ধ কৰি দিয়াৰো ভাবুকি প্ৰদান কৰে এন পি এছ কৰ্মচাৰী সন্থাই ।
উল্লেখ্য যে, এনপিএছ ব্যৱস্থাটো চৰকাৰী কৰ্মচাৰীসকলৰ বাবে যেন এক অভিশাপ স্বৰূপ । এই ব্যৱস্থাটোৱে কৰ্মচাৰীসকলৰ অৱসৰী জীৱনলৈ চৰম হতাশা নমাই আনিছে । ইতিমধ্যে এনপিএছ ব্যৱস্থাৰ আওতাত যিসকল কৰ্মচাৰীয়ে অৱসৰ গ্ৰহণ কৰিছে সেইসকলে পেঞ্চনৰ নামত মাত্ৰ ৫০০ টকাৰ পৰা ২০০০ টকালৈহে পাই আছে ।
আনকি বহু অৱসৰপ্ৰাপ্ত কৰ্মচাৰীৰ পেঞ্চনৰ পৰিমাণ ইয়াতকৈ কম । গতিকে এই ব্যৱস্থাটো চৰকাৰে অতিশীঘ্ৰে বাতিল কৰিব লাগে আৰু সকলো কৰ্মচাৰীকে পুৰণি পেঞ্চন ব্যৱস্থাৰ আওতালৈ আনিব লাগে বুলি দাবী উত্থাপন কৰে এন পি এছ কৰ্মচাৰী সন্থাই ।
লগতে পঢ়ক: নতুন পেঞ্চন নীতিৰ বিৰুদ্ধে সৰৱ অসম হাইস্কুল অৱসৰপ্ৰাপ্ত শিক্ষক কৰ্মচাৰী সন্থা