চামগুৰি,28 মে’: ৰাজ্যত ভয়াবহ হাৰত বৃদ্ধি পাইছে কাল কৰ’ণাৰ গণ সংক্ৰমণ ৷ ৰাজ্য চৰকাৰ তথা প্ৰশাসনে ক’ভিড-19ৰ গণ সংক্ৰমণ ৰোধ কৰিবলৈ জাৰি কৰিছে বিভিন্ন নীতি-নিৰ্দেশনা ৷ তাৰ মাজতেই নগাঁৱৰ ধিঙত এক ভয়াৱহ ছবি পৰিলক্ষিত হৈছে ৷ শুকুৰবাৰৰ পুৱাৰ ধিঙৰ দৈনিক বজাৰত পৰিলক্ষিত দৃশ্যই চকু কপালাত তুলিছে সাধাৰণ ৰাইজৰ ৷
ধিং পৌৰসভাৰ অন্তৰ্গত ধিঙৰ দৈনিক পাইকাৰী শাক-পাচলিৰ বজাৰত ধোঁৱা চাঙত উঠিল ক’ভিড প্ৰট’কল ৷ ক্ৰেতা-বিক্ৰেতাৰ মাজত নাই কোনো সামাজিক দূৰত্ব, বহুতৰে মুখত নাই মাস্ক । এক ভয়াৱহ দৃশ্য পৰিলক্ষিত হৈছে ধিঙৰ দৈনিক বজাৰত ৷
কেৱল এই বজাৰতেই নহয়, ধিঙৰ পাৰ্শ্চৱৰ্তী বালিসত্ৰৰ অৰ্ধ সাপ্তাহিক বজাৰতো সেই একে দৃশ্যই পৰিলক্ষিত হৈছে ৷ যাক লৈ এতিয়া চিন্তিত সচেতন হৈ পৰিছে মহল ৷
লগতে পঢ়ক: মূল্যবৃদ্ধিৰ সন্দৰ্ভত ব্যৱসায়ী সন্থাৰ সৈতে ডিব্ৰুগড় প্ৰশাসনৰ বৈঠক