ETV Bharat / state

বজাৰত পাবলৈ নাই অত্যাৱশ্যকীয় আয়ুৰ্বেদিক ঔষধ

কৰ'ণাৰ পৰিপ্ৰেক্ষিতত ৰাজ্যৰ প্ৰায় প্ৰতিখন জিলাৰ বজাৰত এতিয়া চাহিদা বৃদ্ধি হৈছে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰিব পৰা ঔষধৰ। কি ফাৰ্মাচী, কি আয়ুৰ্বেদিক ঔষধৰ প্ৰতিষ্ঠান, সকলোতে এতিয়া গ্ৰাহকৰ ভিৰ। এই সময়ছোৱাত ডাবৰ, পতঞ্জলি আদি কোম্পানীয়ে প্ৰস্তুত কৰা বিশেষকৈ গিলয় টেবলেটৰ বিক্ৰী বৃদ্ধি পাইছে ।

Ayurveda medicine
Ayurveda medicine
author img

By

Published : Aug 12, 2020, 6:33 PM IST

Updated : Aug 13, 2020, 1:41 PM IST

নিউজ ডেস্ক, 12 আগষ্টঃ মহামাৰী ৰূপ লোৱা কৰ'ণা ভাইৰাছক লৈ সমগ্ৰ বিশ্বজুৰি আতংকময় পৰিবেশ । কৰ'ণা ভাইৰাছৰ ভেকচিন অথবা ঔষধ আৱিষ্কাৰৰ বাবে বিশ্বৰ বহু আগশাৰীৰ বিজ্ঞানী এতিয়াও ব্যস্ত হৈ আছে । অসমতো দিনক দিনে ভয়াৱহ ৰূপ লৈছে কোভিড-১৯ য়ে । এই পৰ্যন্ত উপায় মাত্ৰ এটাই, দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰা

লগতে পঢ়কঃ কৰ'ণা মহামাৰীৰ বাবে দ্ধিতীয়বাৰলৈ বাতিল জাগীৰোড থানাৰ উদ্বোধনী অনুষ্ঠান

সাম্প্ৰতিক সময়ত দেহৰ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰিব পাৰে বুলি ভবা বিভিন্ন ধৰণৰ ঔষধ মানুহে ব্যৱহাৰ কৰিব ধৰিছে। কিন্তু এইবোৰ কিমান ফলপ্ৰসু সেয় সন্দৰ্ভত আমি নিশ্চিত নহয়। সেয়ে আজি বহু সংখ্যক লোকে আয়ুৰ্বেদক নিষ্ঠাৰে বিশ্বাসত লৈছে ৷ কৰ'ণাৰ পৰিপ্ৰেক্ষিতত ৰাজ্যৰ প্ৰায় প্ৰতিখন জিলাৰ বজাৰত এতিয়া চাহিদা বৃদ্ধি হৈছে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰিব পৰা ঔষধৰ। কি ফাৰ্মাচী, কি আয়ুৰ্বেদিক ঔষধৰ ব্যৱসায়িক প্ৰতিষ্ঠান, সকলোতে এতিয়া গ্ৰাহকৰ ভিৰ। এই সময়ছোৱাত আয়ুৰ্বেদিক প্ৰতিষ্ঠানে প্ৰস্তুত কৰা বিশেষকৈ গিলয় টেবলেটৰ বিক্ৰি বৃদ্ধি পাইছে ।

বজাৰত পাবলৈ নাই অত্যাৱশ্যকীয় আয়ুৰ্বেদিক ঔষধ

পতঞ্জলি যোগ পীঠৰ দ্বাৰা তৈয়াৰ কৰা এলোভেৰা (ছালকুৱাৰী), অশ্বগন্ধা , অমৰলটা আদি আয়ুৰ্বেদিক ভিটামিন যুক্ত দৰব এতিয়া বিপনীত সহজলভ্য নহয় ৷ আনহাতে ভেষজ ভিটামিন B-Complex, Limcee zink টেবলেটৰো ঔষধৰ বিপনীত নাটনি হৈছে । ইয়াৰ একমাত্ৰ কাৰণ লক ডাউনৰ ফলত বিভিন্ন ঠাইৰ পৰা যোগান ধৰা ঔষধ সমূহ প্ৰয়োজনতকৈ কম অহা পৰিলক্ষিত হৈছে । কেবাটাও ৰোগৰ পৰা ৰক্ষা কৰিব পৰাকৈ দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে এনে বহু আয়ুৰ্বেদিক ঔষধে ।

লগতে পঢ়কঃ জনসংখ্যা নিয়ন্ত্ৰণৰ বাবে কঠোৰ আইন প্ৰণয়নৰ পোষকতা জনসংখ্য়া সমাধান ফাউণ্ডেছনৰ

কৰ'ণা ভাইৰাছৰ সংক্ৰমণ বৃদ্ধিৰ লগে লগে সজাগ হ'বলৈ লৈছে ৰাইজে ৷ এক কথাত কবলৈ গ'লে এতিয়া নিজৰ ইডমিনীতি বৃদ্ধি কৰিবলৈ জনসাধাৰণৰ মাজত ভিটামিন ঔষধ আৰু আয়ুৰ্বেদিক গিলয় প্ৰচলিত হৈছে । একেদৰে ফাৰ্মাচীসমূহতো এতিয়া বৃদ্ধি হৈছে গ্ৰাহকৰ সংখ্যা। ভিটামিন চি, ভিটামিন বি আদি ঔষধৰ চাহিদা পূৰ্বৰ তুলনাত পাঁচ, ছয় গুণ পৰ্যন্ত বৃদ্ধি পাইছে । হঠাৎ অভাৱনীয়ভাৱে চাহিদা বৃদ্ধি পোৱাৰ লগে-লগে নাটনিয়ে দেখা দিছে ভিটামিনজাতীয় ঔষধৰ ।

Last Updated : Aug 13, 2020, 1:41 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.