ETV Bharat / state

Corruption in Cooperative Society: হিতাধিকাৰীৰ আটাৰে ৰুটী খালে কোনে ?

author img

By

Published : Jan 28, 2023, 7:15 PM IST

আটা হৰলুকিক কেন্দ্ৰ কৰি নিজ ধিং সমবায় সমিতিত উত্তপ্ত পৰিস্থিতি । সম্পাদক আইনুল হক চৌধুৰীৰ বিৰুদ্ধে হিতাধিকাৰীৰ আটা আত্মসাৎ কৰাৰ গুৰুতৰ অভিযোগ(Embezzlement of flour in co-operative society) ৷ কেমেৰাৰ সন্মুখত সম্পাদকৰ বিৰুদ্ধে আটা আত্মসাৎৰ অভিযোগ সমবায় সদস্যৰ । ধিং থানাত এজাহাৰ দাখিল ৷

niz-dhing-co-operative-society-heats-up-over-embezzlement-of-flour
সম্পাদক আইনুল হক চৌধুৰীৰ বিৰুদ্ধে হিতাধিকাৰীৰ আটা আত্মসাতৰ অভিযোগ

নগাঁও, ২৮ জানুৱাৰী: সম্প্ৰতি দুৰ্নীতি ভূ-স্বৰ্গত পৰিণত হৈছে নগাঁও জিলা যোগান বিভাগ ৷ যোগান বিভাগৰ একাংশ বিষয়া কৰ্মচাৰীৰ ছত্ৰছায়াত একাংশ সমবায় সমিতিত চলি আহিছে চৰম দুৰ্নীতি ৷ নিজ ধিং সমবায় সমিতিৰ সম্পদক আইনুল হক চৌধুৰীৰ বিৰুদ্ধে উত্থাপন হৈছে হিতাধিকাৰীৰ বাবে আৱণ্টিত আটা আত্মসাৎ কৰাৰ গুৰুতৰ অভিযোগ(Corruption in Cooperative Society) । সমবায়খনৰ আটা আত্মসাতৰ তথ্য ৰাজহুৱা হোৱাৰ পিছতেই শনিবাৰে এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় সমবায় সমিতিখনত ৷

উল্লেখ্য যে, দুটা বছৰে সমবায়খনত সমিতি গঠন নোহোৱাৰ বাবেই আইনুলে সৰ্বেসৰ্বা হৈ ব্যাপক দুৰ্নীতি আৰু অনিয়ম সংঘটিত কৰি অহা বুলি একাংশ সদস্য আৰু হিতাধিকাৰীয়ে অভিযোগ উত্থাপিত কৰিছে ৷ সেইমতেই আজি অৰ্থাৎ শনিবাৰে নতুন সমিতিয়ে সাংবাদিকক লগত লৈ গুদাম খুলি প্ৰত্যক্ষ কৰাৰ পিছতেই সমবায় সমিতিত আটা আত্মসাৎ কৰাৰ তথ্য পোহৰলৈ আহে ৷ ইয়াৰ পাছতেই উত্তপ্ত হৈ পৰে সমবায়খনৰ পৰিস্থিতি ৷ অভিযুক্ত আইনুলৰ বিৰুদ্ধে দিয়া বিভিন্ন প্ৰতিবাদী শ্ল’গানত কঁপি উঠে সমবায়খনৰ চৌহদ ৷

লগতে পঢ়ক: Asom Bahumukhi Samabai Samiti: বাক্সাত জমা ধন ঘূৰাই বিচাৰি বিত্তীয় প্ৰতিষ্ঠানৰ সন্মুখত গ্ৰাহকৰ ধৰ্ণা

সমবায়খনলৈ প্ৰতি মাহে চৰকাৰে যোগান ধৰি অহা আটাৰ ৪০ শতাংশই আইনুলে বিক্ৰী কৰি অহা বুলি আজি ৰাইজৰ আগত স্বীকাৰ কৰে সমবায় সমিতিৰ সদস্যসকলে ৷ ইফালে এগৰাকী হিতাধিকাৰীয়ে বছৰেকত মাত্ৰ এদিন দুই কেজি আটা লাভ কৰাৰো অভিযোগ উঠিছে । নতুন সমিতিয়ে অভিযোগ কৰা মতে, এই মাহত সমবায়খনলৈ চৰকাৰে যোগান ধৰিছিল ১২৭ কুইণ্টল ১৯ কিলোগ্ৰাম আটা ৷ তাৰ বিপৰীতে আইনুলে সমবায়খনলৈ ৮০ কুইণ্টল ৮০ কিলোগ্ৰাম আটা আনি বাকী ৪৬ কুইণ্টল ৪৯ কিলো গ্ৰাম আটা আত্মসাৎ কৰাৰ তথ্য দাঙি ধৰে ৷

তেওঁলোকে জানিবলৈ দিয়া মতে বিগত দুটা বছৰত সমবায় সমিতিখনৰ কোনো কমিটি নাছিল ৷ এনেকৈয়ে আইনুলে যোৱা দুটা বছৰে একনায়কত্বৰে সমবায়খনত বিভিন্ন দুৰ্নীতি সংঘটিত কৰি সম্পত্তিৰ পাহাৰ গঢ়িছিল বুলিও একাংশই অভিযোগ উত্থাপন কৰে ৷ এই সমগ্ৰ ঘটনা সন্দৰ্ভত ইতিমধ্যে নতুন সমিতিয়ে ধিং থানাত আইনুলৰ বিৰুদ্ধে এক এজাহাৰ দাখিল কৰিছে ৷ এইক্ষেত্ৰত চৰকাৰ কিম্বা প্ৰশাসনে এইজন দুৰ্নীতি পৰায়ণ সম্পাদকৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ’ব ৷

লগতে পঢ়ক: Formation of Farmers Cooperative Societies: বিহালীত বাঘমৰী ব্ৰহ্মপুত্ৰ চাপৰি কৃষক সমবায় সমিতি গঠন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.