ETV Bharat / state

ৰাজ্যত বন্ধ হ'ব খাদ্য সুৰক্ষাৰ চাউল বিতৰণ! - NFSA Crisis for money

ৰাজ্য আৰু কেন্দ্ৰ চৰকাৰে অসম ৰাজ্যিক সমবায় ফেডাৰেচন লিমিটেডক দিবলৈ আছে প্ৰায় 600কোটিৰো অধিক ধন ৷ চাউল বিতৰণ বন্ধ হ'লে বিপাঙত পৰিব ৰাজ্যৰ ৫৭ লাখ পৰিয়াল ৷

NFSA Crisis for money
ৰাজ্যত বন্ধ হ'ব খাদ্য সুৰক্ষাৰ চাউল বিতৰণ!
author img

By

Published : Apr 22, 2020, 6:52 PM IST

Updated : Apr 22, 2020, 7:05 PM IST

নগাঁও,22এপ্ৰিলঃ দেশৰ জনসাধাৰণৰ অন্ন সুনিশ্চিত কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে প্ৰৱৰ্তন কৰিছিল খাদ্য সুৰক্ষা আইন 2013 ৷ কিন্তু অসমত এই আইনৰ ক্ষেত্ৰত শেহতীয়াকৈ দেখা দিছে অনিশ্চয়তাই ৷ হয়টো অচিৰেই সমগ্ৰ ৰাজ্যত বন্ধ হ'ব পাৰে খাদ্য সুৰক্ষাৰ চাউল বিতৰণ ৷ কিন্তু কিয় ?

ৰাজ্যত বন্ধ হ'ব খাদ্য সুৰক্ষাৰ চাউল বিতৰণ!

সমগ্ৰ দেশৰ লগতে ৰাজ্যজুৰি লক ডাউন চলি থকাৰ সময়তে সাধাৰণ ৰাইজক চাউল বিতৰণ কৰি অহা সমবায় সমিতিৰ লগতে ইয়াৰ অধীনত থকা সুলভ মূল্যৰ দোকানসমূহে এতিয়া পেটত গামোচা বান্ধি চলাবলগীয়া হৈছে ৷ কাৰণ বিগত বৰ্ষৰ জুলাই মাহৰ পৰা ৰাজ্য চৰকাৰে আদায় দিয়া নাই সমবায় সমিতি আৰু এজেণ্টৰ কমিচনৰ ধনৰ লগতে পৰিবহন ব্যয়ৰ ধন ৷ খাদ্য সুৰক্ষাৰ অধীনত কমিচন আৰু পৰিবহন ব্যয়ৰ ধনৰ এটা অংশ কেন্দ্ৰীয় চৰকাৰে আদায় দিয়ে আৰু এটা অংশ আদায় দিয়ে ৰাজ্য চৰকাৰে ৷ গুৰুত্বপূৰ্ণ কথা এইয়ে যে,ৰাজ্যত থকা 857 খন সমবায় সমিতি আৰু এজেণ্টসকলে ৰাজ্য আৰু কেন্দ্ৰ উভয় চৰকাৰৰ পৰা পাবলগীয়া ধনৰ ৰাশি হৈছে প্ৰায় 200 কোটিৰো অধিক ৷ ঠিক একেদৰে পৰিবহন ব্যয়ৰ বাবদ চৰকাৰে আদায় দিবলৈ আছে প্ৰায় 400 কোটি টকা ৷

উল্লেখযোগ্য যে,ৰাজ্যৰ মুঠ 57লাখ 98 হাজাৰ 119 টা পৰিয়ালৰ 2 কোটি 48 লাখ 95 হাজাৰ 601 জন লোকক খাদ্য সুৰক্ষাৰ অধীনত চাউল বিতৰণ কৰি আহিছে ৰাজ্যৰ সমবায় সমিতি সমূহৰ অধীনত থকা এজেণ্ট সকলে ৷ কিন্তু পৰিতাপৰ কথা এইয়ে যে, বিগত প্ৰায় দহ মাহ ধৰি চৰকাৰৰ পৰা লাভ কৰা নাই নিজৰ সম্পূৰ্ণ প্ৰাপ্য ধন ৷

ইয়াকে লৈ শেহতীয়াকৈ ক্ষুব্ধ হৈ পৰিছে অসম ৰাজ্যিক সমবায় ফেডাৰেচন লিমিটেড ৷ ই টিভি ভাৰতৰ সাংবাদিকৰ জৰিয়তে ফেডাৰেচনৰ সভাপতি আতাউৰ ৰহমানে নিজৰ ক্ষোভ প্ৰকাশ কৰি একপ্ৰকাৰ চৰকাৰক সকীয়াই দি কয় যে,চৰকাৰে যদি সমগ্ৰ বিষয়টোক গুৰুত্ব নিদিয়ে আৰু প্ৰাপ্য ধন যদি আদায় নিদিয়ে তেনেহ'লে সমগ্ৰ ৰাজ্যতে চাউল বিতৰণ বন্ধ কৰাৰ দৰে কঠোৰ সিদ্ধান্ত ল'বলৈ বাধ্য হ'ব ফেডাৰচনে ৷ ইয়াৰ উপৰি কৰ'ণা ভাইৰাছৰ আতংকৰ মাজতো দৈনিক শতাধিক লোকৰ সংস্পৰ্শলৈ অহা সমবায় সমিতিৰ এজেণ্টসকলৰ জীৱনৰ নিৰাপত্তাৰ প্ৰতি লক্ষ্য ৰাখি যাৱতীয় ব্যৱস্থা গ্ৰহণৰো দাবী উত্থাপন কৰে ৰাজ্যিক সমবায় ফেডাৰেচনৰ সভাপতি আতিউৰ ৰহমানে ৷

এতিয়া প্ৰশ্ন হয়,প্ৰতিদিনেই উন্নয়নৰ ঢোল বজোৱা কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰ কিয় ব্যৰ্থ হৈছে খাদ্য সুৰক্ষাৰ ধন মোকলাই দিয়াত ? নে ধনৰ অভাৱ ৰাজকোষত ! ৰাজ্যিক সমবায় ফেডাৰেচনৰ হুংকাৰৰ পিছত চৰকাৰে এই ক্ষেত্ৰত কি ব্যৱস্থা গ্ৰহণ কৰে সেই পৰৱৰ্তী সময়তহে গম পেৱা যাব ৷

লগতে পঢ়কঃ পুনৰ মুকলি বন্ধন বেংকৰ ঋণ সম্বন্ধীয় সেৱা

Last Updated : Apr 22, 2020, 7:05 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.