ETV Bharat / state

কলিয়াবৰত ৰাষ্ট্ৰীয় প্ৰেছ দিৱসত 'কৃত্ৰিম বুদ্ধিমত্তাৰ যুগত গণসংযোগ মাধ্যম' বিষয়ত বক্তৃতানুষ্ঠান - 16 november National Press Day

কৃত্ৰিম বুদ্ধিমত্তাই সংবাদ মাধ্যমক কেনেদৰে প্ৰভাৱান্বিত কৰিব সেই লৈ এই বৰ্ষৰ প্ৰেছ দিৱসত বহুলভাৱে আলোচিত হৈছে । বৃহস্পতিবাৰে কলিয়াবৰ মহকুমা প্ৰশাসনৰ উদ্যোগত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস পালন কৰা হয় ।

কলিয়াবৰত ৰাষ্ট্ৰীয় প্ৰেছ দিৱসত 'কৃত্ৰিম বুদ্ধিমত্তাৰ যুগত গণসংযোগ মাধ্যম' বিষয়ত বক্তৃতানুষ্ঠান

author img

By ETV Bharat Assamese Team

Published : Nov 16, 2023, 8:22 PM IST

কলিয়াবৰত ৰাষ্ট্ৰীয় প্ৰেছ দিৱসত 'কৃত্ৰিম বুদ্ধিমত্তাৰ যুগত গণসংযোগ মাধ্যম' বিষয়ত বক্তৃতানুষ্ঠান

কলিয়াবৰ, ১৬ নৱেম্বৰ : সমগ্ৰ অসমৰ লগতে কলিয়াবৰতো বৃহস্পতিবাৰে ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ কাৰ্যসূচী আয়োজন কৰা হয় । এই উপলক্ষে 'কৃত্ৰিম বুদ্ধিমত্তাৰ যুগত গণসংযোগ মাধ্যম' বিষয়ত এক বক্তৃতানুষ্ঠানৰো আয়োজন কৰা হয় । উল্লেখ্য যে কৃত্ৰিম বুদ্ধিমত্তা (Artificial Intelligence) চমুকৈ এ আই হৈছে যন্ত্ৰ অথবা কম্পিউটাৰৰ দ্বাৰা প্ৰদৰ্শিত আৰু পৰিচালিত বুদ্ধিমত্তা । মানুহে প্ৰাকৃতিক বুদ্ধিমত্তাৰে কৰিব পৰা কেতবোৰ কাম যেতিয়া ডিজিটেল কম্পিউটাৰ নাইবা কম্পিউটাৰ-নিয়ন্ত্ৰিত যন্ত্ৰমানৱে সম্পন্ন কৰে, তেতিয়া তাকে কৃত্ৰিম বুদ্ধিমত্তা বুলি কোৱা হয় ।

কৃত্ৰিম বুদ্ধিমত্তাৰ গৱেষণা আৰম্ভ হৈছিল ১৯৫৬ চনত আমেৰিক যুক্তৰাষ্ট্ৰৰ ডাৰ্থমাউথ কলেজত । কিন্তু মাজভাগত এই প্ৰণালীৰ কিছু স্থবিৰতাৰ আহিলেও ১৯৮০ চনৰ আৰম্ভণিৰ সময়ছোৱাত কৃত্ৰিম বুদ্ধিমত্তাৰ গৱেষণাই নতুন মাত্ৰা লাভ কৰে । লগে লগে বিশেষ ভূমিকা ল'লে কৃত্ৰিম বুদ্ধিমত্তাৰে এক বিশেষধৰণৰ প্ৰ'গ্ৰাম Expert Systems-ৰ ব্যৱসায়িক সফলতাই । এই প্ৰ'গ্ৰামটোৱে কৌশলী মানুহৰ জ্ঞান আৰু বিশ্লেষণাত্মক দক্ষতাসমূহৰ অনুকৃতি সৃষ্টি কৰিব পাৰিছিল ।

১৯৯০ চনৰ শেষৰফালে আৰু একবিংশ শতিকাৰ আগছোৱাত কৃত্ৰিম বুদ্ধিমত্তা কিছুমান ক্ষেত্ৰত বিশেষভাৱে প্ৰয়োগ হোৱা দেখিবলৈ পোৱা গৈছিল । ডাটা মাইনিং, বস্তু সৰবৰাহ, চিকিৎসা ক্ষেত্ৰ আছিল কেইখনমান উল্লেখযোগ্য ক্ষেত্ৰ । ২০১১ চনত জিঅ'পাৰ্ডি (Jeopardy!) নামৰ আমেৰিকান কুইজ প্ৰতিযোগিতাৰ বিশেষ খণ্ড এটাত আইবিএমৰ উত্তৰ দিব পৰা মেচিন ৱাটছনে পূৰ্বৰ দুজন মহান চেম্পিয়ন ব্ৰেড ৰুটাৰ আৰু কেন জেনিংগছক বিশাল ব্যৱধানত পৰাভুত কৰে ।

উচ্চ ক্ষমতাসম্পন্ন কম্পিউটাৰ, এলগৰিথমত হোৱা ব্যাপক সফলতা আৰু বিপুল পৰিমাণৰ তথ্যলাভৰ সুচলতাই মেচিনৰ এই কৃত্ৰিম বুদ্ধিমত্তাৰ এই অগ্ৰগতিত বিশেষ ভূমিকা লৈছিল । বিজ্ঞান আৰু তথ্য-প্ৰযুক্তিৰ জগতত, দৈনন্দিন জীৱনত, ব্যৱসায়-বাণিজ্যৰ ক্ষেত্ৰত কৃত্ৰিম বুদ্ধিমত্তাৰ ব্যৱহাৰ আৰু প্ৰয়োগ ক্ৰমাৎ বাঢ়ি আহিছে । এনে সময়তে কৃত্ৰিম বুদ্ধিমত্তাই সংবাদ মাধ্যমক কেনেদৰে প্ৰভাৱান্বিত কৰিব সেই লৈ এই বৰ্ষৰ প্ৰেছ দিৱসত বহুলভাৱে আলোচিত হৈছে । বৃহস্পতিবাৰে কলিয়াবৰ মহকুমা প্ৰশাসনৰ উদ্যোগত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস পালন কৰা হয় ।

এই উপলক্ষে কলিয়াবৰ মহকুমা কাৰ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত অনুষ্ঠানত এই বৰ্ষৰ ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ মূল আলোচ্য বিষয় 'কৃত্ৰিম বুদ্ধিমত্তাৰ যুগত গণসংযোগ মাধ্যম' বিষয়ত বিশেষ বক্তা হিচাপে অংশগ্ৰহণ কৰে তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ গণসংযোগ মাধ্যম আৰু সাংবাদিকতা বিভাগৰ সহকাৰী অধ্যাপক ডঃ মধুস্মিতা বৰুৱা আৰু কলিয়াবৰ মহাবিদ্যালয়ৰ ইংৰাজী বিষয়ৰ সহকাৰী অধ্যাপক প্ৰত্যুষ গগৈয়ে । এই অনুষ্ঠানত সভাপতিত্ব কৰে নগাঁও জিলাৰ অতিৰিক্ত আয়ুক্ত তথা কলিয়াবৰ উপ-জিলাৰ ভাৰপ্ৰাপ্ত উপ-আয়ুক্ত লিজা তালুকদাৰে ।

কলিয়াবৰ মহকুমাৰ কেইবাটাও বিভাগৰ শীৰ্ষ বিষয়া উপস্থিত থকা সভাখনত কলিয়াবৰ মহকুমা নিৰ্বাচনী বিষয়া ডঃ ভূপালী কাশ্যপ, সহকাৰী আয়ুক্ত হীমাশ্ৰী ডেকাই সভাখনত সঞ্চালনত সহায় কৰে । উল্লেখযোগ্য যে ১৬ নৱেম্বৰৰ দিনটো দেশত প্ৰতিবছৰে ৰাষ্ট্ৰীয় প্ৰেছ দিৱস হিচাপে পালন কৰা হয় । ১৯৬৬ চনৰ ৪ জুলাইত গঠন হোৱা ‘প্ৰেছ কাউন্সিল অব ইণ্ডিয়া’ই উক্ত বছৰতে ১৬ নৱেম্বৰৰ পৰা উচ্চতম ন্যায়ালয়ৰ তদানীন্তন ন্যায়াধীশ জে এল মুধলকাৰৰ অধ্যক্ষতাত আনুষ্ঠানিকভাৱে কাউন্সিলৰ কাম-কাজ আৰম্ভ কৰে ।

তেতিয়াৰে পৰা উক্ত দিনটো সমগ্ৰ দেশতে ৰাষ্ট্ৰীয় প্ৰেছ দিৱস হিচাপে পালন কৰি অহা হৈছে । ১৯৯৭ চনৰ পৰা সমগ্ৰ ভাৰততে দায়িত্বশীল উৎকৰ্ষ সাধনৰ বাবে ভাৰত চৰকাৰৰ পৃষ্ঠপোষকতাত এক বিশেষ বিষয় লৈ আলোচনা-চক্ৰ অনুষ্ঠিত হৈ আহিছে । আনহাতে, কলিয়াবৰ প্ৰেছ ক্লাবত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস পালন কৰা হয় । এই উপলক্ষে পুৱা কলিয়াবৰ প্ৰেছ ক্লাবত অনুষ্ঠিত অনুষ্ঠানত বন্তি প্ৰজ্বলন কৰি অনুষ্ঠান আৰম্ভ কৰে কলিয়াবৰ প্ৰেছ ক্লাবৰ উপদেষ্টা ডিম্বেশ্বৰ হাজৰিকাই । জ্ঞাত-অজ্ঞাত সাংবদিকসকলৰ স্মৃতিত পুষ্পাঞ্জলি তৰ্পণ কৰে কলিয়াবৰ প্ৰেছ ক্লাবৰ সভাপতি তৰুণ মুক্তিয়াৰে ।

কলিয়াবৰ প্ৰেছ ক্লাবৰ সম্পাদক গৌতম বৰাই আঁতধৰা অন্তৰঙ্গ আলআপত ভাগ লৈ প্ৰেছ ক্লাবৰ সদস্যসকলে নিজৰ কৰ্মজীৱনৰ অম্ল-মধুৰ স্মৃতিৰ সোঁৱৰণ কৰাৰ লগতে তপন শইকীয়া, অংকুৰ হাজাৰী আৰু পঙ্কজ শইকীয়াই কবিতা পাঠ কৰাৰ লগতে জিতু বৰাই গীত পৰিবেশন কৰি অনুষ্ঠানটি জীপাল কৰি তোলে ।

লগতে পঢ়ক :ৰাষ্ট্ৰ নিৰ্মাণত সংবাদ মাধ্যমৰ ভূমিকা অপৰিসীম; নলবাৰীত ৰাষ্ট্ৰীয় প্ৰেছ দিৱসত দুই মন্ত্ৰী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.