ETV Bharat / state

নগাঁৱৰ তিনি স্থানত সাত দিনৰ বাবে সম্পূৰ্ণ লক ডাউন - জুৰীয়াৰ পৰমাইভেটিৰ এগৰাকী ধৰ্মীয় গুৰু

মুফতি খাইৰুল ইছলামৰ জানাজাত হোৱা জনসমাগম সন্দৰ্ভত জিলা উপায়ুক্তৰ সংবাদ মেল । ৰুজু হৈছে গোচৰ, নগাঁৱৰ তিনি স্থানত সাত দিনৰ বাবে সম্পূৰ্ণ লক ডাউন ঘোষণা জিলা প্ৰশাসনৰ ।

nagoan-three-place-totaly-locck-down-one-week
নগাঁৱৰ তিনি স্থানত সাত দিনৰ বাবে সম্পূৰ্ণ লক ডাউন
author img

By

Published : Jul 4, 2020, 10:25 PM IST

নগাঁও,4জুলাইঃ নগাঁও জিলাত যোৱা বৃহস্পতিবাৰে দেহাৱসান হোৱা জুৰীয়াৰ পৰমাইভেটিৰ এগৰাকী ধৰ্মীয় গুৰুৰ জানাজা নামাজত চৰকাৰী নীতি নিয়ম উলংঘা কৰি বৃহৎ সংখ্যক লোকৰ সমাগম হোৱা বিষয়টিক লৈ শনিবাৰে সংবাদ মেলৰ আয়োজন কৰে নগাঁও জিলাৰ উপায়ুক্ত যাদৱ শইকীয়াই ।

নগাঁৱৰ তিনি স্থানত সাত দিনৰ বাবে সম্পূৰ্ণ লক ডাউন

ধৰ্মীয় গুৰু মুফতি খাইৰুল ইছলামৰ জানাজা নামাজত বহু লোক সমবেত হোৱাত ধিং ৰাজহ চক্ৰৰ চক্ৰ বিষয়াৰ এজাহাৰৰ ভিত্তিত জুৰীয়া আৰক্ষী থানাত ডি এম এক্টত গোচৰ ৰুজু হোৱাৰ কথা উল্লেখ কৰে জিলা উপায়ুক্তই । জানাজা সন্দৰ্ভত জিলা প্ৰশাসনে দিয়া নিয়ম নীতি ভংগ কৰা বুলি মন্তব্য কৰে জিলা উপায়ুক্তই । বিশাল জনসমাগম হোৱাৰ বাবেই দেওবাৰে বিয়লি তিনি বজাৰ পৰা জুৰীয়াৰ পৰমাইভেটি, দগাওঁ আৰু ধিং গাঁৱত এসপ্তাহৰ বাবে লক ডাউন ঘোষণা কৰিছে জিলা প্ৰশাসনে।

লগতে পঢ়কঃ আলফাৰ লিংকমেন আটক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.