বঢ়মপুৰ,26মেঃ কামপুৰ উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ত স্থাপন কৰা, কোৱাৰেন্টাইন চেন্টাৰত থকা তিনিজন যুৱকৰ কোভিড -১৯ পজিটিভ ধৰা পৰিছে ৷ আক্ৰান্ত যুৱক কেইজন ইমদাদুল হুছেইন, ফাৰুক আহমেদ আৰু অভিজিত বৰা ৷
যুৱক কেইজন তামিলনাডু পৰা ৰেলযোগে আহিছিল অসমলৈ , ২২ মে'ৰ পৰা কামপুৰ উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ত স্থাপন কৰা কোৱাৰেন্টাইন চেন্টাৰত ৰখা হৈছিল তেঁওলোকক ৷ আনহাতে আক্ৰান্ত হোৱা যুৱক কেইজনৰ ঘৰ অভিজিত বৰা(কামপুৰ বকুলগুৰি) ইমদাদুল হুছেইন আৰু ফাৰুক আহমেদৰ ঘৰ(কচুৱা শিমলুগুৰিত) বুলি জানিব পৰা গৈছে ৷
ইতিমধ্যে কোৱাৰেন্টাইন শিবিৰটোত কামপুৰ ৰাজহ চক্ৰ বিষয়া উপস্থিত হৈ যুৱক কেইজনক ১০৮ যোগে নগাঁৱৰ ভোগেশ্বৰী ফুকননী চিকিৎসালয়ত স্থাপন কৰা কোভিড চিকিৎসালয়লৈ প্ৰেৰণ কৰা বুলি জানিবলৈ দিয়ে বিষয়া গৰাকীয়ে ৷
লগতে পঢ়কঃ ফেনে-ফুটুকাৰে বাঢ়িছে কপিলী নৈৰ জলপৃষ্ঠঃ আতংকিত কামপুৰবাসী