ETV Bharat / state

বঢ়মপুৰৰ ভেৰভেৰীত কন্টেইনমেন্ট জ’ন ঘোষণা চক্ৰ বিষয়াৰ - ক’ৰণা

নগাঁৱৰ গ্ৰাম্যাঞ্চলত দ্ৰুত গতিত বৃদ্ধি পাইছে ক’ৰণাৰ গণ সংক্ৰমণ । শিশুৰ পৰা বৃদ্ধলৈকে আক্ৰান্ত হৈছে ক’ৰণাত । প্ৰতিদিনে ন ন অঞ্চললৈ সংক্ৰমিত হ’বলৈ ধৰিছে এই মহামাৰী । বঢ়মপুৰটো ইখনৰ পাচত সিখন গাঁও ক'ৰণাৰ হটস্পট লৈ পৰিণত হৈছে ।

Nagaon ververiya declaired as contentment zone
বঢ়মপুৰৰ ভেৰভেৰিত কন্টেইমেন্ট জ’ন ঘোষণা চক্ৰ বিষয়াৰ
author img

By

Published : May 20, 2021, 3:31 PM IST

চামগুৰি, 20 মে’ : নগাঁও জিলাৰ উপায়ুক্তৰ নিৰ্দেশমৰ্মে জিলা প্ৰশাসনে বুধবাৰে তাৎক্ষণিকভাৱে বলবৎ হোৱাকৈ বঢ়মপুৰ ভেৰভেৰী গাঁৱৰ এটা অঞ্চলক কন্টেইনমেন্ট জ’ন ঘোষণা কৰে । গাঁওখনত প্ৰায় 18 জন লোকৰ দেহত ধৰা পৰিছিল ক’ভিড-19ৰ অৱস্থিতি । আক্ৰান্ত লোকসকলৰ ভিতৰত শিশুকে ধৰি বয়োজ্যেষ্ঠ ব্যক্তিও আছিল ৷

Nagaon ververiya declaired as contentment zone
বঢ়মপুৰৰ ভেৰভেৰিত কন্টেইমেন্ট জ’ন ঘোষণা চক্ৰ বিষয়াৰ

নগাঁও জিলা প্ৰশাসনৰ বিষয়া আৰু চিকিৎসা কৰ্মীৰ উপস্থিতিত বুধবাৰৰ পৰা কাৰ্যকৰী হোৱাকৈ আগন্তুক পোন্ধৰ দিনৰ বাবে অঞ্চলটো কন্টেইনমেন্ট জ'ন হিচাপে ঘোষণা কৰি প্ৰৱেশ দ্বাৰ বন্ধ কৰি দিয়ে চক্ৰ বিষয়াই ৷ গাঁওখনৰ লোকসকলে ক’ভিডৰ নিৰ্দেশাৱলীক গুৰুত্ব নিদিয়াৰ ফলতে এই গণ সংক্ৰমণ হৈছিল বুলি সন্দেহ কৰা হৈছে । গাঁওখনত চিকিৎসা সেৱাকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰী যোগানৰ সকলো ব্যৱস্থা প্ৰশাসনৰ তৰফৰ পৰা কৰা হ’ব বুলি জিলা প্ৰশাসনৰ লোকে জানিবলৈ দিয়ে ।

লগতে পঢ়ক : বিশ্বজিৎ দৈমাৰী অসম বিধানসভাৰ পৰৱৰ্তী অধ্যক্ষ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.