ETV Bharat / state

Nagaon tragic story: বহিঃৰাজ্যত কবৰ দিয়া হ'ল অসমৰ হিন্দু যুৱকৰ মৃতদেহ

এক মৰ্মান্তিক ঘটনা ৷ বহিঃৰাজ্যত মৃত্যুক আকোঁৱালি ললে অসমৰ এজন যুৱকে ৷ উপায়ন্তৰ হৈ বহিঃৰাজ্যতে পুত্ৰৰ মৃতদেহ কবৰ দিলে পিতৃয়ে ৷ ‘‘হিন্দু হৈ কবৰ দিব লগা হ’ল’’ আক্ষেপ পৰিয়ালৰ লোকৰ ৷

Nagaon tragic story
বহিঃৰাজ্যত কবৰ দিয়া হ'ল অসমৰ হিন্দু যুৱকৰ মৃতদেহ
author img

By

Published : Jul 19, 2023, 7:43 PM IST

বহিঃৰাজ্যত কবৰ দিয়া হ'ল অসমৰ হিন্দু যুৱকৰ মৃতদেহ

নগাঁও,19 জুলাই: এক মৰ্মান্তিক ঘটনা ৷ বহিঃৰাজ্যত মৃত্যুক আকোঁৱালি ললে অসমৰ এজন যুৱকে ৷ নগাঁও জিলাৰ বঢ়মপুৰৰ ননৈ পানীগাঁৱৰ পোনা বৰাৰ পুত্ৰ জোনাৰাম বৰা নামৰ যুৱক জনে ১৭ জুলাইত অসমৰ পৰা গৈছিল হায়দৰাবাদলৈ ৷ অসমৰ পৰা কৰ্মস্থলী হায়দৰাবাদলৈ গৈ থকা অৱস্থাত হঠাৎ চলন্ত ৰে’লৰ পৰা পৰি যোৱাত মৃত্যুক আকোঁৱালি লয় জোনাৰাম বৰাই ৷ বিশাখাপট্টনমত সংঘটিত হৈছিল এই শোকাৱহ ঘটনা ৷

বিশাখাপট্টনম আৰক্ষীয়ে জোনাৰাম বৰাৰ মৃত্যুৰ খবৰ দিয়ে মৃত জোনাৰামৰ পৰিয়ালক ৷ কিন্তু আৰ্থিক দুৰ্বলতাৰ বাবে জোনাৰামৰ মৃতদেহ বিশাখাপট্টনমৰ পৰা আনিব নোৱাৰিলে ৷ দুৰ্ভগীয়া পৰিয়ালটোৱে জোনাৰামৰ মৃতদেহ আনিবলৈ চৰকাৰৰ পৰা আৰ্থিক সহায় বিচাৰি অনুৰোধ কৰিছিল যদিও কোনো ধৰণৰ সহায় নাপালে ।

অৱশেষত বিশাখাপট্টনমত উপস্থিত হৈছিল নিহত জোনাৰামৰ পিতৃ পোনা বৰা ৷ পোনা বৰাৰ উপস্থিতিতে বিশাখাপট্টনমতে প্ৰশাসনে জোনাৰামৰ মৃতদেহ ইছলাম ধৰ্মালম্বীৰ দৰে কবৰ দিয়ে । এই সমগ্ৰ ঘটনাৰ সন্দৰ্ভত আক্ষেপ প্ৰকাশ কৰি পৰিয়ালৰ লোকে কয় ‘‘ হিন্দু হৈ মুছলমান ধৰ্মৰ দৰে মৃতদেহ কবৰ দিব লগা হ’ল ৷ একপ্ৰকাৰ ইছলাম ধৰ্ম গ্ৰহণ কৰাৰ দৰে হ’ল ৷ হিন্দু ল’ৰা এজনক ইছলাম ধৰ্মৰ দৰে মৃতদেহ পুতি দিব লগা হ’ল, তাতকৈ আমাৰ দুৰ্ভাগ্যজনক কথা একো হ’ব নোৱাৰে ৷ বহুত দুখ লাগিছে তিনিদিনে ওচৰ-চুবুৰীয়াৰ কোনো লোকে আমাক খবৰ লবলৈ অহা নাই ৷ আমি তাৰ নশ্বৰ দেহটো চাবলৈ নাপালো, দেউতাও অসুখীয়া ৷ বৰ দুখ লগা কথা ৷’’

উলেখ্য যে ৫ মাহৰ পূৰ্বে মৃত জোনাৰাম বৰাৰ মাতৃৰ মৃত্যু হৈছিল আৰু বৰ্তমান নিহত জোনাৰামৰ পিতৃ ৰুগীয়া । একমাত্ৰ উপাৰ্জনকাৰী জোনাৰাম বৰাৰ মৃত্যুৰ পাচত পানীত হাঁহ নচৰা অৱস্থা হৈ পৰিছে দুৰ্ভগীয়া পোনা বৰাৰ পৰিয়ালটোৰ ।

লগতে পঢ়ক:Nagaon niyog mela 2023:প্ৰতিখন ৰাজ্যতে অসমৰ যুৱক-যুৱতীয়ে বনাওক নিজৰ এক সুকীয়া স্থান:প্ৰদ্যুৎ বৰদলৈ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.