ETV Bharat / state

হিমন্তৰ স্বাস্থ্য বিভাগৰ উন্নয়নৰ ফোপোলা স্বৰূপ,ডাষ্টবিনলৈ পৰিণত হোৱা এখন চিকিৎসালয়

author img

By

Published : Jul 26, 2019, 2:57 PM IST

Updated : Jul 26, 2019, 3:05 PM IST

নগাঁও জিলাৰ চামগুৰিৰ শিঙীয়া অঞ্চলৰ এখন প্ৰাৰ্থমিক চিকিৎসালয়ে উদঙাইছে হিমন্তৰ স্বাস্থ্য বিভাগৰ ফোপোলা স্বৰূপ ৷৷ চামগুৰিৰ PHCৰ অন্তৰ্গত এই হাস্পতাল খনত সপ্তাহটোত এদিনৰ বাবে নিয়োগ কৰা হৈছে মাত্ৰ এজন ডাক্তৰ ৷ অক্সিজেন চিলিণ্ডাৰ, বিছনা আদিৰ সামগ্ৰী আৰু বহু দৰকাৰী সামগ্ৰী পোত গৈছে লেতেৰা আৱৰ্জনা আৰু মকৰা জালৰ মাজত। ইয়াৰোপৰি ঔষধৰ গুদামত পোৱা গৈছে ম্যাদ উকলি যোৱা দৰৱ৷

ডাষ্টবিনলৈ পৰিণত হোৱা এখন চিকিৎসালয়

নগাঁও,26 জুলাই: নগাঁও জিলাৰ চামগুৰিৰ শিঙীয়া অঞ্চলৰ এখন প্ৰাৰ্থমিক চিকিৎসালয়ে উদঙাইছে ৰাজ্যৰ স্বাস্থ্য বিভাগৰ ফোপোলা স্বৰূপ ৷ চিকিৎসালয় খন বৰ্তমান পৰিণত হৈছে জাবৰ পেলোৱা স্থানলৈ ৷ চামগুৰিৰ বৃহত্তৰ শিঙীয়া অঞ্চলকে আদি কৰি কেইবাখনো ভিতৰুৱা গাঁৱৰ ৰাইজৰ সুবিধাৰ্থে 2010 চনতে স্থাপন কৰা এই চিকিৎসালয় খনৰ অৱস্থা দেখিলে চকু কপালত উঠিব।

স্বাস্থ্য বিভাগৰ হেমাহিৰ বাবে সকলো জহি খহি যোৱাৰ উপক্ৰম হৈছে এতিয়া চিকিৎসালয় খনৰ৷ চামগুৰিৰ PHCৰ অন্তৰ্গত এই হাস্পতাল খনত সপ্তাহটোত এদিনৰ বাবে নিয়োগ কৰা হৈছে মাত্ৰ এজন ডাক্তৰ ৷ পৰীক্ষাগাৰকে আদি কৰি সকলো সুবিধা থকা হাস্পতালখনৰ দুৱাৰডলি দেখি নোপোৱা টেকনিছিয়ান জনক ইতিমধ্যে নিলম্বন কৰা হৈছে বুলি জানিব দিয়ে স্থানীয় ৰাইজে।

ডাষ্টবিনলৈ পৰিণত হোৱা এখন চিকিৎসালয়

এজন ফাৰ্মাচিষ্ট, এগৰাকী নাৰ্চ আৰু দুজন মান সাধাৰণ কৰ্মচাৰীৰ ওপৰত সকলো দায়িত্ব দি চামগুৰি PHC ৰ SDMHO জেৰিনা বেগমে দায়িত্ব সামৰিছে বুলিও ৰাইজে আক্ষেপ প্ৰকাশ কৰে। বহু চৰকাৰী ধন খৰছ কৰি ৰাইজৰ সুবিধাৰ্থে চিকিৎসালয়খন অঞ্চলটোত স্থাপন কৰা হৈছিল যদিও চামগুৰিৰ PHC ৰ পৰিচালিকা গৰাকীৰ দায়িত্ব জ্ঞানহীনতাৰ বাবে ৰাইজ উপকৃত হ'ব পৰা নাই।

ডাক্তৰ আৰু নাৰ্চৰ বাবে বনোৱা কোৰ্ৱাটাৰ সমূহত বিশ্ৰাম লয় এতিয়া গৰু ছাগলীয়ে৷ অস্কিজেন চিলিণ্ডাৰ, বিছনা আদিৰ সামগ্ৰী আৰু বহু দৰকাৰী সামগ্ৰীও পোত গৈছে লেতেৰা আৱৰ্জনা আৰু মকৰা জালৰ মাজত। ইয়াৰোপৰি ঔষধৰ গুদামত পোৱা গৈছে ম্যাদ উকলি যোৱা দৰৱ৷ মুঠৰ ওপৰত বহু লাখ টকীয়া DJ জেনেৰেটৰকে আদি কৰি চিকিৎসালয় খনৰ প্ৰায়বোৰ দৰকাৰী সামগ্ৰী এতিয়া ধ্বংসৰ গৰাহত।

Intro:একপ্ৰকাৰ ডাষ্টবিনলৈ পৰিণত হিমন্তৰ স্বাস্থ্য বিভাগৰ এখন চিকিৎসালয়। Body:: নগাঁও জিলাৰ চামগুৰিৰ শিঙীয়া অঞ্চলৰ এখন প্ৰাৰ্থমিক চিকিৎসালয়ে উদঙাইছে ৰাজ্যৰ স্বাস্থ্য বিভাগৰ ফোপোলা স্বৰূপ। চিকিৎসালয় খন এতিয়া পৰিণত হৈছে ডাষ্টবিনলৈ।চামগুৰিৰ বৃহত্তৰ শিঙীয়া অঞ্চলকে আদি কৰি বহু কেইখন ভিতৰুৱা গাঁৱৰ ৰাইজৰ সুবিধাৰ্থে 2010 চনতে স্থাপন কৰা এই চিকিৎসালয় খনৰ অৱস্থা দেখিলে চকু কপালত উঠিব। প্ৰথম অৱস্থাত থিকেই আছিল চিকিৎসালয় খন। কিন্তু দিন বাগৰাৰ লগে লগে বিভাগৰ হেমাহিৰ বাবে সকলো জহি খহি যোৱাৰ উপক্ৰম হৈছে। চামগুৰিৰ PHC ৰ অন্তৰ্গত এই হস্পিতাল খনত সপ্তাহটোত এদিনৰ বাবে নিয়োগ কৰা হৈছে মাত্ৰ এজন ডাক্তৰ। লেবৰটেৰিৰ সকলো সুবিধা আছিল যদিও হস্পিতাল খনৰ দুৱাৰদলি দেখি নোপোৱা টেকনিছিয়ান জনক অৱশেষত নিলম্বন কৰা হৈছে বুলি জানিব দিয়ে স্থানীয় ৰাইজে। এগৰাকী ফাৰ্মাচিষ্ট, এগৰাকী নাৰ্চ আৰু দুজন মান সাধাৰণ কৰ্মচাৰীৰ ওপৰত সকলো দায়িত্ব দি চামগুৰি PHC ৰ SDMHO জেৰিনা বেগমে দায়িত্ব সামৰিছে বুলি ৰাইজে আক্ষেপ প্ৰকাশ কৰে। বহু চৰকাৰী ধন খৰছ কৰি ৰাইজৰ সুবিধাৰ বাবে চিকিৎসালয় খন অঞ্চলটোত দিয়া হৈছিল যদিও চামগুৰিৰ PHC ৰ পৰিচালিকা গৰাকীৰ দায়িত্ব জ্ঞান হীনতাৰ বাবে ৰাইজ উপকৃত হব পৰা নাই। ডাক্তৰ নাৰ্চৰ বাবে বনোৱা কোৰ্ৱাটাৰ সমূহত বিশ্ৰাম লয় এতিয়া গৰু ছাগলীয়ে। অস্কিজেন চিলিণ্ডাৰ, বিছনা, পৰীক্ষা কৰা অন্যান্য সামগ্ৰী আৰু বহু দৰকাৰী সামগ্ৰী পোট গৈছে লেতেৰা আবৰ্জনা আৰু মকৰা জালৰ মাজত। তাৰোপৰি ঔষধৰ গুদামত পোৱা গৈছে ম্যাদ উকলি যোৱা দৰব। মুঠৰ ওপৰত বহু লাখ টকীয়া DJ জেনেৰেতৰকে আদি কৰি চিকিৎসালয় খনৰ প্ৰায় বোৰ দৰকাৰী সামগ্ৰী এতিয়া ধ্বংসৰ গৰাহত।
Bite: Public
______;;;;;__________________
নগাঁৱৰ পৰা ৰকিবুল ওৱাহিদ, ই টি ভি ভাৰত অসম
26/7/19Conclusion:
Last Updated : Jul 26, 2019, 3:05 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.