নগাঁও,5 মে'ঃ লক্ ডাউনৰ মাজতে নগাঁও আৰক্ষীয়ে উদযাপন কৰিলে এগৰাকী অকলশৰীয়া বৃদ্ধৰ জন্মদিন ৷ দেশত চলি থকা লক্ ডাউনৰ বাবে নগাঁৱৰ হয়বৰগাঁও কে পি আগৰৱাল নামৰ বৃদ্ধ লোকজনৰ একমাত্ৰ পুত্ৰ দিল্লীত আৱদ্ধ হৈ আছে ৷ সেয়ে সোমবাৰে বৃদ্ধ গৰাকীৰ 78 সংখ্যক জন্মদিন উপলক্ষে বৃদ্ধ জনৰ কাষত থিয় হ'ল নগাঁও আৰক্ষী ৷ অকলশৰীয়া বৃদ্ধ গৰাকীৰ ঘৰৰ প্ৰৱেশ দ্বাৰৰ সমুখত ৰৈ এক ব্যতিক্ৰম ধৰণে জন্মদিনৰ শুভকামনা জনালে নগাঁও আৰক্ষীয়ে ৷
আৰক্ষীৰ এনে মহানুভৱতা দেখি আৱেগিক হৈ পৰে অকলশৰীয়া বৃদ্ধ গৰাকী ৷ আৰক্ষীসকলৰ এনে মৰম কেতিয়াও নাপাহৰে বুলি ব্যক্ত কৰে বৃদ্ধ গৰাকীয়ে ৷