চামগুৰি, 14 মাৰ্চ : দীৰ্ঘদিন ধৰি নগাঁৱৰ বিভিন্ন ঠাইত চোৰে লুটপাত চলাই আহিছে যদিও চোৰক নাকি লগাবলৈ সক্ষম হোৱা আৰক্ষী ৷ কেৱল নিশায়ে নহয় দিনৰ পোহৰতো ঘৰে ঘৰে চোৰে চলাই গৈছে চাফাই অভিযান(Rise in theft cases in Nagaon) ৷
উল্লেখ্য যে, নগাঁৱত অব্যাহত থকা চুৰিৰ ঘটনা সমূহ মাৰ নৌ যাওঁতেই সোমবাৰে নিশা নগাঁৱৰ দক্ষিণ হয়বৰগাঁৱৰ নিবাসী পুস্পেন্দ্ৰ মহন্ত নামৰ এজন লোকৰ ভাড়াঘৰত সংঘটিত হয় চুৰিকাণ্ড ৷ ঘৰত গৃহস্থ নথকাৰ সুযোগ লৈ চোৰে লুটি নিলে মূল্যৱান আ-অলংকাৰ (Thief in Nagaon) ৷
জানিব পৰা মতে,দুদিন ধৰি ঘৰটোত নাছিল কোনো এজন সদস্য ৷ ইফালে চুৰিকাণ্ড প্ৰত্যক্ষ কৰি গৃহস্থই খবৰ দিয়ে আৰক্ষীক ৷ আৰক্ষীক ঘটনা সন্দৰ্ভত অৱগত কৰাৰ পিছতেই আৰম্ভ কৰে তদন্ত ৷
আনহাতে, সোমবাৰে দিন দুপৰতে নগাঁৱৰ নতুন বজাৰত ব্যৱসায়িক প্ৰতিষ্ঠানত চোৰ কৰিব আহি হাতে-লোটে ধৰা পৰিল এটা গভাইত চোৰ । ইতিমধ্যে ৰাইজে চোৰটোক লপা-থপা দি গতাই দিয়ে আৰক্ষীক । এক প্ৰকাৰে যেন নগাঁৱত চুৰিকাণ্ড ৰোধ কৰাত ব্যৰ্থ হৈছে আৰক্ষী ।
লগতে পঢ়ক : Police Firing in Nagaon : নগাঁৱত পুনৰ গৰজিল আৰক্ষীৰ বন্দুক