ETV Bharat / state

ড্ৰাগছৰ বিৰুদ্ধে নগাঁও আৰক্ষীৰ তীব্রতৰ অভিযান

author img

By

Published : Jun 1, 2022, 10:30 PM IST

ড্ৰাগছৰ বিৰুদ্ধে নগাঁও আৰক্ষীয়ে অব্যাহত ৰাখিছে অভিযান(Anti Drugs Mission at Nagaon) ৷ জুৰীয়া আৰক্ষীয়ে ড্ৰাগছ বিৰোধী অভিযানত লাভ কৰে সফলতা । অভিযানত জব্দ ড্ৰাগছ, আটক কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰী ।

nagaon-police-drive-against-drugs
ড্ৰাগছৰ বিৰুদ্ধে নগাঁও আৰক্ষীৰ তীব্রতৰ অভিযান

নগাঁও, 1 জুন : আৰক্ষী অধীক্ষক লীনা দলেৰ (Nagaon SP Leena Doley)নেতৃত্বত সমগ্ৰ জিলাখনতে নগাঁও আৰক্ষীয়ে অব্যাহত আছে ড্ৰাগছ বিৰোধী অভিযান(Anti Drugs Mission at Nagaon) । নগাঁৱক ড্ৰাগছমুক্ত কৰাৰ লক্ষ্যৰে ড্ৰাগছৰ বিৰুদ্ধে দিনক দিনে অধিক কঠোৰ হৈছে নগাঁও আৰক্ষী(Nagaon police drive against drugs) ।

এইবাৰ নগাঁৱৰ জুৰীয়া আৰক্ষীয়েও ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই লাভ কৰে সফলতা । এক গোপন সূত্ৰৰ খবৰৰ ভিত্তিত জুৰীয়া আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া অদিথ বড়োৰ নেতৃত্বত আৰক্ষীৰ এটা দলে বুধবাৰে অভিযান চলাই বাটমাৰী অঞ্চলত । জুৰীয়া আৰক্ষীৰ এই অভিযানতেই অঞ্চলটোৰ আব্দুল ৰেজ্জাক নামৰ এটা কুখ্যাত ড্ৰাগছ ব্যৱসায়ীৰ ঘৰত তালাচী চলাই বুজন পৰিমাণৰ ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হয়(Drug dealer arrested in Nagaon) ৷

অভিযানকাৰী আৰক্ষীৰ দলটোৱে ধৃত আব্দুল ৰেজ্জাকে নিজৰ বাসগৃহৰ বিভিন্ন গোপন স্থানত লুকুৱাই ৰখা ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হয় । অভিযানত ড্ৰাগছ ব্যৱসায়ৰ সৈতে জড়িত আব্দুল ৰেজ্জাককো আটক কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে ৷ লগতে ড্ৰাগছ সৰবৰাহত ব্যৱহাৰ কৰা এখন মটৰ চাইকেলৰ উপৰিও মোবাইল হেণ্ডছেট জব্দ কৰে ।

আৰক্ষী সূত্ৰই প্ৰকাশ কৰা মতে, দীৰ্ঘদিনৰ পৰাই আব্দুল ৰেজ্জাকে অঞ্চলটোত চলাই গৈছিল ড্ৰাগছৰ ব্যৱসায় । ধৃত ড্ৰাগছ ব্যৱসায়ী আব্দুল ৰেজ্জাকক অধিক তথ্যৰ বাবে সম্প্ৰতি জেৰা অব্যাহত ৰাখিছে নগাঁও আৰক্ষীয়ে । আৰক্ষী অধীক্ষক লীনা দলেই নগাঁৱত যোগদান কৰাৰ পিছৰে পৰা ড্ৰাগছকে ধৰি বিভিন্ন অপৰাধীৰ বিৰুদ্ধে অভিযান অধিক তীব্ৰতৰ কৰি তুলিছে নগাঁও আৰক্ষীয়ে । নগাঁও আৰক্ষীৰ এই অপৰাধ বিৰোধী অভিযানত সম্পূৰ্ণ সহযোগ কৰি আহিছে অতিৰিক্ত আৰক্ষী অধীক্ষক (সদৰ) ধ্ৰুৱ বৰাই ।

লগতে পঢ়ক : ৰঙাপৰাত গাঞ্জাসহ এগৰাকী মহিলাক আটক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.