নগাঁও, 12 ফেব্ৰুৱাৰী : নাৰী দেহৰ ৰমৰমীয়া ব্যৱসায় আৰু নিচাযুক্ত দ্ৰব্যৰ ঘাটিলৈ পৰিণত হৈছে নগাঁও জিলা ৷ ক্ৰমাগত ভাবে নগাঁৱত বৃদ্ধি পাইছে নাৰী দেহ ব্যৱসায়ৰ ঘটনা ৷ এইবাৰ নগাঁৱৰ মাজৰআটি চাৰিআলিৰ পৰা উৎখাত কৰা হ'ল এটি নাৰীদেহ ব্যৱসায়ী চক্ৰ (sex racket busted at Nagaon)। উল্লেখ্য যে, মাজৰআটি চাৰিআলিত ঘৰ ভাড়াতলৈ চীনাপট্টিৰ বিকি আহমেদ নামৰ যুৱকজনে চিমি নাথ নামৰ এগৰাকী মহিলাৰ সহযোগত চলাইছিল এই নাৰীদেহৰ ব্যৱসায় ।
ইয়াৰ পিছতে স্থানীয় লোকৰ অভিযোগৰ ভিত্তিত নগাঁও সদৰ থানাৰ SI জোনমণি ৰাভাৰ নেতৃত্বত যোৱা আৰক্ষীৰ দলে ভাড়া ঘৰৰ ভিতৰত অসংযত অৱস্থাত উদ্ধাৰ কৰে কেইবাগৰাকীও যুৱক -যুৱতীক(Nagaon police bust a sex racket) ৷ উল্লেখ্য যে, এই অসাধু ব্যৱসায়ী চক্ৰটোৰ লগতে আৰক্ষীয়ে অসাধু চক্ৰটোৰ পৰা কেইবাটাও ড্ৰাগছৰ খালী কন্টেনাৰৰ লগতে বহু আপত্তি জনক সামগ্ৰী জব্দ কৰিবলৈ সক্ষম হয়(Drug seized by Nagaon police) ৷
শেহতীয়াকৈ নগাঁও চহৰৰ একাধিক স্থানত আৰক্ষীয়ে নাৰী দেহ ব্যবসায়ৰ ঘাটি উৎখাত কৰিবলৈ সক্ষম হৈছে (sex racket busted by Nagaon police) উল্লেখ্য নগাঁও চহৰত ব্যাপক হাৰত নাৰী দেহৰ অবৈধ ব্যৱসায় ব্যাপক হাৰত বৃদ্ধি পাইছে ৷ ধাবা , হোটেল , ভাড়া ঘৰ আদিত ব্যাপক হাৰত চলি আহিছে এই অবৈধ ব্যৱসায় ৷ যাৰ ফলত চহৰখনত অস্বাভাবিক ভাবে বৃদ্ধি পাইছে এইড্ছ আক্ৰান্তৰ সংখ্যা ৷
লগতে পঢ়ক : কলহভাঙ্গাত ৰাইজৰ দ্বাৰা নাৰীদেহৰ ঘাটি উৎখাত