নগাঁও , 4 ফেব্ৰুৱাৰী : দৰিদ্ৰ কৃষকৰ সাৰ এতিয়া বিক্ৰী হৈছে ক'লা বজাৰত । কিয়নো মধ্য অসমত চলি আছে দুখীয়া কৃষকলৈ অহা চৰকাৰী সাৰৰ কলা বেহা ৷ নগাঁৱৰ হয়বৰগাঁও আৰক্ষীৰ এক অভিযানত পোহৰলৈ আহিছে এই তথ্য ।
বৃহস্পতিবাৰে নগাঁৱৰ হয়বৰগাঁও আৰক্ষী চকীৰ আৰক্ষীয়ে চলোৱা এক অভিযানত বৃহৎ পৰিমানৰ চৰকাৰী সাৰসহ তিনিজনকৈ ব্যৱসায়ীক আটক কৰিবলৈ সক্ষম হয়(Illigal trading of Fertilizer in Nagaon) । নগাঁৱৰ হয়বৰগাওঁ আৰক্ষীৰ এটা চলোৱা অভিযানত জব্দ কৰা হয় প্ৰায় ত্ৰিশ বেগ চৰকাৰী ভাৱে যোগান ধৰা ইউৰিয়া সাৰ ৷ লগতে সাৰৰ এই ক'লা ব্যৱসায়ৰ লগত জড়িত মৈৰাবাৰীৰ আছিকুল ইছলাম , তাজনুল ইছলাম আৰু ধিঙৰ আবু হানিফ নামৰ তিনি যু্ৱকক আটক কৰে আৰক্ষীয়ে ৷
জানিব পৰা মতে এখন যাত্ৰীবাহী ষ্টাৰ বাছত মৈৰাৱাৰীৰ পৰা ডিমাপুৰলৈ অভিমূখে এই লোক তিনিজনে সাৰখিনি সৰবৰাহৰ চেষ্টা চলাইছিল ৷ কিন্তু হয়বৰগাঁও আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া তৰংগ পাটোৱাৰীয়ে গোপন খৱৰৰ ভিত্তিত চলোৱা অভিযানত যাত্ৰীবাহী ষ্টাৰ বাছখনত তালাচী চলাই জব্দ কৰে চৰকাৰী সাৰখিনি(Subsidised urea seized in Nagaon) । এই চোৰাং ব্যৱসায়ী চক্ৰটোয়ে দীৰ্ঘদিন ধৰি কৃষকৰ বাবে যোগান ধৰা চৰকাৰী ইউৰিয়া সাৰ মৰিগাঁও আৰু নগাঁও জিলাৰ পৰা গোপনে সৰবৰাহ কৰি আহিছিল ডিমাপুৰলৈ ৷
দৰিদ্ৰ কৃষকৰ নামত চৰকাৰে কৃষি বিভাগৰ জৰিয়তে সাৰৰ যোগান ধৰি আহিছে যদিও প্ৰকৃততে ৰাজ্যৰ কৃষকসকল চৰকাৰী সাৰ লাভ কৰাৰ পৰা বঞ্চিত হোৱাৰ প্ৰায়েই অভিযোগ উত্থাপন হৈ আহিছে । এনে সময়তে চৰকাৰী সাৰ কৃষকক প্ৰদান কৰাৰ বিপৰীতে এটা চক্ৰই গঢ়ি তোলা ক'লা ব্যৱসায়ৰ সৈতে চৰকাৰী একাংশ বিষয়া জড়িত থকাৰো সন্দেহ প্ৰকাশ কৰা হৈছে ৷
লগতে পঢ়ক : নগাঁৱৰ ৰণথলীত উদ্ধাৰ দুটাকৈ সন্দেহজনক বোমা