ETV Bharat / state

Nagaon Medical college: ৰোগী সেৱাৰ বাবে সাজু হৈ উঠিছে নগাঁও চিকিৎসা মহাবিদ্যালয়

author img

By

Published : Jan 27, 2023, 11:01 PM IST

অতি শীগ্ৰেই নগাঁওবাসীয়ে লাভ কৰিব এটা ভাল খবৰ । কম সময়ৰ ভিতৰতেই মুকলি হ'ব নগাঁও চিকিৎসা মহাবিদ্যালয় । মুকলিৰ বাবে প্ৰায় সাজু নগাঁও চিকিৎসা মহাবিদ্যালয় । ইতিমধ্যেই প্ৰাৰম্ভিকভাৱে মুকলি হৈছে চিকিৎসা মহাবিদ্যালয়ৰ বহিঃবিভাগ (OPD in Nagaon Medical college) ৷

Nagaon Medical college to be start soon
সাজু হৈ উঠিছে নগাঁও চিকিৎসা মহাবিদ্যালয়

নগাঁও, 27 জানুৱাৰী: সকলো অপেক্ষাৰ অন্ত পেলাই মুকলি হোৱাৰ পথত নগাঁও চিকিৎসা মহাবিদ্যালয় । নগাঁৱৰ ম'হখুলিত নিৰ্মাণ কাৰ্য প্ৰায় সম্পূৰ্ণ হৈছে নগাঁও চিকিৎসা মহাবিদ্যালয়ৰ । নগাঁৱৰ পৰা উন্নত চিকিৎসাৰ বাবে জৰুৰীকালীন বহু ৰোগী প্ৰেৰণ কৰিবলগীয়া হয় গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ (Medical lacks in Nagaon)। আনকি নগাঁৱৰ একাংশ ব্যক্তিগত নাৰ্ছিং হোমত ভৰ্তি হ’বলৈও সামৰ্থ নাথাকে একাংশ দৰিদ্ৰ পৰিয়ালৰ ৰোগীৰ । যাৰ বাবে নগাঁৱত এখন উন্নত চিকিৎসালয়ৰ প্ৰয়োজন বাৰুকৈ উপলব্ধি কৰি আহিছে নগাঁওবাসীয়ে (Nagaon Medical college to be start soon)।

কিন্তু শেহতীয়াকৈ নগাঁৱৰ ম'হখুলিত নিৰ্মাণ কাৰ্য চলি থকা নগাঁও চিকিৎসা মহাবিদ্যালয় এতিয়া প্ৰায় সম্পূৰ্ণ হোৱাৰ পথত । কম সময়ৰ ভিতৰতে নগাঁও মেডিকেল কলেজৰ শুভাৰম্ভ কৰিবলৈ যুদ্ধকালীন প্ৰস্তুতি চলাইছে ৰাজ্যৰ স্বাস্থ্য বিভাগে । ম'হখুলিস্থিত নিৰ্মীয়মান নগাঁও মেডিকেল কলেজৰ আৰম্ভণিৰ পূৰ্বে প্ৰথমে প্ৰসূতি বিভাগ আৰম্ভ কৰা হৈছিল । নিৰ্মাণকাৰ্য সম্পূৰ্ণ হোৱাৰ দিশে গতি কৰাৰ লগে লগে চিকিৎসা মহাবিদ্যালয়খনৰ এটা এটা কক্ষ মুকলি কৰিবলৈ আৰম্ভ কৰিছে স্বাস্থ্য বিভাগে (Nagaon Medical college ready for service)।

শেহতীয়াকৈ ম'হখুলিস্থিত নগাঁও চিকিৎসা মহাবিদ্যালয়ৰ বহিঃ বিভাগ মুকলি কৰিছে স্বাস্থ্য বিভাগে (OPD in Nagaon Medical college)। অৱশ্যে আনুষ্ঠানিকভাৱে নগাঁও চিকিৎসা মহাবিদ্যালয়ৰ বহিঃ বিভাগ মুকলি কৰা নাই যদিও প্ৰাৰম্ভিকভাৱে মুকলি কৰি আগবঢ়োৱা হৈছে স্বাস্থ্য সেৱা । নগাঁও মেডিকেল কলেজৰ স্বাস্থ্য সেৱা লাভ কৰিবলৈ পুৱাৰ পৰাই ভিৰ কৰে নগাঁৱৰ বিভিন্ন প্ৰান্তৰ ৰোগীয়ে (Nagaon Medical College updates)।

ইতিমধ্যে নগাঁও মেডিকেল কলেজৰ বাবে নিয়োগ কৰা হৈছে অধ্যক্ষও । জ্যেষ্ঠ চিকিৎসক ডাঃ শিল্পীৰাণী বৰ্মনক ইতিমধ্যে নগাঁও চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ হিচাপে নিযুক্তি দিয়া হৈছে । নগাঁও চিকিৎসা মহাবিদ্যালয় মুকলিৰ বাবে প্ৰায় সাজু হৈছে যদিও এতিয়া অপেক্ষা কৰিবলগীয়া হৈছে ৰাষ্ট্ৰীয় চিকিৎসা আয়োগৰ অনুমতিৰ বাবে । ৰাষ্ট্ৰীয় চিকিৎসা আয়োগৰ অনুমতি লাভ কৰাৰ পিচতেই মুকলি কৰা হ'ব নগাঁও মেডিকেল কলেজ ।

বিগত কংগ্ৰেছ চৰকাৰৰ শেষৰটো কাৰ্যকালতে নগাঁৱৰ ম'হখুলিত আধাৰশিলা স্থাপন কৰিছিল নগাঁও মেডিকেল কলেজৰ । নগাঁও মেডিকেল কলেজ নিৰ্মাণৰ বাবে ৬ শ কোটিৰো অধিক টকা ব্যয় হ'ব বুলি জানিব পৰা গৈছে । এই চিকিৎসা মহাবিদ্যালয়খন আৰম্ভ হ’লে মধ্য অসমৰ লোকসকলে চিকিৎসা সেৱাৰ ক্ষেত্ৰত ডাঙৰ সকাহ পাব ৷

লগতে পঢ়ক: Royal wedding: এখন বিশেষ বিয়াই চেহেৰা সলনি কৰিলে এখন গাঁৱৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.