ETV Bharat / state

Illicit Love Affair: ৰাজপথতে দুই পত্নীৰ মাজত দুৰ্বাদল কাজিয়া, মূৰ ফাটিল আজমলৰ - nagaon man attacked by two wife

দুই পত্নী আৰু স্বামীৰ মাজত হোৱা কাজিয়াত ৰণথলিলৈ পৰিণত হ’ল নগাঁৱৰ ৰাজপথ ৷ প্ৰথমা পত্নীৰ অজ্ঞাতে দ্বিতীয় বিবাহ কৰাই পলাবলৈ চেষ্টা কৰোঁতেই আজমল হুছেইন নামৰ লোকজন পৰিল প্ৰথমা পত্নীৰ জালত ৷ ইয়াৰ পিছতেই আৰম্ভ হ’ল দুৰ্বাদল কাজিয়া ৷

Illicit Love Affair
ৰাজপথতে দুই পত্নীৰ মাজত দুৰ্বাদল কাজিয়া, মূৰ ফাটিল আজমলৰ
author img

By

Published : Jan 7, 2023, 7:42 PM IST

ৰাজপথতে দুই পত্নীৰ মাজত দুৰ্বাদল কাজিয়া, মূৰ ফাটিল আজমলৰ

নগাঁও, 7 জানুৱাৰী: এজন স্বামীক লৈ দুই পত্নীৰ মাজত শনিবাৰে হোৱা মাৰপিটৰ ঘটনাত উত্তাল হ’ল নগাঁৱৰ ৰাজপথ(wife attacked husband in Nagaon) ৷ এগৰাকী পত্নীৰ আক্ৰমণত মূৰ ফাটিল স্বামীৰ ৷ সম্প্ৰতি আৰক্ষীৰ জালত দুই পত্নী আৰু লম্পট স্বামী ৷

উল্লেখ্য যে, আজমল হুছেইন নামৰ নগাঁও চহৰৰ ভূঁঞাপট্টিৰ পঞ্চাশ বছৰীয়া ব্যক্তিগৰাকীয়ে প্ৰথমা পত্নীৰ অজ্ঞাতে কিছুদিন পূৰ্বে বিবাহপাশত আবদ্ধ হৈছিল জুৰীয়াৰ এগৰাকী কম বয়সীয়া বিবাহিতা মহিলাৰ সৈতে ৷ প্ৰথমা পত্নীৰ অজ্ঞাতে বিবাহ সম্পন্ন কৰি দ্বিতীয়া পত্নীৰ সৈতে আত্মগোপন কৰি আছিল আজমল হুছেইন(Illicit love affair) ৷ পিছে, দিন বেয়া আছিল আজমলৰ ৷ দ্বিতীয়া পত্নীক লৈ যোৰহাটলৈ পলায়নৰ চেষ্টা কৰোঁতেই আজমল ধৰা পৰিল প্ৰথমা পত্নীৰ হাতত ৷

ইয়াৰ পিছতেই ৰণক্ষেত্ৰত পৰিণত হ’ল নগাঁৱৰ ৰাজপথ ৷ আৰম্ভ হ’ল আজমলৰ সৈতে প্ৰথমা পত্নীৰ দুৰ্বাদল কাজিয়া( Nagaon wife husband conflict) ৷ দ্বিতীয়া পত্নীৰ সৈতে আজমলক ধৰা পেলাই লপা-থপা দিয়ে প্ৰথমা পত্নীয়ে ৷ নগাঁও চহৰৰ মাৰোৱাৰীপট্টিৰ সমীপত সংঘটিত হয় এই ঘটনা ৷ কেৱল স্বামী আজমলক প্ৰহাৰ কৰাই নহয়, আজমলৰ দ্বিতীয়া পত্নীকো আক্ৰমণৰ লক্ষ্য কৰিলে প্ৰথমা পত্নীয়ে ৷ লগে লগেই নগাঁৱৰ ৰাজপথত ভিৰ কৰিলেহি বহু সংখ্যক লোকে ৷ তাৰ পিছতো চলি থাকিল তিনিওৰে কাজিয়া ৷

আজমলক প্ৰহাৰ কৰাৰ পিচত আৰম্ভ হ’ল দুই পত্নীৰ মাজত কাজিয়া(conflict between two wife in Nagaon) ৷ প্ৰথমা পত্নীয়ে দ্বিতীয়া পত্নীকো দিলে লপা-থপা ৷ এনেদৰেই বহুপৰ ধৰি চলি থাকিল কাজিয়া ৷ পথৰ মানুহে প্ৰথমাৱস্থাত কেৱল চাই ৰ’ল নীৰৱ দৰ্শক হিচাপে ৷

কিন্তু কিছুপৰ পিছত পৰিস্থিতিয়ে ল’লে অন্যৰূপ ৷ দ্বিতীয়া পত্নী আঘাতপ্ৰাপ্ত হোৱাৰ পিছতে আজমলে আক্ৰমণ কৰিবলৈ আৰম্ভ কৰিলে প্ৰথমা পত্নীক ৷ ইয়াৰ পিছতেই কাজিয়া চাই ৰোৱা একাংশ লোকে এইবাৰ আক্ৰমণৰ লক্ষ্য কৰি ল’লে লম্পট আজমল হুছেইনক ৷ আজমল হুছেইনক প্ৰচণ্ড চৰ আৰু গোৰ সোধালে বহুলোকে ৷

অৱশেষত ঘটনাস্থলীত উপস্থিত হ’লহি নগাঁও আৰক্ষী(Nagaon Police) ৷ ইয়াৰ পিচতেই লম্পট আজমল হুছেইন আৰু তেওঁৰ দুই পত্নীক আটক কৰি লৈ গ’ল আৰক্ষীয়ে ৷ সম্প্ৰতি সমগ্ৰ বিষয় নগাঁও আৰক্ষীৰ বিচাৰাধীন ৷

লগতে পঢ়ক: Assam Woman in Pak Jail: কোন কাবুলিৱালাৰ সৈতে আফগানিস্তানলৈ যোৱাৰ পৰিকল্পনা আছিল ৱাহিদাৰ ?

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.