ETV Bharat / state

Flood in Assam: বানাক্ৰান্তক সহায় নগাওঁ উকীল সন্থাৰ

author img

By

Published : Jul 4, 2022, 12:22 PM IST

ৰাজ্য়ৰ বান পৰিস্থিতি কিছু উন্নত হ'লেও দুখ-দুৰ্দশা আঁতৰা নাই বানাক্ৰান্তৰ । ৰাজ্য়ৰ আন জিলাৰ লগতে নগাঁৱতো এতিয়াও অস্থায়ী আশ্ৰয় শিবিৰত থাকিব ল'বলগীয়া হৈছে শ শ পৰিয়ালে । ইয়াৰ মাজতে বানাক্ৰান্তক সহায়ৰ বাবে আগবাঢ়ি আহিল নগাঁও উকীল সন্থা (Nagaon lawyers association distributed flood relief)।

nagaon
Flood in Assam:বানাক্ৰান্তক সহায় নগাওঁ উকীল সন্থাৰ

নগাওঁ,৪ জুলাই:বাৰিষাৰ আৰম্ভণিতে হোৱা দুটাকৈ প্ৰলয়ংকৰী বানে ব্যাপক ক্ষতিসাধন কৰিছে মধ্য অসমত (Flood massive damage in Assam)। মধ্য অসমৰ বিশেষকৈ নগাঁও জিলাৰ কেইবাশতাধিক গাওঁ বানৰ কৱলত পৰাত ৰাইজৰ নাজল-নাথল অৱস্থা হৈছে । সম্প্ৰতি নগাঁৱৰ বান পৰিস্থিতি কিছু উন্নত হ'লেও দুখ-দুৰ্দশা আঁতৰা নাই বানাক্ৰান্তৰ । এতিয়াও অস্থায়ী শিবিৰত আশ্ৰয় ল'বলগীয়া হৈছে শ শ পৰিয়ালে । বহু পৰিয়াল নিজৰ ঘৰলৈ উভতিছে যদিও সম্প্ৰতি ভুগিবলগীয়া হৈছে তীব্ৰ খাদ্য সংকটত।

জিলাখনৰ আশ্ৰয় শিবিৰত থকা পৰিয়ালৰ মাজত দেখা দিছে তীব্ৰ খাদ্য সংকটে । জিলা প্ৰশাসনে সাহাৰ্য প্ৰদান কৰিছে যদিও সেয়া পৰ্যপ্ত নহয় বুলিও অভিযোগ উত্থাপিত হৈছে । আনকি নগাঁও জিলাৰ ৰহা, কামপুৰৰ বানাক্ৰান্তই খাদ্য আৰু বিশুদ্ধ খোৱাপানীৰ বাবে হাহাকাৰ কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে । এনে সময়তে জিলাখনৰ বানাক্ৰান্তৰ কাষত থিয় হৈছে বিভিন্ন বেচৰকাৰী সন্থা,দল সংগঠন।

জিলাখনৰ বানাক্ৰান্তক সহায়ৰ বাবে আগবাঢ়ি আহিছে নগাঁও উকীল সন্থা (Nagaon lawyers association distributed flood relief)। নগাওঁ উকীল সন্থাৰ সভাপতি আবুল হাচেম খন্দকাৰৰ প্ৰচেষ্টাত নগাওঁ উকীল সন্থাই নাৱেঁৰে বানাক্ৰান্ত অঞ্চল পৰিভ্ৰমণ কৰাৰ উপৰি বানাক্ৰান্তক আগবঢ়াই সহায়ৰ হাত । ৰহাৰ তিনিখুঁটি, টুবুকি বৰডুবি, দক্ষিণ জাগিয়াল আদি অঞ্চলৰ উপৰি কামপুৰ ৰাজহ চক্ৰৰ তেতেলীসৰা, কলাইখোৱা, নিজ কামপুৰ এলেকাত উপস্থিত হৈ বানাক্ৰান্তৰ মাজত সাহাৰ্য বিতৰণ কৰা বুলি নগাঁও উকীল সন্থাই সদৰি কৰিছে । নগাঁও উকীল সন্থাৰ সভাপতি আবুল হাচেম খন্দকাৰ, সম্পাদক অজিত কুমাৰ বৰা, জ্যেষ্ঠ সদস্য মহেশ চন্দ্ৰ দাস, সহকাৰী সম্পাদক আবু বক্কৰ ছিদ্দিক আৰু সদস্য পংকজ হাজৰিকা, কঙ্কন বৰুৱা, অনুপম গোস্বামী, পংকজ কলিতাই বানাক্ৰান্তৰ মাজত বান সাহাৰ্য বিতৰণ কৰা বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক: গাভৰুৰ ভয়ংকৰ ৰূপ: ঢেকিয়াজুলিৰ মেঘাই জাৰনিত চিগিল মথাউৰি

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.