ৰূপহীহাট,18জুন : ৰাজ্যত এতিয়া গণনা কৰি শেষ কৰিব নোৱাৰি ৱেব পৰ্টেলৰ সংখ্যা ৷ সাংবাদিকতাৰ কোনো শিক্ষা গ্ৰহণ নকৰা ব্যক্তিয়েও সাংবাদিক হোৱা দেখা যায় বৰ্তমান সময়ত ৷ এই সাংবাদিক সকলে সাংবাদিকতাৰ কোনো গঠনমূলক নিয়ম নামানি খবৰ সংগ্ৰহ কৰাৰ লগতে বহু অনৈতিক কাৰ্যতো লিপ্ত হোৱাৰ তথ্যও লাভ কৰা যায় ৷ তেনে এক ঘটনাই সংঘটিত হৈছে নগাঁও জিলাৰ ৰূপহীহাটৰ জুৰীয়াত ৷ ছ'চিয়েল মিডিয়া তথা এটা ৱেব পৰ্টেলৰ এজন সাংবাদিকৰ এক কাৰ্যই কালিমা সানিলে সাংবাদিকতাত ৷ সাংবাদিকজন হৈছে নগাঁও জিলাৰ ৰূপহীহাটৰ জুৰীয়াৰ আবু খায়েৰ ৷ সাংবাদিক জনে নিজৰ খুলশালীৰ জীয়ৰীক যৌন নিৰ্যাতন চলোৱাৰ এক অভিযোগ উত্থাপন হৈছে ৷ যাৰ বাবে আৰক্ষীয়ে বৃহস্পতিবাৰে নিশা আটক কৰে সাংবাদিক জনক ৷
উল্লেখ্য যে, বিগত সময়ছোৱাত বৃহত্তৰ জুৰীয়া অঞ্চলত সংবাদ সেৱাৰ নামত সাধাৰণ জনতাক দাবী- ধমকিৰে এক প্ৰকাৰ হাৰাশাস্তি কৰি অহাৰো অভিযোগ উত্থাপন হৈছে সাংবাদিক জনৰ বিৰুদ্ধে ৷ ইপিনে ভুক্তভোগী পৰিয়ালৰ লোকে বৰ্তমানেও এই ঘটনা সন্দৰ্ভত প্ৰকাশ কৰা নাই কোনো তথ্য ৷ পৰিয়ালৰ ভাষ্য অনুসৰি, অঞ্চলটোৰে সাংবাদিক আবু খায়েৰ আৰু ছোৱালীজনী কিছু দিন ধৰি নিখোজ হৈ আছিল ৷ নিখোজ হৈ থকাৰ বাবেই সাংবাদিক জনৰ ওপৰত এজাহাৰ দাখিল কৰা বুলি পৰিয়ালৰ লোকে প্ৰকাশ কৰে যদিও স্থানীয় ৰাইজে এই ঘটনাৰ সৈতে আন এক ৰহস্যজনক কাহিনী আছে বুলি মন্তব্য কৰে ৷
ইপিনে, সাংবাদিকৰ আগতো পৰিয়ালৰ লোকে প্ৰকৃত ঘটনা সন্দৰ্ভত অৱগত কৰাৰ পৰাৰ বিৰত থাকে ৷ পৰিয়ালৰ লোকে প্ৰকৃত ঘটনাক গাপ দিব বিচৰাৰ বাবে গাঁওবাসীয়ে কাৰোবাৰ প্ৰৰোচনাত প্ৰকৃত ঘটনাক লুকুৱাব বিচাৰিছে বুলি মন্তব্য কৰে ৷
আনহাতে, সমাজ এখনৰ চালিকা শক্তি হিচাপে পৰিচিত 'সাংবাদিক' শব্দটোত কালিমা সনা সাংবাদিক জনৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰিছে একাংশ সাংবাদিক ৷ সাংবাদিক হৈ এনে অনৈতিৰ কাৰ্য কৰাৰ বাবে ঘটনাৰ প্ৰকৃত ৰহস্য ভেদ কৰি সাংবাদিক জনৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনায় অঞ্চলটোৰ একাংশ লোকে ৷
অন্য এক খবৰৰ বাবে: ৰিপুণ বৰা আৰু ৰকিবুল হুছেইনে কংগ্ৰেছ দল ধ্বংস কৰিলে: ৰূপজ্যোতি কুৰ্মী